بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَقَالَ ٱلَّذِينَ كَفَرُواْ لِلَّذِينَ ءَامَنُواْ لَوۡ كَانَ خَيۡرٗا مَّا سَبَقُونَآ إِلَيۡهِۚ وَإِذۡ لَمۡ يَهۡتَدُواْ بِهِۦ فَسَيَقُولُونَ هَٰذَآ إِفۡكٞ قَدِيمٞ
যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘যদি এয়া মানি লোৱা ভাল হ’লহেঁতেন তেন্তে সিহঁতে আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।
وَمِن قَبۡلِهِۦ كِتَٰبُ مُوسَىٰٓ إِمَامٗا وَرَحۡمَةٗۚ وَهَٰذَا كِتَٰبٞ مُّصَدِّقٞ لِّسَانًا عَرَبِيّٗا لِّيُنذِرَ ٱلَّذِينَ ظَلَمُواْ وَبُشۡرَىٰ لِلۡمُحۡسِنِينَ
ইয়াৰ পূৰ্বে মুছাৰ কিতাব আছিল পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাবখন (সেইখনৰে) সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই হৈছে সৎকৰ্মশীলসকলৰ বাবে সুসংবাদ।
إِنَّ ٱلَّذِينَ قَالُواْ رَبُّنَا ٱللَّهُ ثُمَّ ٱسۡتَقَٰمُواْ فَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ
নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِ خَٰلِدِينَ فِيهَا جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ
তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।
وَوَصَّيۡنَا ٱلۡإِنسَٰنَ بِوَٰلِدَيۡهِ إِحۡسَٰنًاۖ حَمَلَتۡهُ أُمُّهُۥ كُرۡهٗا وَوَضَعَتۡهُ كُرۡهٗاۖ وَحَمۡلُهُۥ وَفِصَٰلُهُۥ ثَلَٰثُونَ شَهۡرًاۚ حَتَّىٰٓ إِذَا بَلَغَ أَشُدَّهُۥ وَبَلَغَ أَرۡبَعِينَ سَنَةٗ قَالَ رَبِّ أَوۡزِعۡنِيٓ أَنۡ أَشۡكُرَ نِعۡمَتَكَ ٱلَّتِيٓ أَنۡعَمۡتَ عَلَيَّ وَعَلَىٰ وَٰلِدَيَّ وَأَنۡ أَعۡمَلَ صَٰلِحٗا تَرۡضَىٰهُ وَأَصۡلِحۡ لِي فِي ذُرِّيَّتِيٓۖ إِنِّي تُبۡتُ إِلَيۡكَ وَإِنِّي مِنَ ٱلۡمُسۡلِمِينَ
আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছোঁ। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছে, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খুওৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।
أُوْلَـٰٓئِكَ ٱلَّذِينَ نَتَقَبَّلُ عَنۡهُمۡ أَحۡسَنَ مَا عَمِلُواْ وَنَتَجَاوَزُ عَن سَيِّـَٔاتِهِمۡ فِيٓ أَصۡحَٰبِ ٱلۡجَنَّةِۖ وَعۡدَ ٱلصِّدۡقِ ٱلَّذِي كَانُواْ يُوعَدُونَ
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰোঁ, আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া নিশ্চিতভাৱে সত্য প্ৰমাণিত হ’ব।
وَٱلَّذِي قَالَ لِوَٰلِدَيۡهِ أُفّٖ لَّكُمَآ أَتَعِدَانِنِيٓ أَنۡ أُخۡرَجَ وَقَدۡ خَلَتِ ٱلۡقُرُونُ مِن قَبۡلِي وَهُمَا يَسۡتَغِيثَانِ ٱللَّهَ وَيۡلَكَ ءَامِنۡ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞ فَيَقُولُ مَا هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ
আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে, আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান পোষণ কৰ, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।
أُوْلَـٰٓئِكَ ٱلَّذِينَ حَقَّ عَلَيۡهِمُ ٱلۡقَوۡلُ فِيٓ أُمَمٖ قَدۡ خَلَتۡ مِن قَبۡلِهِم مِّنَ ٱلۡجِنِّ وَٱلۡإِنسِۖ إِنَّهُمۡ كَانُواْ خَٰسِرِينَ
ইহঁতেই সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ পূৰ্বে যিবোৰ উম্মত অতিবাহিত হৈছে জিন আৰু মানৱৰ পৰা সেইসকলৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।
وَلِكُلّٖ دَرَجَٰتٞ مِّمَّا عَمِلُواْۖ وَلِيُوَفِّيَهُمۡ أَعۡمَٰلَهُمۡ وَهُمۡ لَا يُظۡلَمُونَ
আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
وَيَوۡمَ يُعۡرَضُ ٱلَّذِينَ كَفَرُواْ عَلَى ٱلنَّارِ أَذۡهَبۡتُمۡ طَيِّبَٰتِكُمۡ فِي حَيَاتِكُمُ ٱلدُّنۡيَا وَٱسۡتَمۡتَعۡتُم بِهَا فَٱلۡيَوۡمَ تُجۡزَوۡنَ عَذَابَ ٱلۡهُونِ بِمَا كُنتُمۡ تَسۡتَكۡبِرُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَبِمَا كُنتُمۡ تَفۡسُقُونَ
আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি ভোগ কৰি নিঃশেষ কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।