Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [31-40] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا قَالُواْ قَدۡ سَمِعۡنَا لَوۡ نَشَآءُ لَقُلۡنَا مِثۡلَ هَٰذَآ إِنۡ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ

আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হয় তেতিয়া সিহঁতে কয়, ‘আমি শুনিলোঁ, ইচ্ছা কৰিলে আমিও এইদৰে ক’ব পাৰোঁ, এইবোৰ পুৰণি দিনৰ লোকসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।

وَإِذۡ قَالُواْ ٱللَّهُمَّ إِن كَانَ هَٰذَا هُوَ ٱلۡحَقَّ مِنۡ عِندِكَ فَأَمۡطِرۡ عَلَيۡنَا حِجَارَةٗ مِّنَ ٱلسَّمَآءِ أَوِ ٱئۡتِنَا بِعَذَابٍ أَلِيمٖ

আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইখন (কোৰআন) যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয়, তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।

وَمَا كَانَ ٱللَّهُ لِيُعَذِّبَهُمۡ وَأَنتَ فِيهِمۡۚ وَمَا كَانَ ٱللَّهُ مُعَذِّبَهُمۡ وَهُمۡ يَسۡتَغۡفِرُونَ

আল্লাহ এনেকুৱা নহয় যে, তুমি সিহঁতৰ মাজত থকা অৱস্থাতে তেওঁ সিহঁতক শাস্তি দিব; লগতে আল্লাহৰ নীতি এইটোও নহয় যে, সিহঁতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকিব আৰু আল্লাহে সিহঁতক শাস্তি দিব।

وَمَا لَهُمۡ أَلَّا يُعَذِّبَهُمُ ٱللَّهُ وَهُمۡ يَصُدُّونَ عَنِ ٱلۡمَسۡجِدِ ٱلۡحَرَامِ وَمَا كَانُوٓاْ أَوۡلِيَآءَهُۥٓۚ إِنۡ أَوۡلِيَآؤُهُۥٓ إِلَّا ٱلۡمُتَّقُونَ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ

সিহঁতৰ মাজত এনেকুৱা কি (গুণ) আছে, আল্লাহে সিহঁতক কিয় শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।

وَمَا كَانَ صَلَاتُهُمۡ عِندَ ٱلۡبَيۡتِ إِلَّا مُكَآءٗ وَتَصۡدِيَةٗۚ فَذُوقُواْ ٱلۡعَذَابَ بِمَا كُنتُمۡ تَكۡفُرُونَ

আৰু কাবা ঘৰৰ ওচৰত উৰুলি আৰু হাত তালিৰ বাহিৰে সিহঁতৰ আন একো উপাসনা নাছিল। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফুৰী কৰিছিলা।

إِنَّ ٱلَّذِينَ كَفَرُواْ يُنفِقُونَ أَمۡوَٰلَهُمۡ لِيَصُدُّواْ عَن سَبِيلِ ٱللَّهِۚ فَسَيُنفِقُونَهَا ثُمَّ تَكُونُ عَلَيۡهِمۡ حَسۡرَةٗ ثُمَّ يُغۡلَبُونَۗ وَٱلَّذِينَ كَفَرُوٓاْ إِلَىٰ جَهَنَّمَ يُحۡشَرُونَ

নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন-সম্পদ ব্যয় কৰে, এতেকে সিহঁতে এইদৰে ব্যয় কৰিয়ে থাকিব, অৱশেষত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ’ব; ইয়াৰ পিছত সিহঁতে পৰাভূত হ’ব; আৰু যিসকলে কুফৰী কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ’ব।

لِيَمِيزَ ٱللَّهُ ٱلۡخَبِيثَ مِنَ ٱلطَّيِّبِ وَيَجۡعَلَ ٱلۡخَبِيثَ بَعۡضَهُۥ عَلَىٰ بَعۡضٖ فَيَرۡكُمَهُۥ جَمِيعٗا فَيَجۡعَلَهُۥ فِي جَهَنَّمَۚ أُوْلَـٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ

যাতে আল্লাহে অপৱিত্ৰবোৰক পৱিত্ৰসকলৰ পৰা পৃথক কৰিব পাৰে। তেওঁ অপৱিত্ৰবোৰক এটাৰ পিছত আনটোক ৰাখি সকলোকে স্তূপত পৰিণত কৰিব, তাৰ পিছত সেই স্তূপক জাহান্নামত নিক্ষেপ কৰিব। সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।

قُل لِّلَّذِينَ كَفَرُوٓاْ إِن يَنتَهُواْ يُغۡفَرۡ لَهُم مَّا قَدۡ سَلَفَ وَإِن يَعُودُواْ فَقَدۡ مَضَتۡ سُنَّتُ ٱلۡأَوَّلِينَ

যিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে অতীতত যি (পাপ) হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।

وَقَٰتِلُوهُمۡ حَتَّىٰ لَا تَكُونَ فِتۡنَةٞ وَيَكُونَ ٱلدِّينُ كُلُّهُۥ لِلَّهِۚ فَإِنِ ٱنتَهَوۡاْ فَإِنَّ ٱللَّهَ بِمَا يَعۡمَلُونَ بَصِيرٞ

আৰু তোমালোকে ফিতনাৰ অৱসান নঘটালৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা, লগতে দ্বীন পূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে প্ৰতিষ্ঠা নোহোৱালৈকে (এই সংগ্ৰাম চলাই যাবা)। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।

وَإِن تَوَلَّوۡاْ فَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ مَوۡلَىٰكُمۡۚ نِعۡمَ ٱلۡمَوۡلَىٰ وَنِعۡمَ ٱلنَّصِيرُ

আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা, আল্লাহেই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now