Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [51-60] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

إِنَّمَا كَانَ قَوۡلَ ٱلۡمُؤۡمِنِينَ إِذَا دُعُوٓاْ إِلَى ٱللَّهِ وَرَسُولِهِۦ لِيَحۡكُمَ بَيۡنَهُمۡ أَن يَقُولُواْ سَمِعۡنَا وَأَطَعۡنَاۚ وَأُوْلَـٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ

মুমিনসকলক যেতিয়া তেওঁলোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কেৱল এই কথাকে কয় যে, ‘আমি শুনিলোঁ আৰু আনুগত্য কৰিলোঁ’। তেওঁলোকেই হৈছে সফলকাম।

وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ وَيَخۡشَ ٱللَّهَ وَيَتَّقۡهِ فَأُوْلَـٰٓئِكَ هُمُ ٱلۡفَآئِزُونَ

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, আৰু আল্লাহক ভয় কৰে লগতে তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকেই হৈছে কৃতকাৰ্য্য।

۞وَأَقۡسَمُواْ بِٱللَّهِ جَهۡدَ أَيۡمَٰنِهِمۡ لَئِنۡ أَمَرۡتَهُمۡ لَيَخۡرُجُنَّۖ قُل لَّا تُقۡسِمُواْۖ طَاعَةٞ مَّعۡرُوفَةٌۚ إِنَّ ٱللَّهَ خَبِيرُۢ بِمَا تَعۡمَلُونَ

আৰু সিহঁতে দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে, তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁতে নিশ্চয় ওলাই আহিব। তুমি কোৱা, ‘শপত নাখাবা, (তোমালোকৰ) আনুগত্য সম্পৰ্কে ভালকৈয়ে জনা আছে। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱহিত’।

قُلۡ أَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَۖ فَإِن تَوَلَّوۡاْ فَإِنَّمَا عَلَيۡهِ مَا حُمِّلَ وَعَلَيۡكُم مَّا حُمِّلۡتُمۡۖ وَإِن تُطِيعُوهُ تَهۡتَدُواْۚ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلۡبَلَٰغُ ٱلۡمُبِينُ

কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। ইয়াৰ পিছতো যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবেহে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোকে নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব হৈছে কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।

وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ مِنكُمۡ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ لَيَسۡتَخۡلِفَنَّهُمۡ فِي ٱلۡأَرۡضِ كَمَا ٱسۡتَخۡلَفَ ٱلَّذِينَ مِن قَبۡلِهِمۡ وَلَيُمَكِّنَنَّ لَهُمۡ دِينَهُمُ ٱلَّذِي ٱرۡتَضَىٰ لَهُمۡ وَلَيُبَدِّلَنَّهُم مِّنۢ بَعۡدِ خَوۡفِهِمۡ أَمۡنٗاۚ يَعۡبُدُونَنِي لَا يُشۡرِكُونَ بِي شَيۡـٔٗاۚ وَمَن كَفَرَ بَعۡدَ ذَٰلِكَ فَأُوْلَـٰٓئِكَ هُمُ ٱلۡفَٰسِقُونَ

তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ নিশ্চয় তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব, যিটো ধৰ্মক তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে; আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি তথা নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছতো যিসকলে কুফৰী কৰিব, সিহঁতেই হৈছে ফাছিক্ব।

وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ وَأَطِيعُواْ ٱلرَّسُولَ لَعَلَّكُمۡ تُرۡحَمُونَ

তোমালোকে যথাযথভাৱে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।

لَا تَحۡسَبَنَّ ٱلَّذِينَ كَفَرُواْ مُعۡجِزِينَ فِي ٱلۡأَرۡضِۚ وَمَأۡوَىٰهُمُ ٱلنَّارُۖ وَلَبِئۡسَ ٱلۡمَصِيرُ

যিসকলে কুফৰী কৰিছে সিহঁতৰ বিষয়ে তুমি কেতিয়াও এইটো নাভাবিবা যে, সিহঁতে পৃথিৱীত অপাৰগকাৰী। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তনস্থল!

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لِيَسۡتَـٔۡذِنكُمُ ٱلَّذِينَ مَلَكَتۡ أَيۡمَٰنُكُمۡ وَٱلَّذِينَ لَمۡ يَبۡلُغُواْ ٱلۡحُلُمَ مِنكُمۡ ثَلَٰثَ مَرَّـٰتٖۚ مِّن قَبۡلِ صَلَوٰةِ ٱلۡفَجۡرِ وَحِينَ تَضَعُونَ ثِيَابَكُم مِّنَ ٱلظَّهِيرَةِ وَمِنۢ بَعۡدِ صَلَوٰةِ ٱلۡعِشَآءِۚ ثَلَٰثُ عَوۡرَٰتٖ لَّكُمۡۚ لَيۡسَ عَلَيۡكُمۡ وَلَا عَلَيۡهِمۡ جُنَاحُۢ بَعۡدَهُنَّۚ طَوَّـٰفُونَ عَلَيۡكُم بَعۡضُكُمۡ عَلَىٰ بَعۡضٖۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ

হে মুমিনসকল! তোমালোকৰ মালিকানাধীন দাস-দাসীসকল আৰু তোমালোকৰ মাজৰ যিসকলে এতিয়াও প্ৰাপ্তবয়স্কত উপনীত হোৱা নাই, সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ তিনিটা সময়ত অনুমতি গ্ৰহণ কৰে, ফজৰৰ ছালাতৰ আগত, দুপুৰীয়াৰ সময়ত যেতিয়া তোমালোকে (বিশ্ৰামৰ বাবে) সাজ-কাপোৰ খুলি থোৱা, আৰু ঈশ্বা ছালাতৰ পিছত। এই তিনিটা সময় হৈছে তোমালোকৰ গোপনীয়তাৰ সময়। এই তিনিটা সময়ৰ বাহিৰে (আন যিকোনো সময়ত বিনা অনুমতিত সিহঁতে প্ৰৱেশ কৰিলে) তোমালোকৰ আৰু সিহঁতৰো কোনো দোষ নাই। কিয়নো তোমালোকে ইজনে-সিজনৰ ওচৰলৈ অহা-যোৱা কৰাটোৱে স্বাভাৱিক। এইদৰেই আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

وَإِذَا بَلَغَ ٱلۡأَطۡفَٰلُ مِنكُمُ ٱلۡحُلُمَ فَلۡيَسۡتَـٔۡذِنُواْ كَمَا ٱسۡتَـٔۡذَنَ ٱلَّذِينَ مِن قَبۡلِهِمۡۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمۡ ءَايَٰتِهِۦۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ

আৰু তোমালোকৰ সন্তান-সন্ততিসকল প্ৰাপ্তবয়স্কত উপনীত হ’লে সিহঁতেও যেন অনুমতি গ্ৰহণ কৰে যেনেকৈ অনুমতি গ্ৰহণ কৰিছিল সিহঁতৰ বয়োজ্যেষ্ঠসকলে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বিবৃত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

وَٱلۡقَوَٰعِدُ مِنَ ٱلنِّسَآءِ ٱلَّـٰتِي لَا يَرۡجُونَ نِكَاحٗا فَلَيۡسَ عَلَيۡهِنَّ جُنَاحٌ أَن يَضَعۡنَ ثِيَابَهُنَّ غَيۡرَ مُتَبَرِّجَٰتِۭ بِزِينَةٖۖ وَأَن يَسۡتَعۡفِفۡنَ خَيۡرٞ لَّهُنَّۗ وَٱللَّهُ سَمِيعٌ عَلِيمٞ

আৰু বৃদ্ধা নাৰীসকল, যিসকলে বিবাহৰ আশা পোষণ নকৰে, সিহঁতে যদি সৌন্দৰ্য প্ৰদৰ্শন নকৰি সিহঁতৰ চাদৰ খুলি ৰাখে তেন্তে সিহঁতৰ কোনো অপৰাধ নহয়। কিন্তু ইয়াৰ পৰা সিহঁতে বিৰত থকাটোৱে সিহঁতৰ বাবে উত্তম, আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now