Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱذۡكُرُواْ نِعۡمَتَ ٱللَّهِ عَلَيۡكُمۡ إِذۡ هَمَّ قَوۡمٌ أَن يَبۡسُطُوٓاْ إِلَيۡكُمۡ أَيۡدِيَهُمۡ فَكَفَّ أَيۡدِيَهُمۡ عَنكُمۡۖ وَٱتَّقُواْ ٱللَّهَۚ وَعَلَى ٱللَّهِ فَلۡيَتَوَكَّلِ ٱلۡمُؤۡمِنُونَ

হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহে কৰা নিয়ামত স্মৰণ কৰা যেতিয়া এটা সম্প্ৰদায়ে তোমালোকৰ বিৰুদ্ধে সিহঁতৰ হাত প্ৰসাৰিত কৰিবলৈ মনস্থ কৰিছিল, তাৰ পিছত আল্লাহেই সিহঁতৰ হাত তোমালোকৰ পৰা নিবৃত ৰাখিছিল। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে ভৰসা কৰা উচিত।

۞وَلَقَدۡ أَخَذَ ٱللَّهُ مِيثَٰقَ بَنِيٓ إِسۡرَـٰٓءِيلَ وَبَعَثۡنَا مِنۡهُمُ ٱثۡنَيۡ عَشَرَ نَقِيبٗاۖ وَقَالَ ٱللَّهُ إِنِّي مَعَكُمۡۖ لَئِنۡ أَقَمۡتُمُ ٱلصَّلَوٰةَ وَءَاتَيۡتُمُ ٱلزَّكَوٰةَ وَءَامَنتُم بِرُسُلِي وَعَزَّرۡتُمُوهُمۡ وَأَقۡرَضۡتُمُ ٱللَّهَ قَرۡضًا حَسَنٗا لَّأُكَفِّرَنَّ عَنكُمۡ سَيِّـَٔاتِكُمۡ وَلَأُدۡخِلَنَّكُمۡ جَنَّـٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۚ فَمَن كَفَرَ بَعۡدَ ذَٰلِكَ مِنكُمۡ فَقَدۡ ضَلَّ سَوَآءَ ٱلسَّبِيلِ

আৰু নিশ্চয় আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল আৰু আমি সিহঁতৰ মাজৰ পৰা বাৰজন লোকক নেতা নিযুক্তি দি পঠিয়াইছিলোঁ। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছোঁ, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা তেন্তে নিশ্চয় আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ তলদেশত নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফুৰী কৰিব সি নিশ্চিতভাৱে সৰল পথৰ পৰা আঁতৰি যাব।

فَبِمَا نَقۡضِهِم مِّيثَٰقَهُمۡ لَعَنَّـٰهُمۡ وَجَعَلۡنَا قُلُوبَهُمۡ قَٰسِيَةٗۖ يُحَرِّفُونَ ٱلۡكَلِمَ عَن مَّوَاضِعِهِۦ وَنَسُواْ حَظّٗا مِّمَّا ذُكِّرُواْ بِهِۦۚ وَلَا تَزَالُ تَطَّلِعُ عَلَىٰ خَآئِنَةٖ مِّنۡهُمۡ إِلَّا قَلِيلٗا مِّنۡهُمۡۖ فَٱعۡفُ عَنۡهُمۡ وَٱصۡفَحۡۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُحۡسِنِينَ

তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভংগ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছোঁ আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছোঁ, সিহঁতে শব্দবোৰক নিজ স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰ একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰোঁতে দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰীসকলক ভালপায়।

وَمِنَ ٱلَّذِينَ قَالُوٓاْ إِنَّا نَصَٰرَىٰٓ أَخَذۡنَا مِيثَٰقَهُمۡ فَنَسُواْ حَظّٗا مِّمَّا ذُكِّرُواْ بِهِۦ فَأَغۡرَيۡنَا بَيۡنَهُمُ ٱلۡعَدَاوَةَ وَٱلۡبَغۡضَآءَ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِۚ وَسَوۡفَ يُنَبِّئُهُمُ ٱللَّهُ بِمَا كَانُواْ يَصۡنَعُونَ

আৰু যিসকলে কয়, ‘আমি নাছাৰা’, সিহঁতৰো আমি অঙ্গীকাৰ গ্ৰহণ কৰিছিলোঁ; তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল। ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ সক্ৰিয় কৰি ৰাখিছোঁ। সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব।

يَـٰٓأَهۡلَ ٱلۡكِتَٰبِ قَدۡ جَآءَكُمۡ رَسُولُنَا يُبَيِّنُ لَكُمۡ كَثِيرٗا مِّمَّا كُنتُمۡ تُخۡفُونَ مِنَ ٱلۡكِتَٰبِ وَيَعۡفُواْ عَن كَثِيرٖۚ قَدۡ جَآءَكُم مِّنَ ٱللَّهِ نُورٞ وَكِتَٰبٞ مُّبِينٞ

হে কিতাবীসকল! নিশ্চয় তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছি ভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। নিশ্চয় আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি তথা স্পষ্ট কিতাব তোমালোকৰ ওচৰলৈ আহিছে।

يَهۡدِي بِهِ ٱللَّهُ مَنِ ٱتَّبَعَ رِضۡوَٰنَهُۥ سُبُلَ ٱلسَّلَٰمِ وَيُخۡرِجُهُم مِّنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِ بِإِذۡنِهِۦ وَيَهۡدِيهِمۡ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ

যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।

لَّقَدۡ كَفَرَ ٱلَّذِينَ قَالُوٓاْ إِنَّ ٱللَّهَ هُوَ ٱلۡمَسِيحُ ٱبۡنُ مَرۡيَمَۚ قُلۡ فَمَن يَمۡلِكُ مِنَ ٱللَّهِ شَيۡـًٔا إِنۡ أَرَادَ أَن يُهۡلِكَ ٱلۡمَسِيحَ ٱبۡنَ مَرۡيَمَ وَأُمَّهُۥ وَمَن فِي ٱلۡأَرۡضِ جَمِيعٗاۗ وَلِلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَاۚ يَخۡلُقُ مَا يَشَآءُۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ

নিশ্চয় সিহঁতে কুফুৰী কৰিছে যিসকলে কয় যে, ‘মাৰয়ামৰ পুত্ৰ মছীহেই হৈছে আল্লাহ’। কোৱা, ‘যদি আল্লাহে মছীহ ইবনে মাৰয়ামক আৰু তেওঁৰ মাকক লগতে পৃথিৱীত থকা সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে’? আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

وَقَالَتِ ٱلۡيَهُودُ وَٱلنَّصَٰرَىٰ نَحۡنُ أَبۡنَـٰٓؤُاْ ٱللَّهِ وَأَحِبَّـٰٓؤُهُۥۚ قُلۡ فَلِمَ يُعَذِّبُكُم بِذُنُوبِكُمۖ بَلۡ أَنتُم بَشَرٞ مِّمَّنۡ خَلَقَۚ يَغۡفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُۚ وَلِلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَاۖ وَإِلَيۡهِ ٱلۡمَصِيرُ

ইয়াহূদী আৰু নাছাৰাসকলে কয়, ‘আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয়পাত্ৰ’। কোৱা, ‘তেন্তে কিয় তেওঁ তোমালোকক তোমালোকৰ গুণাহৰ কাৰণে শাস্তি দিব? বৰং তোমালোকো হৈছা মানুহ, যিসকলক তেওঁ সৃষ্টি কৰিছে। যাক ইচ্ছা কৰে তেওঁ ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁ শাস্তি দিয়ে, আকাশসমূহ আৰু পৃথিৱীত লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই, আৰু তেওঁৰ ওচৰলৈকেই উভতি যাব লাগিব।

يَـٰٓأَهۡلَ ٱلۡكِتَٰبِ قَدۡ جَآءَكُمۡ رَسُولُنَا يُبَيِّنُ لَكُمۡ عَلَىٰ فَتۡرَةٖ مِّنَ ٱلرُّسُلِ أَن تَقُولُواْ مَا جَآءَنَا مِنۢ بَشِيرٖ وَلَا نَذِيرٖۖ فَقَدۡ جَآءَكُم بَشِيرٞ وَنَذِيرٞۗ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ

হে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা (দীৰ্ঘ) বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল (মুহাম্মদ) আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্টভাৱে (চৰীয়ত) ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰলৈ কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। এতেকে (জানি থোৱা) নিশ্চয় এতিয়া তোমালোকৰ ওচৰলৈ সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

وَإِذۡ قَالَ مُوسَىٰ لِقَوۡمِهِۦ يَٰقَوۡمِ ٱذۡكُرُواْ نِعۡمَةَ ٱللَّهِ عَلَيۡكُمۡ إِذۡ جَعَلَ فِيكُمۡ أَنۢبِيَآءَ وَجَعَلَكُم مُّلُوكٗا وَءَاتَىٰكُم مَّا لَمۡ يُؤۡتِ أَحَدٗا مِّنَ ٱلۡعَٰلَمِينَ

আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে তোমালোকৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা-বাদশ্বাহ বনাইছিল। লগতে তোমালোকক সেইটো প্ৰদান কৰিছিল যিটো সৃষ্টিজগতৰ কাকো দান কৰা নাছিল’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now