Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [21-30] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَكَذَٰلِكَ أَعۡثَرۡنَا عَلَيۡهِمۡ لِيَعۡلَمُوٓاْ أَنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَأَنَّ ٱلسَّاعَةَ لَا رَيۡبَ فِيهَآ إِذۡ يَتَنَٰزَعُونَ بَيۡنَهُمۡ أَمۡرَهُمۡۖ فَقَالُواْ ٱبۡنُواْ عَلَيۡهِم بُنۡيَٰنٗاۖ رَّبُّهُمۡ أَعۡلَمُ بِهِمۡۚ قَالَ ٱلَّذِينَ غَلَبُواْ عَلَىٰٓ أَمۡرِهِمۡ لَنَتَّخِذَنَّ عَلَيۡهِم مَّسۡجِدٗا

আৰু এইদৰে আমি মানুহক তেওঁলোকৰ বিষয়ে জনাই দিলোঁ, যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামত সম্পৰ্কে কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে কৈছিল, ‘তেওঁলোকৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালকৈ জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে কৈছিল, ‘নিশ্চয় আমি তেওঁলোকৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’।

سَيَقُولُونَ ثَلَٰثَةٞ رَّابِعُهُمۡ كَلۡبُهُمۡ وَيَقُولُونَ خَمۡسَةٞ سَادِسُهُمۡ كَلۡبُهُمۡ رَجۡمَۢا بِٱلۡغَيۡبِۖ وَيَقُولُونَ سَبۡعَةٞ وَثَامِنُهُمۡ كَلۡبُهُمۡۚ قُل رَّبِّيٓ أَعۡلَمُ بِعِدَّتِهِم مَّا يَعۡلَمُهُمۡ إِلَّا قَلِيلٞۗ فَلَا تُمَارِ فِيهِمۡ إِلَّا مِرَآءٗ ظَٰهِرٗا وَلَا تَسۡتَفۡتِ فِيهِم مِّنۡهُمۡ أَحَدٗا

অচিৰেই কিছুমানে ক’ব, ‘তেওঁলোক আছিল তিনিজন, তেওঁলোকৰ চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ’, আৰু আন কিছুমানে ক’ব, ‘তেওঁলোক আছিল পাঁচজন, তেওঁলোকৰ ষষ্ঠটো আছিল তেওঁলোকৰ কুকুৰ’, এই সকলোৱে গায়েবী বিষয়ত অনুমানৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ কিছুমানে ক’ব, ‘তেওঁলোক আছিল সাতজন, তেওঁলোকৰ অষ্টমটো হৈছে তেওঁলোকৰ কুকুৰ’। কোৱা, ‘মোৰ প্ৰতিপালকেহে তেওঁলোকৰ সংখ্যাটো ভালকৈ জানে; তেওঁলোকৰ প্ৰকৃত সংখ্যা কেৱল কিছুসংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি তেওঁলোকৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো তেওঁলোকৰ বিষয়ে নুসুধিবা।

وَلَا تَقُولَنَّ لِشَاْيۡءٍ إِنِّي فَاعِلٞ ذَٰلِكَ غَدًا

আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নক'বা যে, নিশ্চয় মই এইটো অহাকালি কৰিম,

إِلَّآ أَن يَشَآءَ ٱللَّهُۚ وَٱذۡكُر رَّبَّكَ إِذَا نَسِيتَ وَقُلۡ عَسَىٰٓ أَن يَهۡدِيَنِ رَبِّي لِأَقۡرَبَ مِنۡ هَٰذَا رَشَدٗا

ইন শ্বা আল্লাহ নোকোৱাকৈ, (অৰ্থাৎ যদি আল্লাহে বিচাৰে), আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা, ‘সম্ভৱতঃ মোৰ প্ৰতিপালকে মোক ইয়াতকৈও সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব’।

وَلَبِثُواْ فِي كَهۡفِهِمۡ ثَلَٰثَ مِاْئَةٖ سِنِينَ وَٱزۡدَادُواْ تِسۡعٗا

আৰু সিহঁতে গুহাত আছিল তিনি শ বছৰ, লগতে অতিৰিক্ত ন বছৰ।

قُلِ ٱللَّهُ أَعۡلَمُ بِمَا لَبِثُواْۖ لَهُۥ غَيۡبُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ أَبۡصِرۡ بِهِۦ وَأَسۡمِعۡۚ مَا لَهُم مِّن دُونِهِۦ مِن وَلِيّٖ وَلَا يُشۡرِكُ فِي حُكۡمِهِۦٓ أَحَدٗا

কোৱা, ‘সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে’, আকাশসমূহ আৰু পৃথিৱীৰ গায়েবৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা! তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে।

وَٱتۡلُ مَآ أُوحِيَ إِلَيۡكَ مِن كِتَابِ رَبِّكَۖ لَا مُبَدِّلَ لِكَلِمَٰتِهِۦ وَلَن تَجِدَ مِن دُونِهِۦ مُلۡتَحَدٗا

আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰলৈ যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।

وَٱصۡبِرۡ نَفۡسَكَ مَعَ ٱلَّذِينَ يَدۡعُونَ رَبَّهُم بِٱلۡغَدَوٰةِ وَٱلۡعَشِيِّ يُرِيدُونَ وَجۡهَهُۥۖ وَلَا تَعۡدُ عَيۡنَاكَ عَنۡهُمۡ تُرِيدُ زِينَةَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَلَا تُطِعۡ مَنۡ أَغۡفَلۡنَا قَلۡبَهُۥ عَن ذِكۡرِنَا وَٱتَّبَعَ هَوَىٰهُ وَكَانَ أَمۡرُهُۥ فُرُطٗا

আৰু তুমি নিজকে ধৈৰ্য্যশীল ৰাখিবা সেইসকল লোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।

وَقُلِ ٱلۡحَقُّ مِن رَّبِّكُمۡۖ فَمَن شَآءَ فَلۡيُؤۡمِن وَمَن شَآءَ فَلۡيَكۡفُرۡۚ إِنَّآ أَعۡتَدۡنَا لِلظَّـٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ وَإِن يَسۡتَغِيثُواْ يُغَاثُواْ بِمَآءٖ كَٱلۡمُهۡلِ يَشۡوِي ٱلۡوُجُوهَۚ بِئۡسَ ٱلشَّرَابُ وَسَآءَتۡ مُرۡتَفَقًا

আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত ৰাখিছোঁ অগ্নি, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ إِنَّا لَا نُضِيعُ أَجۡرَ مَنۡ أَحۡسَنَ عَمَلًا

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে – নিশ্চয় আমি উত্তমৰূপে কৰ্ম সম্পাদন কৰা ব্যক্তিৰ শ্ৰমফল বিনষ্ট নকৰোঁ।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now