Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [71-80] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَإِن يُرِيدُواْ خِيَانَتَكَ فَقَدۡ خَانُواْ ٱللَّهَ مِن قَبۡلُ فَأَمۡكَنَ مِنۡهُمۡۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

আৰু সিহঁতে যদি তোমাৰ লগত বিশ্বাসঘাতকতা কৰে, তেন্তে (জানি থোৱা) ইতিপূৰ্বে সিহঁতে আল্লাহৰ লগতো বিশ্বাসঘাতকতা কৰিছে; তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত (তোমাক) শক্তিশালী কৰিছে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَهَاجَرُواْ وَجَٰهَدُواْ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡ فِي سَبِيلِ ٱللَّهِ وَٱلَّذِينَ ءَاوَواْ وَّنَصَرُوٓاْ أُوْلَـٰٓئِكَ بَعۡضُهُمۡ أَوۡلِيَآءُ بَعۡضٖۚ وَٱلَّذِينَ ءَامَنُواْ وَلَمۡ يُهَاجِرُواْ مَا لَكُم مِّن وَلَٰيَتِهِم مِّن شَيۡءٍ حَتَّىٰ يُهَاجِرُواْۚ وَإِنِ ٱسۡتَنصَرُوكُمۡ فِي ٱلدِّينِ فَعَلَيۡكُمُ ٱلنَّصۡرُ إِلَّا عَلَىٰ قَوۡمِۭ بَيۡنَكُمۡ وَبَيۡنَهُم مِّيثَٰقٞۗ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرٞ

নিশ্চয় যিসকলে ঈমান আনিছে, হিজৰত কৰিছে, জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে (মুমিনসকলক) আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু। কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই, সিহঁতে হিজৰত নকৰালৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই; আৰু যদি সিহঁতে দ্বীন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰাটো তোমালোকৰ কৰ্তব্য, কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।

وَٱلَّذِينَ كَفَرُواْ بَعۡضُهُمۡ أَوۡلِيَآءُ بَعۡضٍۚ إِلَّا تَفۡعَلُوهُ تَكُن فِتۡنَةٞ فِي ٱلۡأَرۡضِ وَفَسَادٞ كَبِيرٞ

আনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয়ে দেখা দিব।

وَٱلَّذِينَ ءَامَنُواْ وَهَاجَرُواْ وَجَٰهَدُواْ فِي سَبِيلِ ٱللَّهِ وَٱلَّذِينَ ءَاوَواْ وَّنَصَرُوٓاْ أُوْلَـٰٓئِكَ هُمُ ٱلۡمُؤۡمِنُونَ حَقّٗاۚ لَّهُم مَّغۡفِرَةٞ وَرِزۡقٞ كَرِيمٞ

আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে (মুমিনসকলক) আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।

وَٱلَّذِينَ ءَامَنُواْ مِنۢ بَعۡدُ وَهَاجَرُواْ وَجَٰهَدُواْ مَعَكُمۡ فَأُوْلَـٰٓئِكَ مِنكُمۡۚ وَأُوْلُواْ ٱلۡأَرۡحَامِ بَعۡضُهُمۡ أَوۡلَىٰ بِبَعۡضٖ فِي كِتَٰبِ ٱللَّهِۚ إِنَّ ٱللَّهَ بِكُلِّ شَيۡءٍ عَلِيمُۢ

আৰু যিসকলে পিছত ঈমান আনিছে, হিজৰত কৰিছে আৰু তোমালোকৰ লগত থাকি জিহাদ কৰিছে তেওঁলোকেও তোমালোকৰ অন্তৰ্ভুক্ত আৰু আল্লাহৰ বিধানত নিকটআত্মীয়সকল হৈছে (আনৰ তুলনাত) ইজনে সিজনৰ বেছি হক্বদাৰ। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক অৱগত।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now