بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
۞وَقَالَ ٱرۡكَبُواْ فِيهَا بِسۡمِ ٱللَّهِ مَجۡرٜىٰهَا وَمُرۡسَىٰهَآۚ إِنَّ رَبِّي لَغَفُورٞ رَّحِيمٞ
আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ প্ৰতিপালক, অতি ক্ষমাশীল, পৰম দয়ালু’।
وَهِيَ تَجۡرِي بِهِمۡ فِي مَوۡجٖ كَٱلۡجِبَالِ وَنَادَىٰ نُوحٌ ٱبۡنَهُۥ وَكَانَ فِي مَعۡزِلٖ يَٰبُنَيَّ ٱرۡكَب مَّعَنَا وَلَا تَكُن مَّعَ ٱلۡكَٰفِرِينَ
আৰু সেই নাওখনে পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক মাতিলে, যিজন আছিল ভিন্ন স্থানত, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সংগী নহ’বা’।
قَالَ سَـَٔاوِيٓ إِلَىٰ جَبَلٖ يَعۡصِمُنِي مِنَ ٱلۡمَآءِۚ قَالَ لَا عَاصِمَ ٱلۡيَوۡمَ مِنۡ أَمۡرِ ٱللَّهِ إِلَّا مَن رَّحِمَۚ وَحَالَ بَيۡنَهُمَا ٱلۡمَوۡجُ فَكَانَ مِنَ ٱلۡمُغۡرَقِينَ
সি ক’লে, ‘ (নালাগে দিয়ক) মই কোনো এখন পৰ্বতত গৈ আশ্ৰয় লম যিয়ে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত অন্তৰায় হৈ পৰিল, ফলত সি ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।
وَقِيلَ يَـٰٓأَرۡضُ ٱبۡلَعِي مَآءَكِ وَيَٰسَمَآءُ أَقۡلِعِي وَغِيضَ ٱلۡمَآءُ وَقُضِيَ ٱلۡأَمۡرُ وَٱسۡتَوَتۡ عَلَى ٱلۡجُودِيِّۖ وَقِيلَ بُعۡدٗا لِّلۡقَوۡمِ ٱلظَّـٰلِمِينَ
অৱশেষত কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তৱায়িত হ’ল; আৰু নাওখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায় ধ্বংস হওক’।
وَنَادَىٰ نُوحٞ رَّبَّهُۥ فَقَالَ رَبِّ إِنَّ ٱبۡنِي مِنۡ أَهۡلِي وَإِنَّ وَعۡدَكَ ٱلۡحَقُّ وَأَنتَ أَحۡكَمُ ٱلۡحَٰكِمِينَ
আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰে অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।
قَالَ يَٰنُوحُ إِنَّهُۥ لَيۡسَ مِنۡ أَهۡلِكَۖ إِنَّهُۥ عَمَلٌ غَيۡرُ صَٰلِحٖۖ فَلَا تَسۡـَٔلۡنِ مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٌۖ إِنِّيٓ أَعِظُكَ أَن تَكُونَ مِنَ ٱلۡجَٰهِلِينَ
আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। অৱশ্যে সি হৈছে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিওঁ যে, তুমি অজ্ঞসকলৰ অন্তৰ্ভুক্ত নহ’বা’।
قَالَ رَبِّ إِنِّيٓ أَعُوذُ بِكَ أَنۡ أَسۡـَٔلَكَ مَا لَيۡسَ لِي بِهِۦ عِلۡمٞۖ وَإِلَّا تَغۡفِرۡ لِي وَتَرۡحَمۡنِيٓ أَكُن مِّنَ ٱلۡخَٰسِرِينَ
তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰোঁ তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
قِيلَ يَٰنُوحُ ٱهۡبِطۡ بِسَلَٰمٖ مِّنَّا وَبَرَكَٰتٍ عَلَيۡكَ وَعَلَىٰٓ أُمَمٖ مِّمَّن مَّعَكَۚ وَأُمَمٞ سَنُمَتِّعُهُمۡ ثُمَّ يَمَسُّهُم مِّنَّا عَذَابٌ أَلِيمٞ
কোৱা হ’ল, ‘হে নূহ! আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তুমি অৱতৰণ কৰা (নাৱৰ পৰা), (এই শান্তি আৰু কল্যাণ দান কৰা হৈছে) তোমাৰ প্ৰতি আৰু তোমাৰ লগত থকা জাতিসকলৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে যিসকলক আমি কিছুকাল (পাৰ্থিৱ) জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব;
تِلۡكَ مِنۡ أَنۢبَآءِ ٱلۡغَيۡبِ نُوحِيهَآ إِلَيۡكَۖ مَا كُنتَ تَعۡلَمُهَآ أَنتَ وَلَا قَوۡمُكَ مِن قَبۡلِ هَٰذَاۖ فَٱصۡبِرۡۖ إِنَّ ٱلۡعَٰقِبَةَ لِلۡمُتَّقِينَ
‘এইবোৰ হৈছে গায়েবৰ সংবাদ, আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছোঁ, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই (নিৰ্ধাৰিত)’।
وَإِلَىٰ عَادٍ أَخَاهُمۡ هُودٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓۖ إِنۡ أَنتُمۡ إِلَّا مُفۡتَرُونَ
আৰু আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’।