Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

هَٰذَا هُدٗىۖ وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ رَبِّهِمۡ لَهُمۡ عَذَابٞ مِّن رِّجۡزٍ أَلِيمٌ

এই (কোৰআন) হৈছে সৎপথ প্ৰদৰ্শক; আৰু যিসকলে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ লগত কুফৰী কৰে, সিহঁতৰ বাবে আছে অতি যন্ত্ৰণাদায়ক শাস্তি।

۞ٱللَّهُ ٱلَّذِي سَخَّرَ لَكُمُ ٱلۡبَحۡرَ لِتَجۡرِيَ ٱلۡفُلۡكُ فِيهِ بِأَمۡرِهِۦ وَلِتَبۡتَغُواْ مِن فَضۡلِهِۦ وَلَعَلَّكُمۡ تَشۡكُرُونَ

সেইজনেই আল্লাহ, যিজনে সাগৰক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, যাতে তেওঁৰ আদেশত তাত নৌযান চলাচল কৰিব পাৰে; লগতে যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে (তেওঁৰ প্ৰতি) কৃতজ্ঞতা প্ৰকাশ কৰা।

وَسَخَّرَ لَكُم مَّا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ جَمِيعٗا مِّنۡهُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَفَكَّرُونَ

আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে।

قُل لِّلَّذِينَ ءَامَنُواْ يَغۡفِرُواْ لِلَّذِينَ لَا يَرۡجُونَ أَيَّامَ ٱللَّهِ لِيَجۡزِيَ قَوۡمَۢا بِمَا كَانُواْ يَكۡسِبُونَ

যিসকলে ঈমান আনিছে তেওঁলোকক কোৱা, তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে, যিসকলে আল্লাহৰ দিনবোৰৰ প্ৰত্যাশা নকৰে। যাতে আল্লাহে নিজেই প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ কৃতকৰ্মৰ বাবে প্ৰতিদান দিয়ে।

مَنۡ عَمِلَ صَٰلِحٗا فَلِنَفۡسِهِۦۖ وَمَنۡ أَسَآءَ فَعَلَيۡهَاۖ ثُمَّ إِلَىٰ رَبِّكُمۡ تُرۡجَعُونَ

যিয়ে সৎকৰ্ম কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে, আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তাৰ পিছত তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তিত কৰা হ’ব।

وَلَقَدۡ ءَاتَيۡنَا بَنِيٓ إِسۡرَـٰٓءِيلَ ٱلۡكِتَٰبَ وَٱلۡحُكۡمَ وَٱلنُّبُوَّةَ وَرَزَقۡنَٰهُم مِّنَ ٱلطَّيِّبَٰتِ وَفَضَّلۡنَٰهُمۡ عَلَى ٱلۡعَٰلَمِينَ

নিশ্চয় আমি বনী ইছৰাঈলক কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলোঁ আৰু সিহঁতক উত্তম বস্তুৰ পৰা জীৱিকা প্ৰদান কৰিছিলোঁ, লগতে সিহঁতক সকলো সৃষ্টিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।

وَءَاتَيۡنَٰهُم بَيِّنَٰتٖ مِّنَ ٱلۡأَمۡرِۖ فَمَا ٱخۡتَلَفُوٓاْ إِلَّا مِنۢ بَعۡدِ مَا جَآءَهُمُ ٱلۡعِلۡمُ بَغۡيَۢا بَيۡنَهُمۡۚ إِنَّ رَبَّكَ يَقۡضِي بَيۡنَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ فِيمَا كَانُواْ فِيهِ يَخۡتَلِفُونَ

আৰু আমি সিহঁতক দ্বীনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলোঁ। তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰ বিদ্বেষবশতঃ মত বিৰোধ কৰিছিল। সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল, নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়চালা কৰি দিব।

ثُمَّ جَعَلۡنَٰكَ عَلَىٰ شَرِيعَةٖ مِّنَ ٱلۡأَمۡرِ فَٱتَّبِعۡهَا وَلَا تَتَّبِعۡ أَهۡوَآءَ ٱلَّذِينَ لَا يَعۡلَمُونَ

তাৰ পিছত আমি তোমাক প্ৰতিষ্ঠিত কৰিছোঁ দ্বীনৰ বিশেষ বিধানৰ ওপৰত; এতেকে তুমি তাৰেই অনুসৰণ কৰা। যিসকলে নাজানে সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা।

إِنَّهُمۡ لَن يُغۡنُواْ عَنكَ مِنَ ٱللَّهِ شَيۡـٔٗاۚ وَإِنَّ ٱلظَّـٰلِمِينَ بَعۡضُهُمۡ أَوۡلِيَآءُ بَعۡضٖۖ وَٱللَّهُ وَلِيُّ ٱلۡمُتَّقِينَ

নিশ্চয় আল্লাহৰ মোকাবিলাত সিহঁত তোমাৰ কোনো কামত নাহিব, (জানি থোৱা) নিশ্চয় যালিমসকল হৈছে ইজনে সিজনৰ বন্ধু, আৰু আল্লাহ হৈছে কেৱল মুত্তাক্বীসকলৰ বন্ধু।

هَٰذَا بَصَـٰٓئِرُ لِلنَّاسِ وَهُدٗى وَرَحۡمَةٞ لِّقَوۡمٖ يُوقِنُونَ

এইখন (কোৰআন) হৈছে মানৱ জাতিৰ বাবে আলোকবৰ্তিকা, আৰু নিশ্চিত বিশ্বাসী সম্প্ৰদায়ৰ বাবে হিদায়ত তথা ৰহমত।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now