কুরআন - 24:58 সূরা আল-নূর অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لِيَسۡتَـٔۡذِنكُمُ ٱلَّذِينَ مَلَكَتۡ أَيۡمَٰنُكُمۡ وَٱلَّذِينَ لَمۡ يَبۡلُغُواْ ٱلۡحُلُمَ مِنكُمۡ ثَلَٰثَ مَرَّـٰتٖۚ مِّن قَبۡلِ صَلَوٰةِ ٱلۡفَجۡرِ وَحِينَ تَضَعُونَ ثِيَابَكُم مِّنَ ٱلظَّهِيرَةِ وَمِنۢ بَعۡدِ صَلَوٰةِ ٱلۡعِشَآءِۚ ثَلَٰثُ عَوۡرَٰتٖ لَّكُمۡۚ لَيۡسَ عَلَيۡكُمۡ وَلَا عَلَيۡهِمۡ جُنَاحُۢ بَعۡدَهُنَّۚ طَوَّـٰفُونَ عَلَيۡكُم بَعۡضُكُمۡ عَلَىٰ بَعۡضٖۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ

হে মুমিনসকল! তোমালোকৰ মালিকানাধীন দাস-দাসীসকল আৰু তোমালোকৰ মাজৰ যিসকলে এতিয়াও প্ৰাপ্তবয়স্কত উপনীত হোৱা নাই, সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ তিনিটা সময়ত অনুমতি গ্ৰহণ কৰে, ফজৰৰ ছালাতৰ আগত, দুপুৰীয়াৰ সময়ত যেতিয়া তোমালোকে (বিশ্ৰামৰ বাবে) সাজ-কাপোৰ খুলি থোৱা, আৰু ঈশ্বা ছালাতৰ পিছত। এই তিনিটা সময় হৈছে তোমালোকৰ গোপনীয়তাৰ সময়। এই তিনিটা সময়ৰ বাহিৰে (আন যিকোনো সময়ত বিনা অনুমতিত সিহঁতে প্ৰৱেশ কৰিলে) তোমালোকৰ আৰু সিহঁতৰো কোনো দোষ নাই। কিয়নো তোমালোকে ইজনে-সিজনৰ ওচৰলৈ অহা-যোৱা কৰাটোৱে স্বাভাৱিক। এইদৰেই আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

আল-নূর সমস্ত আয়াত

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now