بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَسۡـَٔلُواْ عَنۡ أَشۡيَآءَ إِن تُبۡدَ لَكُمۡ تَسُؤۡكُمۡ وَإِن تَسۡـَٔلُواْ عَنۡهَا حِينَ يُنَزَّلُ ٱلۡقُرۡءَانُ تُبۡدَ لَكُمۡ عَفَا ٱللَّهُ عَنۡهَاۗ وَٱللَّهُ غَفُورٌ حَلِيمٞ
হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা। কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে তোমালোকৰ ওচৰত প্ৰকাশ কৰি দিয়া হ’ব। আল্লাহে (আগৰ) সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল, সহনশীল।
قَدۡ سَأَلَهَا قَوۡمٞ مِّن قَبۡلِكُمۡ ثُمَّ أَصۡبَحُواْ بِهَا كَٰفِرِينَ
তোমালোকৰ আগতেও এটা সম্প্ৰদায়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল; তাৰ পিছত সিহঁতে ইয়াৰ কাৰণে কাফিৰ হৈ গৈছিল।
مَا جَعَلَ ٱللَّهُ مِنۢ بَحِيرَةٖ وَلَا سَآئِبَةٖ وَلَا وَصِيلَةٖ وَلَا حَامٖ وَلَٰكِنَّ ٱلَّذِينَ كَفَرُواْ يَفۡتَرُونَ عَلَى ٱللَّهِ ٱلۡكَذِبَۖ وَأَكۡثَرُهُمۡ لَا يَعۡقِلُونَ
বাহীৰাহ, ছায়েবাহ, অছীলাহ আৰু হাম (এইবোৰ বিধান) আল্লাহে প্ৰৱৰ্তন কৰা নাই; কিন্তু কাফিৰসকলে (এইবোৰ প্ৰণয়ন কৰি) আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰিছে। সিহঁতৰ অধিকাংশই নুবুজে।
وَإِذَا قِيلَ لَهُمۡ تَعَالَوۡاْ إِلَىٰ مَآ أَنزَلَ ٱللَّهُ وَإِلَى ٱلرَّسُولِ قَالُواْ حَسۡبُنَا مَا وَجَدۡنَا عَلَيۡهِ ءَابَآءَنَآۚ أَوَلَوۡ كَانَ ءَابَآؤُهُمۡ لَا يَعۡلَمُونَ شَيۡـٔٗا وَلَا يَهۡتَدُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা’, তেতিয়া সিহঁতে কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছোঁ সেইটোৱেই আমাৰ বাবে যথেষ্ট’। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও সিহঁতৰ অনুসৰণ কৰিবনে?)
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ عَلَيۡكُمۡ أَنفُسَكُمۡۖ لَا يَضُرُّكُم مَّن ضَلَّ إِذَا ٱهۡتَدَيۡتُمۡۚ إِلَى ٱللَّهِ مَرۡجِعُكُمۡ جَمِيعٗا فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ
হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আল্লাহৰ পিনেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন হ'ব, তাৰ পিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ شَهَٰدَةُ بَيۡنِكُمۡ إِذَا حَضَرَ أَحَدَكُمُ ٱلۡمَوۡتُ حِينَ ٱلۡوَصِيَّةِ ٱثۡنَانِ ذَوَا عَدۡلٖ مِّنكُمۡ أَوۡ ءَاخَرَانِ مِنۡ غَيۡرِكُمۡ إِنۡ أَنتُمۡ ضَرَبۡتُمۡ فِي ٱلۡأَرۡضِ فَأَصَٰبَتۡكُم مُّصِيبَةُ ٱلۡمَوۡتِۚ تَحۡبِسُونَهُمَا مِنۢ بَعۡدِ ٱلصَّلَوٰةِ فَيُقۡسِمَانِ بِٱللَّهِ إِنِ ٱرۡتَبۡتُمۡ لَا نَشۡتَرِي بِهِۦ ثَمَنٗا وَلَوۡ كَانَ ذَا قُرۡبَىٰ وَلَا نَكۡتُمُ شَهَٰدَةَ ٱللَّهِ إِنَّآ إِذٗا لَّمِنَ ٱلۡأٓثِمِينَ
হে মুমিনসকল! তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অছিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; অথবা যদি তোমালোক ভ্ৰমণত থাকোঁতে তোমালোকক মৃত্যুৰ বিপদে আহি ধৰে তেন্তে আন মানুহৰ (অমুছলিমসকলৰ) পৰা দুজন মানুহক সাক্ষী মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে ছালাতৰ পিছত অপেক্ষাত ৰাখিবা। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰোঁ যদিও সি আমাৰ কোনো আত্মীয়ই নহওক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰিম, (যদি আমি এনেকুৱা কৰোঁ তেন্তে) নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভুক্ত হম’।
فَإِنۡ عُثِرَ عَلَىٰٓ أَنَّهُمَا ٱسۡتَحَقَّآ إِثۡمٗا فَـَٔاخَرَانِ يَقُومَانِ مَقَامَهُمَا مِنَ ٱلَّذِينَ ٱسۡتَحَقَّ عَلَيۡهِمُ ٱلۡأَوۡلَيَٰنِ فَيُقۡسِمَانِ بِٱللَّهِ لَشَهَٰدَتُنَآ أَحَقُّ مِن شَهَٰدَتِهِمَا وَمَا ٱعۡتَدَيۡنَآ إِنَّآ إِذٗا لَّمِنَ ٱلظَّـٰلِمِينَ
কিন্তু যদি এইটো প্ৰকাশ হয় যে, সিহঁত দুজন অপৰাধত লিপ্ত হৈছে তেন্তে যিসকলৰ স্বাৰ্থহানী হৈছে সিহঁতৰ মাজৰ পৰা (মৃত ব্যক্তিৰ) নিকটতম দুজন ব্যক্তি সিহঁত দুজনৰ স্থলাভিষিক্ত হ’ব আৰু আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমাৰ সাক্ষ্য নিশ্চয় সিহঁতৰ সাক্ষ্যৰ পৰা অধিক সত্য আৰু আমি সীমালংঘন কৰা নাই, (আৰু যদি আমি এনেকুৱা কৰি থাকোঁ তেন্তে) নিশ্চয় আমি যালিমসকলৰ অন্তৰ্ভুক্ত হম’।
ذَٰلِكَ أَدۡنَىٰٓ أَن يَأۡتُواْ بِٱلشَّهَٰدَةِ عَلَىٰ وَجۡهِهَآ أَوۡ يَخَافُوٓاْ أَن تُرَدَّ أَيۡمَٰنُۢ بَعۡدَ أَيۡمَٰنِهِمۡۗ وَٱتَّقُواْ ٱللَّهَ وَٱسۡمَعُواْۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡفَٰسِقِينَ
এই পদ্ধতিয়েই হৈছে অতি নিকটতম যে, সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব অথবা সিহঁতে (মিছা সাক্ষ্য প্ৰদানকাৰীসকলে) ভয় কৰিব যে, সিহঁতৰ (নিকটাত্মীসকলৰ) শপতৰ পিছত (পূৰ্বোক্ত) শপত প্ৰত্যাখ্যান কৰা হ’ব। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।
۞يَوۡمَ يَجۡمَعُ ٱللَّهُ ٱلرُّسُلَ فَيَقُولُ مَاذَآ أُجِبۡتُمۡۖ قَالُواْ لَا عِلۡمَ لَنَآۖ إِنَّكَ أَنتَ عَلَّـٰمُ ٱلۡغُيُوبِ
(স্মৰণ কৰা) যিদিনা আল্লাহে ৰাছুলসকলক একত্ৰিত কৰিব আৰু সুধিব, ‘(উম্মতৰ ফালৰ পৰা) তোমালোকক কি উত্তৰ দিয়া হৈছিল’? তেওঁলোকে ক’ব, ‘এই বিষয়ে আমাৰ কোনো জ্ঞান নাই, নিশ্চয় গায়েব সম্পৰ্কে তুমিয়েই সৰ্বজ্ঞানী’।
إِذۡ قَالَ ٱللَّهُ يَٰعِيسَى ٱبۡنَ مَرۡيَمَ ٱذۡكُرۡ نِعۡمَتِي عَلَيۡكَ وَعَلَىٰ وَٰلِدَتِكَ إِذۡ أَيَّدتُّكَ بِرُوحِ ٱلۡقُدُسِ تُكَلِّمُ ٱلنَّاسَ فِي ٱلۡمَهۡدِ وَكَهۡلٗاۖ وَإِذۡ عَلَّمۡتُكَ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَٱلتَّوۡرَىٰةَ وَٱلۡإِنجِيلَۖ وَإِذۡ تَخۡلُقُ مِنَ ٱلطِّينِ كَهَيۡـَٔةِ ٱلطَّيۡرِ بِإِذۡنِي فَتَنفُخُ فِيهَا فَتَكُونُ طَيۡرَۢا بِإِذۡنِيۖ وَتُبۡرِئُ ٱلۡأَكۡمَهَ وَٱلۡأَبۡرَصَ بِإِذۡنِيۖ وَإِذۡ تُخۡرِجُ ٱلۡمَوۡتَىٰ بِإِذۡنِيۖ وَإِذۡ كَفَفۡتُ بَنِيٓ إِسۡرَـٰٓءِيلَ عَنكَ إِذۡ جِئۡتَهُم بِٱلۡبَيِّنَٰتِ فَقَالَ ٱلَّذِينَ كَفَرُواْ مِنۡهُمۡ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ
স্মৰণ কৰা, যেতিয়া আল্লাহে ক’ব, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতি আৰু তোমাৰ মাকৰ প্ৰতি মোৰ নিয়ামত স্মৰণ কৰা, যেতিয়া ৰুহুল কুদুছ প্ৰদান কৰি মই তোমাক শক্তিশালী কৰিছিলোঁ আৰু তুমি দোলনাত থকা অৱস্থাত লগতে পৰিণত বয়সতো মানুহৰ লগত কথা ক’ব পাৰিছিলা, তোমাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীল শিক্ষা দিছিলোঁ, তুমি বোকা মাটিৰে মোৰ অনুমতিক্ৰমত চৰাইৰ দৰে আকৃতি গঠণ কৰিছিলা আৰু তাত ফুঁ মাৰিছিলা, ফলত মোৰ অনুমতিক্ৰমে সেইটো চৰাই হৈ গৈছিল, জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক তুমি মোৰ অনুমতিক্ৰমে নিৰাময় কৰিব পাৰিছিলা আৰু তুমি মোৰ অনুমতিক্ৰমে মৃতক জীৱিত কৰিব পাৰিছিলা, আৰু স্মৰণ কৰা, যেতিয়া মই তোমাৰ পৰা বনী ইছৰাঈলক বিৰত ৰাখিছিলোঁ, যেতিয়া তুমি সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন আনিছিলা তেতিয়া সিহঁতৰ মাজৰ যিসকলে কুফুৰী কৰিছিল সিহঁতে কৈছিল, ‘এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।