بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ خُذُواْ حِذۡرَكُمۡ فَٱنفِرُواْ ثُبَاتٍ أَوِ ٱنفِرُواْ جَمِيعٗا
হে মুমিনসকল! তোমালোকে নিজৰ সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।
وَإِنَّ مِنكُمۡ لَمَن لَّيُبَطِّئَنَّ فَإِنۡ أَصَٰبَتۡكُم مُّصِيبَةٞ قَالَ قَدۡ أَنۡعَمَ ٱللَّهُ عَلَيَّ إِذۡ لَمۡ أَكُن مَّعَهُمۡ شَهِيدٗا
আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰিব। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি ক’ব, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলোঁ’।
وَلَئِنۡ أَصَٰبَكُمۡ فَضۡلٞ مِّنَ ٱللَّهِ لَيَقُولَنَّ كَأَن لَّمۡ تَكُنۢ بَيۡنَكُمۡ وَبَيۡنَهُۥ مَوَدَّةٞ يَٰلَيۡتَنِي كُنتُ مَعَهُمۡ فَأَفُوزَ فَوۡزًا عَظِيمٗا
আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে নিশ্চয় সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোঁহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোঁহেঁতেন’।
۞فَلۡيُقَٰتِلۡ فِي سَبِيلِ ٱللَّهِ ٱلَّذِينَ يَشۡرُونَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا بِٱلۡأٓخِرَةِۚ وَمَن يُقَٰتِلۡ فِي سَبِيلِ ٱللَّهِ فَيُقۡتَلۡ أَوۡ يَغۡلِبۡ فَسَوۡفَ نُؤۡتِيهِ أَجۡرًا عَظِيمٗا
এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। কাৰণ যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব তেওঁ শ্বহীদ হওক অথবা জয়লাভ কৰক, আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।
وَمَا لَكُمۡ لَا تُقَٰتِلُونَ فِي سَبِيلِ ٱللَّهِ وَٱلۡمُسۡتَضۡعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلۡوِلۡدَٰنِ ٱلَّذِينَ يَقُولُونَ رَبَّنَآ أَخۡرِجۡنَا مِنۡ هَٰذِهِ ٱلۡقَرۡيَةِ ٱلظَّالِمِ أَهۡلُهَا وَٱجۡعَل لَّنَا مِن لَّدُنكَ وَلِيّٗا وَٱجۡعَل لَّنَا مِن لَّدُنكَ نَصِيرًا
তোমালোকৰ কি হ’ল যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰ-নাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে, ‘হে আমাৰ প্ৰতিপালক! আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা, ইয়াৰ অধিবাসীসকল হৈছে অত্যাচাৰী; তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰা।
ٱلَّذِينَ ءَامَنُواْ يُقَٰتِلُونَ فِي سَبِيلِ ٱللَّهِۖ وَٱلَّذِينَ كَفَرُواْ يُقَٰتِلُونَ فِي سَبِيلِ ٱلطَّـٰغُوتِ فَقَٰتِلُوٓاْ أَوۡلِيَآءَ ٱلشَّيۡطَٰنِۖ إِنَّ كَيۡدَ ٱلشَّيۡطَٰنِ كَانَ ضَعِيفًا
যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।
أَلَمۡ تَرَ إِلَى ٱلَّذِينَ قِيلَ لَهُمۡ كُفُّوٓاْ أَيۡدِيَكُمۡ وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ فَلَمَّا كُتِبَ عَلَيۡهِمُ ٱلۡقِتَالُ إِذَا فَرِيقٞ مِّنۡهُمۡ يَخۡشَوۡنَ ٱلنَّاسَ كَخَشۡيَةِ ٱللَّهِ أَوۡ أَشَدَّ خَشۡيَةٗۚ وَقَالُواْ رَبَّنَا لِمَ كَتَبۡتَ عَلَيۡنَا ٱلۡقِتَالَ لَوۡلَآ أَخَّرۡتَنَآ إِلَىٰٓ أَجَلٖ قَرِيبٖۗ قُلۡ مَتَٰعُ ٱلدُّنۡيَا قَلِيلٞ وَٱلۡأٓخِرَةُ خَيۡرٞ لِّمَنِ ٱتَّقَىٰ وَلَا تُظۡلَمُونَ فَتِيلًا
তুমি সিহঁতক দেখা নাইনে? যিসকলক কোৱা হৈছিল, ‘তোমালোকে নিজৰ হাত সংবৰণ কৰা, ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা’; তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা হয় অথবা তাতোকৈ বেছি ভয় কৰিছিল আৰু কৈছিল, ‘হে আমাৰ প্ৰতিপালক! আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, ‘পাৰ্থিৱ ভোগ-বিলাস অতি সামান্য আৰু যিয়ে তাক্বৱা অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ’ব’।
أَيۡنَمَا تَكُونُواْ يُدۡرِككُّمُ ٱلۡمَوۡتُ وَلَوۡ كُنتُمۡ فِي بُرُوجٖ مُّشَيَّدَةٖۗ وَإِن تُصِبۡهُمۡ حَسَنَةٞ يَقُولُواْ هَٰذِهِۦ مِنۡ عِندِ ٱللَّهِۖ وَإِن تُصِبۡهُمۡ سَيِّئَةٞ يَقُولُواْ هَٰذِهِۦ مِنۡ عِندِكَۚ قُلۡ كُلّٞ مِّنۡ عِندِ ٱللَّهِۖ فَمَالِ هَـٰٓؤُلَآءِ ٱلۡقَوۡمِ لَا يَكَادُونَ يَفۡقَهُونَ حَدِيثٗا
তোমালোকে য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণেই হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!
مَّآ أَصَابَكَ مِنۡ حَسَنَةٖ فَمِنَ ٱللَّهِۖ وَمَآ أَصَابَكَ مِن سَيِّئَةٖ فَمِن نَّفۡسِكَۚ وَأَرۡسَلۡنَٰكَ لِلنَّاسِ رَسُولٗاۚ وَكَفَىٰ بِٱللَّهِ شَهِيدٗا
তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
مَّن يُطِعِ ٱلرَّسُولَ فَقَدۡ أَطَاعَ ٱللَّهَۖ وَمَن تَوَلَّىٰ فَمَآ أَرۡسَلۡنَٰكَ عَلَيۡهِمۡ حَفِيظٗا
যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় তেওঁ আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।