Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [81-90] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

قَالُواْ يَٰلُوطُ إِنَّا رُسُلُ رَبِّكَ لَن يَصِلُوٓاْ إِلَيۡكَۖ فَأَسۡرِ بِأَهۡلِكَ بِقِطۡعٖ مِّنَ ٱلَّيۡلِ وَلَا يَلۡتَفِتۡ مِنكُمۡ أَحَدٌ إِلَّا ٱمۡرَأَتَكَۖ إِنَّهُۥ مُصِيبُهَا مَآ أَصَابَهُمۡۚ إِنَّ مَوۡعِدَهُمُ ٱلصُّبۡحُۚ أَلَيۡسَ ٱلصُّبۡحُ بِقَرِيبٖ

তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গকলৈ ওলাই যাওক আৰু আপোনালোকৰ কোনোৱেই যেন পিছফালে ঘূৰি নাচায়। কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে, কাৰণ তাইৰ ওপৰতো সেই শাস্তি আহিব যিটো সিহঁতৰ ওপৰত আহিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ (শাস্তিৰ) বাবে নিৰ্ধাৰিত সময়। প্ৰভাতৰ সময় অতি নিকটৱৰ্তী নহয়নে বাৰু’?

فَلَمَّا جَآءَ أَمۡرُنَا جَعَلۡنَا عَٰلِيَهَا سَافِلَهَا وَأَمۡطَرۡنَا عَلَيۡهَا حِجَارَةٗ مِّن سِجِّيلٖ مَّنضُودٖ

এতেকে যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পৰিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলোঁ পকা মাটিৰ শিল,

مُّسَوَّمَةً عِندَ رَبِّكَۖ وَمَا هِيَ مِنَ ٱلظَّـٰلِمِينَ بِبَعِيدٖ

যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত (বিশেষভাৱে) চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নাছিল।

۞وَإِلَىٰ مَدۡيَنَ أَخَاهُمۡ شُعَيۡبٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥۖ وَلَا تَنقُصُواْ ٱلۡمِكۡيَالَ وَٱلۡمِيزَانَۖ إِنِّيٓ أَرَىٰكُم بِخَيۡرٖ وَإِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٖ مُّحِيطٖ

আৰু মাদিয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক সচ্ছল অৱস্থাত দেখি আছোঁ, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছোঁ’।

وَيَٰقَوۡمِ أَوۡفُواْ ٱلۡمِكۡيَالَ وَٱلۡمِيزَانَ بِٱلۡقِسۡطِۖ وَلَا تَبۡخَسُواْ ٱلنَّاسَ أَشۡيَآءَهُمۡ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ

‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায়-সংগতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি নুফুৰিবা’।

بَقِيَّتُ ٱللَّهِ خَيۡرٞ لَّكُمۡ إِن كُنتُم مُّؤۡمِنِينَۚ وَمَآ أَنَا۠ عَلَيۡكُم بِحَفِيظٖ

যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্ট (লাভাংশ)খিনিয়ে হৈছে তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়।

قَالُواْ يَٰشُعَيۡبُ أَصَلَوٰتُكَ تَأۡمُرُكَ أَن نَّتۡرُكَ مَا يَعۡبُدُ ءَابَآؤُنَآ أَوۡ أَن نَّفۡعَلَ فِيٓ أَمۡوَٰلِنَا مَا نَشَـٰٓؤُاْۖ إِنَّكَ لَأَنتَ ٱلۡحَلِيمُ ٱلرَّشِيدُ

সিহঁতে ক’লে, ‘হে শ্বুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদত নিজৰ ইচ্ছামতে যি কৰোঁ সেয়াও (বৰ্জন কৰিব লাগিব নেকি)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!

قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَرَزَقَنِي مِنۡهُ رِزۡقًا حَسَنٗاۚ وَمَآ أُرِيدُ أَنۡ أُخَالِفَكُمۡ إِلَىٰ مَآ أَنۡهَىٰكُمۡ عَنۡهُۚ إِنۡ أُرِيدُ إِلَّا ٱلۡإِصۡلَٰحَ مَا ٱسۡتَطَعۡتُۚ وَمَا تَوۡفِيقِيٓ إِلَّا بِٱللَّهِۚ عَلَيۡهِ تَوَكَّلۡتُ وَإِلَيۡهِ أُنِيبُ

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাবিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰোঁ, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰোঁ। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ আৰু মই তেওঁৰেই অভিমুখী’।

وَيَٰقَوۡمِ لَا يَجۡرِمَنَّكُمۡ شِقَاقِيٓ أَن يُصِيبَكُم مِّثۡلُ مَآ أَصَابَ قَوۡمَ نُوحٍ أَوۡ قَوۡمَ هُودٍ أَوۡ قَوۡمَ صَٰلِحٖۚ وَمَا قَوۡمُ لُوطٖ مِّنكُم بِبَعِيدٖ

‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰতো সেইদৰেই বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূত সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নাছিল’।

وَٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِۚ إِنَّ رَبِّي رَحِيمٞ وَدُودٞ

‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক পৰম দয়ালু, অতি স্নেহশীল’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now