Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [11-20] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

إِذۡ يُغَشِّيكُمُ ٱلنُّعَاسَ أَمَنَةٗ مِّنۡهُ وَيُنَزِّلُ عَلَيۡكُم مِّنَ ٱلسَّمَآءِ مَآءٗ لِّيُطَهِّرَكُم بِهِۦ وَيُذۡهِبَ عَنكُمۡ رِجۡزَ ٱلشَّيۡطَٰنِ وَلِيَرۡبِطَ عَلَىٰ قُلُوبِكُمۡ وَيُثَبِّتَ بِهِ ٱلۡأَقۡدَامَ

স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষণ কৰিছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।

إِذۡ يُوحِي رَبُّكَ إِلَى ٱلۡمَلَـٰٓئِكَةِ أَنِّي مَعَكُمۡ فَثَبِّتُواْ ٱلَّذِينَ ءَامَنُواْۚ سَأُلۡقِي فِي قُلُوبِ ٱلَّذِينَ كَفَرُواْ ٱلرُّعۡبَ فَٱضۡرِبُواْ فَوۡقَ ٱلۡأَعۡنَاقِ وَٱضۡرِبُواْ مِنۡهُمۡ كُلَّ بَنَانٖ

স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিল যে, ‘নিশ্চয় মই তোমালোকৰ লগত আছোঁ, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখা’। যিসকলে কুফুৰী কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম; সেয়ে তোমালোকে সিহঁতৰ ডিঙিত আঘাত কৰা আৰু সিহঁতৰ প্ৰত্যেক গাঠিয়ে গাঠিয়ে আঘাত কৰা।

ذَٰلِكَ بِأَنَّهُمۡ شَآقُّواْ ٱللَّهَ وَرَسُولَهُۥۚ وَمَن يُشَاقِقِ ٱللَّهَ وَرَسُولَهُۥ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ

এইটো এইকাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।

ذَٰلِكُمۡ فَذُوقُوهُ وَأَنَّ لِلۡكَٰفِرِينَ عَذَابَ ٱلنَّارِ

এইটোৱে তোমালোকৰ শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা। নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا لَقِيتُمُ ٱلَّذِينَ كَفَرُواْ زَحۡفٗا فَلَا تُوَلُّوهُمُ ٱلۡأَدۡبَارَ

হে মুমিনসকল! তোমালোকে যেতিয়া (যুদ্ধৰ সময়ত) কাফিৰ বাহিনীৰ সন্মুখীন হ’বা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতক পৃষ্ঠ প্ৰদৰ্শন (কৰি পলায়ন) নকৰিবা;

وَمَن يُوَلِّهِمۡ يَوۡمَئِذٖ دُبُرَهُۥٓ إِلَّا مُتَحَرِّفٗا لِّقِتَالٍ أَوۡ مُتَحَيِّزًا إِلَىٰ فِئَةٖ فَقَدۡ بَآءَ بِغَضَبٖ مِّنَ ٱللَّهِ وَمَأۡوَىٰهُ جَهَنَّمُۖ وَبِئۡسَ ٱلۡمَصِيرُ

আৰু সেইদিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিবৰ্তন কৰিবলৈ অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিব আৰু তাৰ আশ্ৰয়স্থল হ’ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!

فَلَمۡ تَقۡتُلُوهُمۡ وَلَٰكِنَّ ٱللَّهَ قَتَلَهُمۡۚ وَمَا رَمَيۡتَ إِذۡ رَمَيۡتَ وَلَٰكِنَّ ٱللَّهَ رَمَىٰ وَلِيُبۡلِيَ ٱلۡمُؤۡمِنِينَ مِنۡهُ بَلَآءً حَسَنًاۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ

এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা, তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল। যাতে তেওঁ মুমিনসকলক নিজৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষা (কৰি উচ্চ মৰ্যাদা প্ৰদান) কৰিব পাৰে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

ذَٰلِكُمۡ وَأَنَّ ٱللَّهَ مُوهِنُ كَيۡدِ ٱلۡكَٰفِرِينَ

এয়া আছিল তোমালোকৰ বাবে, আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে।

إِن تَسۡتَفۡتِحُواْ فَقَدۡ جَآءَكُمُ ٱلۡفَتۡحُۖ وَإِن تَنتَهُواْ فَهُوَ خَيۡرٞ لَّكُمۡۖ وَإِن تَعُودُواْ نَعُدۡ وَلَن تُغۡنِيَ عَنكُمۡ فِئَتُكُمۡ شَيۡـٔٗا وَلَوۡ كَثُرَتۡ وَأَنَّ ٱللَّهَ مَعَ ٱلۡمُؤۡمِنِينَ

যদি তোমালোকে বিজয় কামনা কৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَطِيعُواْ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَوَلَّوۡاْ عَنۡهُ وَأَنتُمۡ تَسۡمَعُونَ

হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে তেওঁৰ কথা শুনাৰ পিছত তাৰ পৰা মুখ ঘূৰাই নল’বা।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now