بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
قُلۡ أَرَءَيۡتُمۡ إِن جَعَلَ ٱللَّهُ عَلَيۡكُمُ ٱلَّيۡلَ سَرۡمَدًا إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ مَنۡ إِلَٰهٌ غَيۡرُ ٱللَّهِ يَأۡتِيكُم بِضِيَآءٍۚ أَفَلَا تَسۡمَعُونَ
কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিৰ অন্ধকাৰক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে (দিনৰ) পোহৰ আনি দিব পাৰিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?
قُلۡ أَرَءَيۡتُمۡ إِن جَعَلَ ٱللَّهُ عَلَيۡكُمُ ٱلنَّهَارَ سَرۡمَدًا إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ مَنۡ إِلَٰهٌ غَيۡرُ ٱللَّهِ يَأۡتِيكُم بِلَيۡلٖ تَسۡكُنُونَ فِيهِۚ أَفَلَا تُبۡصِرُونَ
কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব পাৰিব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’?
وَمِن رَّحۡمَتِهِۦ جَعَلَ لَكُمُ ٱلَّيۡلَ وَٱلنَّهَارَ لِتَسۡكُنُواْ فِيهِ وَلِتَبۡتَغُواْ مِن فَضۡلِهِۦ وَلَعَلَّكُمۡ تَشۡكُرُونَ
তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন সৃষ্টি কৰিছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
وَيَوۡمَ يُنَادِيهِمۡ فَيَقُولُ أَيۡنَ شُرَكَآءِيَ ٱلَّذِينَ كُنتُمۡ تَزۡعُمُونَ
আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?
وَنَزَعۡنَا مِن كُلِّ أُمَّةٖ شَهِيدٗا فَقُلۡنَا هَاتُواْ بُرۡهَٰنَكُمۡ فَعَلِمُوٓاْ أَنَّ ٱلۡحَقَّ لِلَّهِ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ
আৰু আমি প্ৰত্যেক জাতিৰ পৰাই একোজনকৈ সাক্ষী উলিয়াই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই, আৰু সিহঁতে যিবোৰক (উপাস্য বুলি) মিছা ৰটনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব।
۞إِنَّ قَٰرُونَ كَانَ مِن قَوۡمِ مُوسَىٰ فَبَغَىٰ عَلَيۡهِمۡۖ وَءَاتَيۡنَٰهُ مِنَ ٱلۡكُنُوزِ مَآ إِنَّ مَفَاتِحَهُۥ لَتَنُوٓأُ بِٱلۡعُصۡبَةِ أُوْلِي ٱلۡقُوَّةِ إِذۡ قَالَ لَهُۥ قَوۡمُهُۥ لَا تَفۡرَحۡۖ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلۡفَرِحِينَ
নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আমি তাক দান কৰিছিলোঁ ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবি বহন কৰিবলৈও এদল শক্তিশালী মানুহৰ পক্ষে কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকসকলক পছন্দ নকৰে।
وَٱبۡتَغِ فِيمَآ ءَاتَىٰكَ ٱللَّهُ ٱلدَّارَ ٱلۡأٓخِرَةَۖ وَلَا تَنسَ نَصِيبَكَ مِنَ ٱلدُّنۡيَاۖ وَأَحۡسِن كَمَآ أَحۡسَنَ ٱللَّهُ إِلَيۡكَۖ وَلَا تَبۡغِ ٱلۡفَسَادَ فِي ٱلۡأَرۡضِۖ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلۡمُفۡسِدِينَ
‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।
قَالَ إِنَّمَآ أُوتِيتُهُۥ عَلَىٰ عِلۡمٍ عِندِيٓۚ أَوَلَمۡ يَعۡلَمۡ أَنَّ ٱللَّهَ قَدۡ أَهۡلَكَ مِن قَبۡلِهِۦ مِنَ ٱلۡقُرُونِ مَنۡ هُوَ أَشَدُّ مِنۡهُ قُوَّةٗ وَأَكۡثَرُ جَمۡعٗاۚ وَلَا يُسۡـَٔلُ عَن ذُنُوبِهِمُ ٱلۡمُجۡرِمُونَ
সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছোঁ’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহুতো প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈও অধিক শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।
فَخَرَجَ عَلَىٰ قَوۡمِهِۦ فِي زِينَتِهِۦۖ قَالَ ٱلَّذِينَ يُرِيدُونَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا يَٰلَيۡتَ لَنَا مِثۡلَ مَآ أُوتِيَ قَٰرُونُ إِنَّهُۥ لَذُو حَظٍّ عَظِيمٖ
এতেকে কাৰূন তাৰ সম্প্ৰদায়ৰ সন্মুখলৈ জাক-জমকতাৰে ওলাই আহিল। যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক’লে, ‘হায়! কাৰূনক যিদৰে দান কৰা হৈছে, আমাকো যদি সেইদৰে দান কৰা হ’লহেঁতেন! নিশ্চয় সি মহা ভাগ্যৱান’।
وَقَالَ ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ وَيۡلَكُمۡ ثَوَابُ ٱللَّهِ خَيۡرٞ لِّمَنۡ ءَامَنَ وَعَمِلَ صَٰلِحٗاۚ وَلَا يُلَقَّىٰهَآ إِلَّا ٱلصَّـٰبِرُونَ
আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰস্কাৰেই হৈছে শ্ৰেষ্ঠ, আৰু ধৈৰ্য্যশীলসকলৰ বাহিৰে আন কোনেও সেইটো (পুৰস্কাৰ) নাপায়’।