Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

أَوۡ خَلۡقٗا مِّمَّا يَكۡبُرُ فِي صُدُورِكُمۡۚ فَسَيَقُولُونَ مَن يُعِيدُنَاۖ قُلِ ٱلَّذِي فَطَرَكُمۡ أَوَّلَ مَرَّةٖۚ فَسَيُنۡغِضُونَ إِلَيۡكَ رُءُوسَهُمۡ وَيَقُولُونَ مَتَىٰ هُوَۖ قُلۡ عَسَىٰٓ أَن يَكُونَ قَرِيبٗا

‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভবা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱতঃ সেয়া অতি শীঘ্ৰেই হ’ব’।

يَوۡمَ يَدۡعُوكُمۡ فَتَسۡتَجِيبُونَ بِحَمۡدِهِۦ وَتَظُنُّونَ إِن لَّبِثۡتُمۡ إِلَّا قَلِيلٗا

যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা, লগতে তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময় অৱস্থান কৰিছিলা।

وَقُل لِّعِبَادِي يَقُولُواْ ٱلَّتِي هِيَ أَحۡسَنُۚ إِنَّ ٱلشَّيۡطَٰنَ يَنزَغُ بَيۡنَهُمۡۚ إِنَّ ٱلشَّيۡطَٰنَ كَانَ لِلۡإِنسَٰنِ عَدُوّٗا مُّبِينٗا

আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয়, যিটো উত্তম। নিশ্চয় চয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু।

رَّبُّكُمۡ أَعۡلَمُ بِكُمۡۖ إِن يَشَأۡ يَرۡحَمۡكُمۡ أَوۡ إِن يَشَأۡ يُعَذِّبۡكُمۡۚ وَمَآ أَرۡسَلۡنَٰكَ عَلَيۡهِمۡ وَكِيلٗا

তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে, অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তিও দিব পাৰে, (আৰু হে নবী!) আমি তোমাক সিহঁতৰ ওপৰত কৰ্মবিধায়ক কৰি পঠোৱা নাই।

وَرَبُّكَ أَعۡلَمُ بِمَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ وَلَقَدۡ فَضَّلۡنَا بَعۡضَ ٱلنَّبِيِّـۧنَ عَلَىٰ بَعۡضٖۖ وَءَاتَيۡنَا دَاوُۥدَ زَبُورٗا

আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। নিশ্চয় আমি নবীসকলৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছোঁ আৰু দাউদক প্ৰদান কৰিছিলোঁ ঝাবূৰ।

قُلِ ٱدۡعُواْ ٱلَّذِينَ زَعَمۡتُم مِّن دُونِهِۦ فَلَا يَمۡلِكُونَ كَشۡفَ ٱلضُّرِّ عَنكُمۡ وَلَا تَحۡوِيلًا

কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’।

أُوْلَـٰٓئِكَ ٱلَّذِينَ يَدۡعُونَ يَبۡتَغُونَ إِلَىٰ رَبِّهِمُ ٱلۡوَسِيلَةَ أَيُّهُمۡ أَقۡرَبُ وَيَرۡجُونَ رَحۡمَتَهُۥ وَيَخَافُونَ عَذَابَهُۥٓۚ إِنَّ عَذَابَ رَبِّكَ كَانَ مَحۡذُورٗا

সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।

وَإِن مِّن قَرۡيَةٍ إِلَّا نَحۡنُ مُهۡلِكُوهَا قَبۡلَ يَوۡمِ ٱلۡقِيَٰمَةِ أَوۡ مُعَذِّبُوهَا عَذَابٗا شَدِيدٗاۚ كَانَ ذَٰلِكَ فِي ٱلۡكِتَٰبِ مَسۡطُورٗا

আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি নিবিহিম; এয়াতো কিতাবত লিপিবদ্ধ আছে।

وَمَا مَنَعَنَآ أَن نُّرۡسِلَ بِٱلۡأٓيَٰتِ إِلَّآ أَن كَذَّبَ بِهَا ٱلۡأَوَّلُونَۚ وَءَاتَيۡنَا ثَمُودَ ٱلنَّاقَةَ مُبۡصِرَةٗ فَظَلَمُواْ بِهَاۚ وَمَا نُرۡسِلُ بِٱلۡأٓيَٰتِ إِلَّا تَخۡوِيفٗا

আৰু আমি নিদৰ্শন প্ৰেৰণ নকৰাৰ কেৱল এইটোৱে কাৰণ যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলে ইয়াক অস্বীকাৰ কৰিছিল। আমি শিক্ষামূলক নিদৰ্শন স্বৰূপে ছামূদ জাতিক উট প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইটোৰ প্ৰতি অত্যাচাৰ কৰিছিল। আমি কেৱল ভয় দেখুৱাৰ কাৰণেহে নিদৰ্শন প্ৰেৰণ কৰোঁ।

وَإِذۡ قُلۡنَا لَكَ إِنَّ رَبَّكَ أَحَاطَ بِٱلنَّاسِۚ وَمَا جَعَلۡنَا ٱلرُّءۡيَا ٱلَّتِيٓ أَرَيۡنَٰكَ إِلَّا فِتۡنَةٗ لِّلنَّاسِ وَٱلشَّجَرَةَ ٱلۡمَلۡعُونَةَ فِي ٱلۡقُرۡءَانِۚ وَنُخَوِّفُهُمۡ فَمَا يَزِيدُهُمۡ إِلَّا طُغۡيَٰنٗا كَبِيرٗا

আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাক কৈছিলোঁ যে, নিশ্চয় তোমাৰ প্ৰতিপালকে মানুহক পৰিবেষ্টন কৰি আছে। আমি যি দৃশ্য তোমাক দেখুৱাইছোঁ সেইটো আৰু কোৰআনত উল্লেখিত অভিশপ্ত গছটোও কেৱল মানুহৰ পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ। আমি সিহঁতক ভয় দেখুৱাওঁ, কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now