কুরআন - 18:29 সূরা আল-কাহফ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَقُلِ ٱلۡحَقُّ مِن رَّبِّكُمۡۖ فَمَن شَآءَ فَلۡيُؤۡمِن وَمَن شَآءَ فَلۡيَكۡفُرۡۚ إِنَّآ أَعۡتَدۡنَا لِلظَّـٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ وَإِن يَسۡتَغِيثُواْ يُغَاثُواْ بِمَآءٖ كَٱلۡمُهۡلِ يَشۡوِي ٱلۡوُجُوهَۚ بِئۡسَ ٱلشَّرَابُ وَسَآءَتۡ مُرۡتَفَقًا

আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত ৰাখিছোঁ অগ্নি, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!

আল-কাহফ সমস্ত আয়াত

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now