Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [141-150] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَإِذۡ أَنجَيۡنَٰكُم مِّنۡ ءَالِ فِرۡعَوۡنَ يَسُومُونَكُمۡ سُوٓءَ ٱلۡعَذَابِ يُقَتِّلُونَ أَبۡنَآءَكُمۡ وَيَسۡتَحۡيُونَ نِسَآءَكُمۡۚ وَفِي ذَٰلِكُم بَلَآءٞ مِّن رَّبِّكُمۡ عَظِيمٞ

আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছিলোঁ, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল; ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।

۞وَوَٰعَدۡنَا مُوسَىٰ ثَلَٰثِينَ لَيۡلَةٗ وَأَتۡمَمۡنَٰهَا بِعَشۡرٖ فَتَمَّ مِيقَٰتُ رَبِّهِۦٓ أَرۡبَعِينَ لَيۡلَةٗۚ وَقَالَ مُوسَىٰ لِأَخِيهِ هَٰرُونَ ٱخۡلُفۡنِي فِي قَوۡمِي وَأَصۡلِحۡ وَلَا تَتَّبِعۡ سَبِيلَ ٱلۡمُفۡسِدِينَ

আৰু মুছাৰ বাবে আমি ত্ৰিশ ৰাতিৰ প্ৰতিশ্ৰুতি কৰিছিলোঁ লগতে দহ যোগ কৰি সেয়া পূৰ্ণ কৰিছিলোঁ। এইদৰে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় চল্লিশ ৰাতিত পূৰ্ণ হৈছিল। মুছাই তেওঁৰ ভাতৃ হাৰুনক কৈছিল, ‘মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা, সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা’।

وَلَمَّا جَآءَ مُوسَىٰ لِمِيقَٰتِنَا وَكَلَّمَهُۥ رَبُّهُۥ قَالَ رَبِّ أَرِنِيٓ أَنظُرۡ إِلَيۡكَۚ قَالَ لَن تَرَىٰنِي وَلَٰكِنِ ٱنظُرۡ إِلَى ٱلۡجَبَلِ فَإِنِ ٱسۡتَقَرَّ مَكَانَهُۥ فَسَوۡفَ تَرَىٰنِيۚ فَلَمَّا تَجَلَّىٰ رَبُّهُۥ لِلۡجَبَلِ جَعَلَهُۥ دَكّٗا وَخَرَّ مُوسَىٰ صَعِقٗاۚ فَلَمَّآ أَفَاقَ قَالَ سُبۡحَٰنَكَ تُبۡتُ إِلَيۡكَ وَأَنَا۠ أَوَّلُ ٱلۡمُؤۡمِنِينَ

আৰু মুছা যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত আহি উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইখন যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছোঁ আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।

قَالَ يَٰمُوسَىٰٓ إِنِّي ٱصۡطَفَيۡتُكَ عَلَى ٱلنَّاسِ بِرِسَٰلَٰتِي وَبِكَلَٰمِي فَخُذۡ مَآ ءَاتَيۡتُكَ وَكُن مِّنَ ٱلشَّـٰكِرِينَ

তেওঁ ক’লে, ‘হে মুছা! মই তোমাক মোৰ ৰিছালত আৰু বাক্যালাপৰ দ্বাৰা মানুহৰ ওপৰত নিৰ্বাচিত কৰিছোঁ; সেয়ে মই তোমাক যি প্ৰদান কৰিলোঁ সেয়া গ্ৰহণ কৰা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰীসকলৰ অন্তৰ্ভু্ক্ত হোৱা’।

وَكَتَبۡنَا لَهُۥ فِي ٱلۡأَلۡوَاحِ مِن كُلِّ شَيۡءٖ مَّوۡعِظَةٗ وَتَفۡصِيلٗا لِّكُلِّ شَيۡءٖ فَخُذۡهَا بِقُوَّةٖ وَأۡمُرۡ قَوۡمَكَ يَأۡخُذُواْ بِأَحۡسَنِهَاۚ سَأُوْرِيكُمۡ دَارَ ٱلۡفَٰسِقِينَ

আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা লিখি দিছোঁ; গতিকে সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰ মাজৰ যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাছিক্বসকলৰ বাসস্থান তোমালোকক দেখুৱাম।

سَأَصۡرِفُ عَنۡ ءَايَٰتِيَ ٱلَّذِينَ يَتَكَبَّرُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَإِن يَرَوۡاْ كُلَّ ءَايَةٖ لَّا يُؤۡمِنُواْ بِهَا وَإِن يَرَوۡاْ سَبِيلَ ٱلرُّشۡدِ لَا يَتَّخِذُوهُ سَبِيلٗا وَإِن يَرَوۡاْ سَبِيلَ ٱلۡغَيِّ يَتَّخِذُوهُ سَبِيلٗاۚ ذَٰلِكَ بِأَنَّهُمۡ كَذَّبُواْ بِـَٔايَٰتِنَا وَكَانُواْ عَنۡهَا غَٰفِلِينَ

পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এইকাৰণে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।

وَٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا وَلِقَآءِ ٱلۡأٓخِرَةِ حَبِطَتۡ أَعۡمَٰلُهُمۡۚ هَلۡ يُجۡزَوۡنَ إِلَّا مَا كَانُواْ يَعۡمَلُونَ

আৰু যিসকলে আমাৰ নিদৰ্শনসমূহক আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে সিহঁতৰ কৃতকৰ্ম বিফল হৈছে। সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।

وَٱتَّخَذَ قَوۡمُ مُوسَىٰ مِنۢ بَعۡدِهِۦ مِنۡ حُلِيِّهِمۡ عِجۡلٗا جَسَدٗا لَّهُۥ خُوَارٌۚ أَلَمۡ يَرَوۡاْ أَنَّهُۥ لَا يُكَلِّمُهُمۡ وَلَا يَهۡدِيهِمۡ سَبِيلًاۘ ٱتَّخَذُوهُ وَكَانُواْ ظَٰلِمِينَ

আৰু (স্মৰণ কৰা) মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিছিল, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো ‘হাম্বা’ (গৰুৰ দৰে) শব্দ ওলাইছিল। সিহঁতে চোৱা নাই নেকি যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিছিল আৰু সিহঁত আছিল যালিম।

وَلَمَّا سُقِطَ فِيٓ أَيۡدِيهِمۡ وَرَأَوۡاْ أَنَّهُمۡ قَدۡ ضَلُّواْ قَالُواْ لَئِن لَّمۡ يَرۡحَمۡنَا رَبُّنَا وَيَغۡفِرۡ لَنَا لَنَكُونَنَّ مِنَ ٱلۡخَٰسِرِينَ

আৰু সিহঁতে যেতিয়া অনুতপ্ত হ’ল আৰু দেখিলে যে, সিহঁতে বিপথগামী হৈ গৈছে, তেতিয়া সিহঁতে ক’লে, ‘আমাৰ প্ৰতিপালকে যদি আমাৰ প্ৰতি দয়া নকৰে আৰু আমাক ক্ষমা কৰি নিদিয়ে তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

وَلَمَّا رَجَعَ مُوسَىٰٓ إِلَىٰ قَوۡمِهِۦ غَضۡبَٰنَ أَسِفٗا قَالَ بِئۡسَمَا خَلَفۡتُمُونِي مِنۢ بَعۡدِيٓۖ أَعَجِلۡتُمۡ أَمۡرَ رَبِّكُمۡۖ وَأَلۡقَى ٱلۡأَلۡوَاحَ وَأَخَذَ بِرَأۡسِ أَخِيهِ يَجُرُّهُۥٓ إِلَيۡهِۚ قَالَ ٱبۡنَ أُمَّ إِنَّ ٱلۡقَوۡمَ ٱسۡتَضۡعَفُونِي وَكَادُواْ يَقۡتُلُونَنِي فَلَا تُشۡمِتۡ بِيَ ٱلۡأَعۡدَآءَ وَلَا تَجۡعَلۡنِي مَعَ ٱلۡقَوۡمِ ٱلظَّـٰلِمِينَ

আৰু মুছাই যেতিয়া ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিল, তেতিয়া ক’লে, ‘মোৰ অনুপস্থিতিত তোমালোকে মোৰ কিমান নিকৃষ্ট প্ৰতিনিধিত্ব কৰিছা! তোমালোকৰ প্ৰতিপালকৰ আদেশৰ আগতেই তোমালোকে কিয় খৰখেদা কৰিলা’? এই বুলি তেওঁ ফলকসমূহ দলিয়াই পেলালে আৰু তেওঁৰ ভাতৃক চুলিত ধৰি নিজৰ পিনে টানি আনিব ধৰিলে। হাৰুনে ক’লে, ‘হে মোৰ সহোদৰ! মানুহে মোক দুৰ্বল বুলি ভাবিছিল আৰু মোক প্ৰায় হত্যাই কৰি পেলাইছিল। সেয়ে তুমি মোৰ লগত এনে আচৰণ নকৰিবা, যি আচৰণ কৰিলে শত্ৰুসকলে আনন্দিত হয়। লগতে মোক যালিমসকলৰ অন্তৰ্ভুক্ত বুলি নাভাবিবা’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now