Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦٓ إِذۡ قَالُواْ مَآ أَنزَلَ ٱللَّهُ عَلَىٰ بَشَرٖ مِّن شَيۡءٖۗ قُلۡ مَنۡ أَنزَلَ ٱلۡكِتَٰبَ ٱلَّذِي جَآءَ بِهِۦ مُوسَىٰ نُورٗا وَهُدٗى لِّلنَّاسِۖ تَجۡعَلُونَهُۥ قَرَاطِيسَ تُبۡدُونَهَا وَتُخۡفُونَ كَثِيرٗاۖ وَعُلِّمۡتُم مَّا لَمۡ تَعۡلَمُوٓاْ أَنتُمۡ وَلَآ ءَابَآؤُكُمۡۖ قُلِ ٱللَّهُۖ ثُمَّ ذَرۡهُمۡ فِي خَوۡضِهِمۡ يَلۡعَبُونَ

আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেইখন কিতাব যিখন মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখনক তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু কথা প্ৰকাশ কৰিছা আৰু বহুতখিনিকে গোপন কৰিছা, আৰু (সেই গ্ৰন্থৰ দ্বাৰা) তোমালোকক এনেকুৱা শিক্ষা দিয়া হৈছিল যিটো তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে জনা নাছিলা। কোৱা, (সেইখনক) ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।

وَهَٰذَا كِتَٰبٌ أَنزَلۡنَٰهُ مُبَارَكٞ مُّصَدِّقُ ٱلَّذِي بَيۡنَ يَدَيۡهِ وَلِتُنذِرَ أُمَّ ٱلۡقُرَىٰ وَمَنۡ حَوۡلَهَاۚ وَٱلَّذِينَ يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ يُؤۡمِنُونَ بِهِۦۖ وَهُمۡ عَلَىٰ صَلَاتِهِمۡ يُحَافِظُونَ

আৰু এইখন হৈছে বৰকতময় কিতাব যিখনক আমি অৱতীৰ্ণ কৰিছোঁ, যিখন ইয়াৰ আগৰ সকলো গ্ৰন্থৰ সমৰ্থক আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, লগতে তেওঁলোক ছালাতৰ প্ৰতিও যত্নৱান।

وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ قَالَ أُوحِيَ إِلَيَّ وَلَمۡ يُوحَ إِلَيۡهِ شَيۡءٞ وَمَن قَالَ سَأُنزِلُ مِثۡلَ مَآ أَنزَلَ ٱللَّهُۗ وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّـٰلِمُونَ فِي غَمَرَٰتِ ٱلۡمَوۡتِ وَٱلۡمَلَـٰٓئِكَةُ بَاسِطُوٓاْ أَيۡدِيهِمۡ أَخۡرِجُوٓاْ أَنفُسَكُمُۖ ٱلۡيَوۡمَ تُجۡزَوۡنَ عَذَابَ ٱلۡهُونِ بِمَا كُنتُمۡ تَقُولُونَ عَلَى ٱللَّهِ غَيۡرَ ٱلۡحَقِّ وَكُنتُمۡ عَنۡ ءَايَٰتِهِۦ تَسۡتَكۡبِرُونَ

আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰলৈ অহী আহে’, অথচ তাৰ ওচৰত একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিব পাৰোঁ’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ প্ৰতি অহংকাৰ কৰিছিলা’।

وَلَقَدۡ جِئۡتُمُونَا فُرَٰدَىٰ كَمَا خَلَقۡنَٰكُمۡ أَوَّلَ مَرَّةٖ وَتَرَكۡتُم مَّا خَوَّلۡنَٰكُمۡ وَرَآءَ ظُهُورِكُمۡۖ وَمَا نَرَىٰ مَعَكُمۡ شُفَعَآءَكُمُ ٱلَّذِينَ زَعَمۡتُمۡ أَنَّهُمۡ فِيكُمۡ شُرَكَـٰٓؤُاْۚ لَقَد تَّقَطَّعَ بَيۡنَكُمۡ وَضَلَّ عَنكُم مَّا كُنتُمۡ تَزۡعُمُونَ

নিশ্চয় (আজি) তোমালোকে আমাৰ ওচৰলৈ নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলোঁ সেইবোৰ তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক (আল্লাহৰ সৈতে) অংশী বুলি ভাৱিছিলা, সেই চুপাৰিছকাৰী বিলাকো দেখোন (আজি) তোমালোকৰ লগত নাই। নিশ্চয় তোমালোকৰ মাজৰ সম্পৰ্ক আজি বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।

۞إِنَّ ٱللَّهَ فَالِقُ ٱلۡحَبِّ وَٱلنَّوَىٰۖ يُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَمُخۡرِجُ ٱلۡمَيِّتِ مِنَ ٱلۡحَيِّۚ ذَٰلِكُمُ ٱللَّهُۖ فَأَنَّىٰ تُؤۡفَكُونَ

নিশ্চয় আল্লাহেই শস্য-বীজ আৰু গুটি আদিক অংকুৰিত কৰে, তেৱেঁই প্ৰাণহীনৰ পৰা জীৱন্তক উলিয়ায় আৰু জীৱন্তৰ পৰা প্ৰাণহীনক উলিয়ায়। তেৱেঁই আল্লাহ, এতেকে তোমালোক ক’লৈ উভতি যাবা?

فَالِقُ ٱلۡإِصۡبَاحِ وَجَعَلَ ٱلَّيۡلَ سَكَنٗا وَٱلشَّمۡسَ وَٱلۡقَمَرَ حُسۡبَانٗاۚ ذَٰلِكَ تَقۡدِيرُ ٱلۡعَزِيزِ ٱلۡعَلِيمِ

তেৱেঁই প্ৰভাতৰ উদ্ভাসক, আৰু তেৱেঁই ৰাতিক প্ৰশান্তিৰ বাবে লগতে সূৰ্য আৰু চন্দ্ৰক সময়ৰ নিৰুপক বনাইছে, এইবোৰ পৰাক্ৰমশালী, মহাজ্ঞানী আল্লাহৰ নিৰ্ধাৰণ।

وَهُوَ ٱلَّذِي جَعَلَ لَكُمُ ٱلنُّجُومَ لِتَهۡتَدُواْ بِهَا فِي ظُلُمَٰتِ ٱلۡبَرِّ وَٱلۡبَحۡرِۗ قَدۡ فَصَّلۡنَا ٱلۡأٓيَٰتِ لِقَوۡمٖ يَعۡلَمُونَ

আৰু তেৱেঁই তোমালোকৰ বাবে তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছোঁ।

وَهُوَ ٱلَّذِيٓ أَنشَأَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ فَمُسۡتَقَرّٞ وَمُسۡتَوۡدَعٞۗ قَدۡ فَصَّلۡنَا ٱلۡأٓيَٰتِ لِقَوۡمٖ يَفۡقَهُونَ

আৰু তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে (তোমালোকৰ বাবে) আছে স্থায়ী আৰু অস্থায়ী বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ।

وَهُوَ ٱلَّذِيٓ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجۡنَا بِهِۦ نَبَاتَ كُلِّ شَيۡءٖ فَأَخۡرَجۡنَا مِنۡهُ خَضِرٗا نُّخۡرِجُ مِنۡهُ حَبّٗا مُّتَرَاكِبٗا وَمِنَ ٱلنَّخۡلِ مِن طَلۡعِهَا قِنۡوَانٞ دَانِيَةٞ وَجَنَّـٰتٖ مِّنۡ أَعۡنَابٖ وَٱلزَّيۡتُونَ وَٱلرُّمَّانَ مُشۡتَبِهٗا وَغَيۡرَ مُتَشَٰبِهٍۗ ٱنظُرُوٓاْ إِلَىٰ ثَمَرِهِۦٓ إِذَآ أَثۡمَرَ وَيَنۡعِهِۦٓۚ إِنَّ فِي ذَٰلِكُمۡ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ

তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰোঁ, আৰু উৎপন্ন কৰোঁ সেউজীয়া ডাল-পাত, যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্যদানা উৎপাদন কৰোঁ, আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াওঁ ওলমি থকা খেজুৰৰ থোক, আৰু উৎপাদন কৰোঁ আঙুৰ, যায়তুন লগতে ডালিমৰ বাগিছা। কিছুমান আছে সদৃশপূৰ্ণ আৰু আন কিছুমান আছে অমিল। চোৱা, সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ পুৰঠ হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি। নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে সেইবোৰৰ মাজত নিদৰ্শনাৱলী।

وَجَعَلُواْ لِلَّهِ شُرَكَآءَ ٱلۡجِنَّ وَخَلَقَهُمۡۖ وَخَرَقُواْ لَهُۥ بَنِينَ وَبَنَٰتِۭ بِغَيۡرِ عِلۡمٖۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يَصِفُونَ

আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now