Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

۞يَسۡتَبۡشِرُونَ بِنِعۡمَةٖ مِّنَ ٱللَّهِ وَفَضۡلٖ وَأَنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُؤۡمِنِينَ

তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহ পাই আনন্দ প্ৰকাশ কৰে। নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে।

ٱلَّذِينَ ٱسۡتَجَابُواْ لِلَّهِ وَٱلرَّسُولِ مِنۢ بَعۡدِ مَآ أَصَابَهُمُ ٱلۡقَرۡحُۚ لِلَّذِينَ أَحۡسَنُواْ مِنۡهُمۡ وَٱتَّقَوۡاْ أَجۡرٌ عَظِيمٌ

যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।

ٱلَّذِينَ قَالَ لَهُمُ ٱلنَّاسُ إِنَّ ٱلنَّاسَ قَدۡ جَمَعُواْ لَكُمۡ فَٱخۡشَوۡهُمۡ فَزَادَهُمۡ إِيمَٰنٗا وَقَالُواْ حَسۡبُنَا ٱللَّهُ وَنِعۡمَ ٱلۡوَكِيلُ

তেওঁলোকক মানুহে কৈছিল, ‘তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা উচিত’, কিন্তু এই কথাই তেওঁলোকৰ ঈমান আৰু অধিক বৃদ্ধিহে কৰিলে লগতে তেওঁলোকে ক’লে, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ কিমান যে উত্তম কৰ্মবিধায়ক’!

فَٱنقَلَبُواْ بِنِعۡمَةٖ مِّنَ ٱللَّهِ وَفَضۡلٖ لَّمۡ يَمۡسَسۡهُمۡ سُوٓءٞ وَٱتَّبَعُواْ رِضۡوَٰنَ ٱللَّهِۗ وَٱللَّهُ ذُو فَضۡلٍ عَظِيمٍ

তাৰ পিছত তেওঁলোক আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহসহ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল; (জানি থোৱা) আল্লাহ মহা অনুগ্ৰহশীল।

إِنَّمَا ذَٰلِكُمُ ٱلشَّيۡطَٰنُ يُخَوِّفُ أَوۡلِيَآءَهُۥ فَلَا تَخَافُوهُمۡ وَخَافُونِ إِن كُنتُم مُّؤۡمِنِينَ

দৰাচলতে সেই (ভয় দেখুৱা ব্যক্তি)জন আছিল চয়তান। যিয়ে তোমালোকক তাৰ (কাফিৰ) বন্ধুসকলৰ ভয় দেখুৱায়; এতেকে যদি তোমালোকে মুমিন হোৱা, তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।

وَلَا يَحۡزُنكَ ٱلَّذِينَ يُسَٰرِعُونَ فِي ٱلۡكُفۡرِۚ إِنَّهُمۡ لَن يَضُرُّواْ ٱللَّهَ شَيۡـٔٗاۚ يُرِيدُ ٱللَّهُ أَلَّا يَجۡعَلَ لَهُمۡ حَظّٗا فِي ٱلۡأٓخِرَةِۖ وَلَهُمۡ عَذَابٌ عَظِيمٌ

যিসকলে কুফুৰীৰ ফালে দ্ৰুতগামী, সিহঁতৰ আচৰণে যেন তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে। সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে; আৰু সিহঁতৰ বাবে আছে মহা শাস্তি।

إِنَّ ٱلَّذِينَ ٱشۡتَرَوُاْ ٱلۡكُفۡرَ بِٱلۡإِيمَٰنِ لَن يَضُرُّواْ ٱللَّهَ شَيۡـٔٗاۖ وَلَهُمۡ عَذَابٌ أَلِيمٞ

নিশ্চয় যিসকলে ঈমানৰ বিনিময়ত কুফুৰী কিনি লৈছে সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

وَلَا يَحۡسَبَنَّ ٱلَّذِينَ كَفَرُوٓاْ أَنَّمَا نُمۡلِي لَهُمۡ خَيۡرٞ لِّأَنفُسِهِمۡۚ إِنَّمَا نُمۡلِي لَهُمۡ لِيَزۡدَادُوٓاْ إِثۡمٗاۖ وَلَهُمۡ عَذَابٞ مُّهِينٞ

কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ বাবে মঙ্গলজনক; বৰং আমি সিহঁতক এইকাৰণে অৱকাশ দিওঁ যাতে সিহঁতৰ পাপ বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

مَّا كَانَ ٱللَّهُ لِيَذَرَ ٱلۡمُؤۡمِنِينَ عَلَىٰ مَآ أَنتُمۡ عَلَيۡهِ حَتَّىٰ يَمِيزَ ٱلۡخَبِيثَ مِنَ ٱلطَّيِّبِۗ وَمَا كَانَ ٱللَّهُ لِيُطۡلِعَكُمۡ عَلَى ٱلۡغَيۡبِ وَلَٰكِنَّ ٱللَّهَ يَجۡتَبِي مِن رُّسُلِهِۦ مَن يَشَآءُۖ فَـَٔامِنُواْ بِٱللَّهِ وَرُسُلِهِۦۚ وَإِن تُؤۡمِنُواْ وَتَتَّقُواْ فَلَكُمۡ أَجۡرٌ عَظِيمٞ

পৱিত্ৰক (মুমিনক) অপৱিত্ৰৰ (মুনাফিকৰ) পৰা পৃথক নকৰালৈকে তোমালোকে যি অৱস্থাত আছা সেই অৱস্থাত আল্লাহে মুমিনসকলক এৰি দিব নোৱাৰে। এইদৰে গায়েব (অদৃশ্য) সম্পৰ্কে তোমালোকক অৱহিত কৰাটোও আল্লাহৰ নিয়ম নহয়; কিন্তু (এইক্ষেত্ৰত) আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে তোমালোকৰ বাবে আছে মহা পুৰস্কাৰ।

وَلَا يَحۡسَبَنَّ ٱلَّذِينَ يَبۡخَلُونَ بِمَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضۡلِهِۦ هُوَ خَيۡرٗا لَّهُمۖ بَلۡ هُوَ شَرّٞ لَّهُمۡۖ سَيُطَوَّقُونَ مَا بَخِلُواْ بِهِۦ يَوۡمَ ٱلۡقِيَٰمَةِۗ وَلِلَّهِ مِيرَٰثُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ وَٱللَّهُ بِمَا تَعۡمَلُونَ خَبِيرٞ

আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে তাকলৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এইটো কল্যাণকৰ। বৰং এই (কৃপণতা) সিহঁতৰ বাবে অমঙ্গল। সিহঁতে যি সম্পত্তিকলৈ কৃপণতা কৰি আছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব। আকাশমণ্ডল আৰু পৃথিৱীৰ স্বত্বাধিকাৰ একমাত্ৰ আল্লাহৰেই। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now