بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
لَهُۥ مُعَقِّبَٰتٞ مِّنۢ بَيۡنِ يَدَيۡهِ وَمِنۡ خَلۡفِهِۦ يَحۡفَظُونَهُۥ مِنۡ أَمۡرِ ٱللَّهِۗ إِنَّ ٱللَّهَ لَا يُغَيِّرُ مَا بِقَوۡمٍ حَتَّىٰ يُغَيِّرُواْ مَا بِأَنفُسِهِمۡۗ وَإِذَآ أَرَادَ ٱللَّهُ بِقَوۡمٖ سُوٓءٗا فَلَا مَرَدَّ لَهُۥۚ وَمَا لَهُم مِّن دُونِهِۦ مِن وَالٍ
মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী থাকে, তেওঁলোকে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা তেতিয়ালৈকে পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে তাক প্ৰতিৰোধ কৰিব পৰা কোনো নাই আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱকো নাই।
هُوَ ٱلَّذِي يُرِيكُمُ ٱلۡبَرۡقَ خَوۡفٗا وَطَمَعٗا وَيُنشِئُ ٱلسَّحَابَ ٱلثِّقَالَ
তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়, আৰু তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে;
وَيُسَبِّحُ ٱلرَّعۡدُ بِحَمۡدِهِۦ وَٱلۡمَلَـٰٓئِكَةُ مِنۡ خِيفَتِهِۦ وَيُرۡسِلُ ٱلصَّوَٰعِقَ فَيُصِيبُ بِهَا مَن يَشَآءُ وَهُمۡ يُجَٰدِلُونَ فِي ٱللَّهِ وَهُوَ شَدِيدُ ٱلۡمِحَالِ
আৰু ৰা’দ (বজ্ৰ অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ সপ্ৰশংস মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ পঠায়, তাৰ পিছত যাক ইচ্ছা কৰে তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁতে আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।
لَهُۥ دَعۡوَةُ ٱلۡحَقِّۚ وَٱلَّذِينَ يَدۡعُونَ مِن دُونِهِۦ لَا يَسۡتَجِيبُونَ لَهُم بِشَيۡءٍ إِلَّا كَبَٰسِطِ كَفَّيۡهِ إِلَى ٱلۡمَآءِ لِيَبۡلُغَ فَاهُ وَمَا هُوَ بِبَٰلِغِهِۦۚ وَمَا دُعَآءُ ٱلۡكَٰفِرِينَ إِلَّا فِي ضَلَٰلٖ
সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত সেই ব্যক্তিৰ দৰেই, যিজনে পানীৰ ফালে হাত প্ৰসাৰিত (কৰি আহ্বান) কৰে, যাতে তাৰ মুখলৈ পানী আহে অথচ এনেকৈ পানী লাভ কৰাটো সম্ভৱ নহয়। প্ৰকৃততে কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।
۩ وَلِلَّهِۤ يَسۡجُدُۤ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ طَوۡعٗا وَكَرۡهٗا وَظِلَٰلُهُم بِٱلۡغُدُوِّ وَٱلۡأٓصَالِ
আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্ব-ইচ্ছাই হওক নাইবা অনিচ্ছাই হওক আল্লাহক ছাজদাহ কৰে, আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)। (ছাজদাহ নং ২)
قُلۡ مَن رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ قُلِ ٱللَّهُۚ قُلۡ أَفَٱتَّخَذۡتُم مِّن دُونِهِۦٓ أَوۡلِيَآءَ لَا يَمۡلِكُونَ لِأَنفُسِهِمۡ نَفۡعٗا وَلَا ضَرّٗاۚ قُلۡ هَلۡ يَسۡتَوِي ٱلۡأَعۡمَىٰ وَٱلۡبَصِيرُ أَمۡ هَلۡ تَسۡتَوِي ٱلظُّلُمَٰتُ وَٱلنُّورُۗ أَمۡ جَعَلُواْ لِلَّهِ شُرَكَآءَ خَلَقُواْ كَخَلۡقِهِۦ فَتَشَٰبَهَ ٱلۡخَلۡقُ عَلَيۡهِمۡۚ قُلِ ٱللَّهُ خَٰلِقُ كُلِّ شَيۡءٖ وَهُوَ ٱلۡوَٰحِدُ ٱلۡقَهَّـٰرُ
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰেই সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।
أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَسَالَتۡ أَوۡدِيَةُۢ بِقَدَرِهَا فَٱحۡتَمَلَ ٱلسَّيۡلُ زَبَدٗا رَّابِيٗاۖ وَمِمَّا يُوقِدُونَ عَلَيۡهِ فِي ٱلنَّارِ ٱبۡتِغَآءَ حِلۡيَةٍ أَوۡ مَتَٰعٖ زَبَدٞ مِّثۡلُهُۥۚ كَذَٰلِكَ يَضۡرِبُ ٱللَّهُ ٱلۡحَقَّ وَٱلۡبَٰطِلَۚ فَأَمَّا ٱلزَّبَدُ فَيَذۡهَبُ جُفَآءٗۖ وَأَمَّا مَا يَنفَعُ ٱلنَّاسَ فَيَمۡكُثُ فِي ٱلۡأَرۡضِۚ كَذَٰلِكَ يَضۡرِبُ ٱللَّهُ ٱلۡأَمۡثَالَ
তেৱেঁই আকাশৰ পৰা পানী বৰষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনাবোৰক বহন কৰি লৈ যায়। এইদৰেই আৱৰ্জনাবোৰ উপৰি ভাগলৈ ভাহি আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতুক জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিখিনি মানুহৰ বাবে উপকাৰী সেইখিনি মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।
لِلَّذِينَ ٱسۡتَجَابُواْ لِرَبِّهِمُ ٱلۡحُسۡنَىٰۚ وَٱلَّذِينَ لَمۡ يَسۡتَجِيبُواْ لَهُۥ لَوۡ أَنَّ لَهُم مَّا فِي ٱلۡأَرۡضِ جَمِيعٗا وَمِثۡلَهُۥ مَعَهُۥ لَٱفۡتَدَوۡاْ بِهِۦٓۚ أُوْلَـٰٓئِكَ لَهُمۡ سُوٓءُ ٱلۡحِسَابِ وَمَأۡوَىٰهُمۡ جَهَنَّمُۖ وَبِئۡسَ ٱلۡمِهَادُ
যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, পৃথিৱীৰ বুকুত থকা সকলো সম্পদ যদি সিহঁতৰ হ’লহেঁতেন লগতে ইয়াৰ সমপৰিমাণ আৰু কিবাকিবি থাকিলহেঁতেন, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ) সিহঁতে সেই সকলো সম্পদ মুক্তিপণ হিচাপে দিবলৈ অৱশ্যে প্ৰস্তুত হ’লহেঁতেন। (জানি থোৱা) সিহঁতৰ হিচাব-নিকাচ হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাসস্থল, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
۞أَفَمَن يَعۡلَمُ أَنَّمَآ أُنزِلَ إِلَيۡكَ مِن رَّبِّكَ ٱلۡحَقُّ كَمَنۡ هُوَ أَعۡمَىٰٓۚ إِنَّمَا يَتَذَكَّرُ أُوْلُواْ ٱلۡأَلۡبَٰبِ
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেইটোক যি ব্যক্তিয়ে সত্য বুলি মানি লৈছে, সেইজন ব্যক্তি আৰু অন্ধ ব্যক্তি সমান নে? নিশ্চয় কেৱল বিবেকসম্পন্ন ব্যক্তিসকলেই উপদেশ গ্ৰহণ কৰে।
ٱلَّذِينَ يُوفُونَ بِعَهۡدِ ٱللَّهِ وَلَا يَنقُضُونَ ٱلۡمِيثَٰقَ
যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ ৰক্ষা কৰে আৰু চুক্তি ভংগ নকৰে,