Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

سَنُلۡقِي فِي قُلُوبِ ٱلَّذِينَ كَفَرُواْ ٱلرُّعۡبَ بِمَآ أَشۡرَكُواْ بِٱللَّهِ مَا لَمۡ يُنَزِّلۡ بِهِۦ سُلۡطَٰنٗاۖ وَمَأۡوَىٰهُمُ ٱلنَّارُۖ وَبِئۡسَ مَثۡوَى ٱلظَّـٰلِمِينَ

অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট!

وَلَقَدۡ صَدَقَكُمُ ٱللَّهُ وَعۡدَهُۥٓ إِذۡ تَحُسُّونَهُم بِإِذۡنِهِۦۖ حَتَّىٰٓ إِذَا فَشِلۡتُمۡ وَتَنَٰزَعۡتُمۡ فِي ٱلۡأَمۡرِ وَعَصَيۡتُم مِّنۢ بَعۡدِ مَآ أَرَىٰكُم مَّا تُحِبُّونَۚ مِنكُم مَّن يُرِيدُ ٱلدُّنۡيَا وَمِنكُم مَّن يُرِيدُ ٱلۡأٓخِرَةَۚ ثُمَّ صَرَفَكُمۡ عَنۡهُمۡ لِيَبۡتَلِيَكُمۡۖ وَلَقَدۡ عَفَا عَنكُمۡۗ وَٱللَّهُ ذُو فَضۡلٍ عَلَى ٱلۡمُؤۡمِنِينَ

নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱাইছিলা আৰু (ৰাছুলৰ) নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিছিলা আৰু যি তোমালোকে ভালপোৱা (বিজয়) সেয়া দেখুৱাৰ পিছত তোমালোকে অবাধ্য হৈছিলা। কাৰণ, তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমান আছিল আখিৰাতৰ অভিলাষী। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ (তোমালোকৰ শত্ৰুসকলৰ) পৰা পশ্চাদবৰ্তী কৰালে। তথাপিও (কিন্তু) তেওঁ তোমালোকক ক্ষমা কৰি দিছে। কাৰণ আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল।

۞إِذۡ تُصۡعِدُونَ وَلَا تَلۡوُۥنَ عَلَىٰٓ أَحَدٖ وَٱلرَّسُولُ يَدۡعُوكُمۡ فِيٓ أُخۡرَىٰكُمۡ فَأَثَٰبَكُمۡ غَمَّۢا بِغَمّٖ لِّكَيۡلَا تَحۡزَنُواْ عَلَىٰ مَا فَاتَكُمۡ وَلَا مَآ أَصَٰبَكُمۡۗ وَٱللَّهُ خَبِيرُۢ بِمَا تَعۡمَلُونَ

স্মৰণ কৰা, যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালে ঘূৰি চোৱা নাছিলা, আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল। ফলত তেওঁ (আল্লাহে) তোমালোকক বিপদৰ ওপৰত বিপদ দিছিল, যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহিছে তাৰ বাবে তোমালোকে দুঃখিত নোহোৱা; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।

ثُمَّ أَنزَلَ عَلَيۡكُم مِّنۢ بَعۡدِ ٱلۡغَمِّ أَمَنَةٗ نُّعَاسٗا يَغۡشَىٰ طَآئِفَةٗ مِّنكُمۡۖ وَطَآئِفَةٞ قَدۡ أَهَمَّتۡهُمۡ أَنفُسُهُمۡ يَظُنُّونَ بِٱللَّهِ غَيۡرَ ٱلۡحَقِّ ظَنَّ ٱلۡجَٰهِلِيَّةِۖ يَقُولُونَ هَل لَّنَا مِنَ ٱلۡأَمۡرِ مِن شَيۡءٖۗ قُلۡ إِنَّ ٱلۡأَمۡرَ كُلَّهُۥ لِلَّهِۗ يُخۡفُونَ فِيٓ أَنفُسِهِم مَّا لَا يُبۡدُونَ لَكَۖ يَقُولُونَ لَوۡ كَانَ لَنَا مِنَ ٱلۡأَمۡرِ شَيۡءٞ مَّا قُتِلۡنَا هَٰهُنَاۗ قُل لَّوۡ كُنتُمۡ فِي بُيُوتِكُمۡ لَبَرَزَ ٱلَّذِينَ كُتِبَ عَلَيۡهِمُ ٱلۡقَتۡلُ إِلَىٰ مَضَاجِعِهِمۡۖ وَلِيَبۡتَلِيَ ٱللَّهُ مَا فِي صُدُورِكُمۡ وَلِيُمَحِّصَ مَا فِي قُلُوبِكُمۡۚ وَٱللَّهُ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ

দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল আৰু এটা দলে অজ্ঞতা যুগৰ অজ্ঞতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে, ‘আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, ‘সকলো বিষয় আল্লাহৰেই ইখতিয়াৰত’। সিহঁতে নিজৰ অন্তৰত এনেকুৱা কিছুমান বিষয় গোপন ৰাখে যিবোৰ তোমাৰ ওচৰত প্ৰকাশ নকৰে। সিহঁতে কয়, ‘এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহ’লোহেঁতেন’। কোৱা, ‘যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও নিহত হোৱা যিসকলৰ বাবে অৱধাৰিত আছিল সিহঁতে নিজৰ মৃত্যুস্থানত ওলাই আহিলহেঁতেন’। এইটো এইবাবে যে, তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰিশোধন কৰে; আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

إِنَّ ٱلَّذِينَ تَوَلَّوۡاْ مِنكُمۡ يَوۡمَ ٱلۡتَقَى ٱلۡجَمۡعَانِ إِنَّمَا ٱسۡتَزَلَّهُمُ ٱلشَّيۡطَٰنُ بِبَعۡضِ مَا كَسَبُواْۖ وَلَقَدۡ عَفَا ٱللَّهُ عَنۡهُمۡۗ إِنَّ ٱللَّهَ غَفُورٌ حَلِيمٞ

যিদিনা দুয়ো দল পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল, সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলতে চয়তানে সিহঁতৰ পদস্খলন ঘটাইছিল। নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিছে। নিঃসন্দেহে আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَكُونُواْ كَٱلَّذِينَ كَفَرُواْ وَقَالُواْ لِإِخۡوَٰنِهِمۡ إِذَا ضَرَبُواْ فِي ٱلۡأَرۡضِ أَوۡ كَانُواْ غُزّٗى لَّوۡ كَانُواْ عِندَنَا مَا مَاتُواْ وَمَا قُتِلُواْ لِيَجۡعَلَ ٱللَّهُ ذَٰلِكَ حَسۡرَةٗ فِي قُلُوبِهِمۡۗ وَٱللَّهُ يُحۡيِۦ وَيُمِيتُۗ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرٞ

হে মুমিনসকল! তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে কুফুৰী কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ-বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয়, ‘সিহঁত যদি আমাৰ লগত থাকিলহেঁতেন তেন্তে সিহঁত নমৰিলহেঁতেন আৰু নিহত নহ’লহেঁতেন’। ফলত আল্লাহে এই বিষয়টোক সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে; দৰাচলতে আল্লাহেই জীৱন দান কৰে আৰু মৃত্যু ঘটায়, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

وَلَئِن قُتِلۡتُمۡ فِي سَبِيلِ ٱللَّهِ أَوۡ مُتُّمۡ لَمَغۡفِرَةٞ مِّنَ ٱللَّهِ وَرَحۡمَةٌ خَيۡرٞ مِّمَّا يَجۡمَعُونَ

যদি তোমালোকে আল্লাহৰ পথত নিহত হোৱা অথবা তোমালোকে মৃত্যুবৰণ কৰা, (তেন্তে জানি থোৱা) আল্লাহৰ ক্ষমা আৰু দয়া সিহঁতে সঞ্চয় কৰা সম্পদতকৈও উত্তম।

وَلَئِن مُّتُّمۡ أَوۡ قُتِلۡتُمۡ لَإِلَى ٱللَّهِ تُحۡشَرُونَ

আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতেই সমবেত কৰা হ’ব।

فَبِمَا رَحۡمَةٖ مِّنَ ٱللَّهِ لِنتَ لَهُمۡۖ وَلَوۡ كُنتَ فَظًّا غَلِيظَ ٱلۡقَلۡبِ لَٱنفَضُّواْ مِنۡ حَوۡلِكَۖ فَٱعۡفُ عَنۡهُمۡ وَٱسۡتَغۡفِرۡ لَهُمۡ وَشَاوِرۡهُمۡ فِي ٱلۡأَمۡرِۖ فَإِذَا عَزَمۡتَ فَتَوَكَّلۡ عَلَى ٱللَّهِۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُتَوَكِّلِينَ

এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহে (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।

إِن يَنصُرۡكُمُ ٱللَّهُ فَلَا غَالِبَ لَكُمۡۖ وَإِن يَخۡذُلۡكُمۡ فَمَن ذَا ٱلَّذِي يَنصُرُكُم مِّنۢ بَعۡدِهِۦۗ وَعَلَى ٱللَّهِ فَلۡيَتَوَكَّلِ ٱلۡمُؤۡمِنُونَ

আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত কোনেও জয়ী হ’ব নোৱাৰিব; আনহাতে তেওঁ তোমালোকক সহায় নকৰিলে, তেওঁৰ বাহিৰে কোন আছে, যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now