Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَلَا تَأۡكُلُواْ مِمَّا لَمۡ يُذۡكَرِ ٱسۡمُ ٱللَّهِ عَلَيۡهِ وَإِنَّهُۥ لَفِسۡقٞۗ وَإِنَّ ٱلشَّيَٰطِينَ لَيُوحُونَ إِلَىٰٓ أَوۡلِيَآئِهِمۡ لِيُجَٰدِلُوكُمۡۖ وَإِنۡ أَطَعۡتُمُوهُمۡ إِنَّكُمۡ لَمُشۡرِكُونَ

আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই, তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ সৈতে বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোকেও মুশ্বৰিক হৈ পৰিবা।

أَوَمَن كَانَ مَيۡتٗا فَأَحۡيَيۡنَٰهُ وَجَعَلۡنَا لَهُۥ نُورٗا يَمۡشِي بِهِۦ فِي ٱلنَّاسِ كَمَن مَّثَلُهُۥ فِي ٱلظُّلُمَٰتِ لَيۡسَ بِخَارِجٖ مِّنۡهَاۚ كَذَٰلِكَ زُيِّنَ لِلۡكَٰفِرِينَ مَا كَانُواْ يَعۡمَلُونَ

যি ব্যক্তি মৃত আছিল (অৰ্থাৎ যাৰ অস্তিত্ব নাছিল), যাক আমি পিছত জীৱিত কৰিছোঁ আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ জ্যোতি, যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলা-ফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য’ৰ পৰা সি কেতিয়াও ওলাব নোৱাৰিব? এইদৰেই কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে।

وَكَذَٰلِكَ جَعَلۡنَا فِي كُلِّ قَرۡيَةٍ أَكَٰبِرَ مُجۡرِمِيهَا لِيَمۡكُرُواْ فِيهَاۖ وَمَا يَمۡكُرُونَ إِلَّا بِأَنفُسِهِمۡ وَمَا يَشۡعُرُونَ

আৰু এইদৰে আমি প্ৰতিটো জনপদৰ প্ৰধানক অপৰাধী হিচাপে এৰি দিছোঁ, যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।

وَإِذَا جَآءَتۡهُمۡ ءَايَةٞ قَالُواْ لَن نُّؤۡمِنَ حَتَّىٰ نُؤۡتَىٰ مِثۡلَ مَآ أُوتِيَ رُسُلُ ٱللَّهِۘ ٱللَّهُ أَعۡلَمُ حَيۡثُ يَجۡعَلُ رِسَالَتَهُۥۗ سَيُصِيبُ ٱلَّذِينَ أَجۡرَمُواْ صَغَارٌ عِندَ ٱللَّهِ وَعَذَابٞ شَدِيدُۢ بِمَا كَانُواْ يَمۡكُرُونَ

আৰু যেতিয়া সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, ‘আল্লাহৰ ৰাছুলসকলক যি প্ৰদান কৰা হৈছিল সেয়া আমাক প্ৰদান নকৰালৈকে আমি কেতিয়াও ঈমান পোষণ নকৰোঁ’। আল্লাহে তেওঁৰ ৰিছালত ক’ত অৰ্পন কৰিব সেইটো তেৱেঁই ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে, সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ’ব।

فَمَن يُرِدِ ٱللَّهُ أَن يَهۡدِيَهُۥ يَشۡرَحۡ صَدۡرَهُۥ لِلۡإِسۡلَٰمِۖ وَمَن يُرِدۡ أَن يُضِلَّهُۥ يَجۡعَلۡ صَدۡرَهُۥ ضَيِّقًا حَرَجٗا كَأَنَّمَا يَصَّعَّدُ فِي ٱلسَّمَآءِۚ كَذَٰلِكَ يَجۡعَلُ ٱللَّهُ ٱلرِّجۡسَ عَلَى ٱلَّذِينَ لَا يُؤۡمِنُونَ

এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (ফলত সেই ব্যক্তিৰ বাবে ইছলামৰ অনুসৰণ) এনে লাগে যেন সি বহু কষ্টৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।

وَهَٰذَا صِرَٰطُ رَبِّكَ مُسۡتَقِيمٗاۗ قَدۡ فَصَّلۡنَا ٱلۡأٓيَٰتِ لِقَوۡمٖ يَذَّكَّرُونَ

আৰু এইটোৱেই তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ। যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ।

۞لَهُمۡ دَارُ ٱلسَّلَٰمِ عِندَ رَبِّهِمۡۖ وَهُوَ وَلِيُّهُم بِمَا كَانُواْ يَعۡمَلُونَ

তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল, তাৰ বাবে তেৱেঁই তেওঁলোকৰ অভিভাৱক।

وَيَوۡمَ يَحۡشُرُهُمۡ جَمِيعٗا يَٰمَعۡشَرَ ٱلۡجِنِّ قَدِ ٱسۡتَكۡثَرۡتُم مِّنَ ٱلۡإِنسِۖ وَقَالَ أَوۡلِيَآؤُهُم مِّنَ ٱلۡإِنسِ رَبَّنَا ٱسۡتَمۡتَعَ بَعۡضُنَا بِبَعۡضٖ وَبَلَغۡنَآ أَجَلَنَا ٱلَّذِيٓ أَجَّلۡتَ لَنَاۚ قَالَ ٱلنَّارُ مَثۡوَىٰكُمۡ خَٰلِدِينَ فِيهَآ إِلَّا مَا شَآءَ ٱللَّهُۚ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٞ

আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব (আৰু ক’ব), ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহুতো লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি ইজনে সিজনৰ পৰা উপকৃত হৈছিলোঁ আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছোঁ’। আল্লাহে ক’ব, ‘জাহান্নামেই হৈছে তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময়, সৰ্বজ্ঞ।

وَكَذَٰلِكَ نُوَلِّي بَعۡضَ ٱلظَّـٰلِمِينَ بَعۡضَۢا بِمَا كَانُواْ يَكۡسِبُونَ

আৰু এইদৰেই আমি যালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গঢ়াই দিওঁ, সিহঁতে যি অৰ্জন কৰিছিল তাৰ কাৰণে।

يَٰمَعۡشَرَ ٱلۡجِنِّ وَٱلۡإِنسِ أَلَمۡ يَأۡتِكُمۡ رُسُلٞ مِّنكُمۡ يَقُصُّونَ عَلَيۡكُمۡ ءَايَٰتِي وَيُنذِرُونَكُمۡ لِقَآءَ يَوۡمِكُمۡ هَٰذَاۚ قَالُواْ شَهِدۡنَا عَلَىٰٓ أَنفُسِنَاۖ وَغَرَّتۡهُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا وَشَهِدُواْ عَلَىٰٓ أَنفُسِهِمۡ أَنَّهُمۡ كَانُواْ كَٰفِرِينَ

‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰলৈ ৰাছুলসকল অহা নাছিলনে? যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিৱসৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলোঁ’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁতে কাফিৰ আছিল।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now