Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَلَمَّا جَآءَهُمۡ رَسُولٞ مِّنۡ عِندِ ٱللَّهِ مُصَدِّقٞ لِّمَا مَعَهُمۡ نَبَذَ فَرِيقٞ مِّنَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ كِتَٰبَ ٱللَّهِ وَرَآءَ ظُهُورِهِمۡ كَأَنَّهُمۡ لَا يَعۡلَمُونَ

আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাক সমৰ্থনকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।

وَٱتَّبَعُواْ مَا تَتۡلُواْ ٱلشَّيَٰطِينُ عَلَىٰ مُلۡكِ سُلَيۡمَٰنَۖ وَمَا كَفَرَ سُلَيۡمَٰنُ وَلَٰكِنَّ ٱلشَّيَٰطِينَ كَفَرُواْ يُعَلِّمُونَ ٱلنَّاسَ ٱلسِّحۡرَ وَمَآ أُنزِلَ عَلَى ٱلۡمَلَكَيۡنِ بِبَابِلَ هَٰرُوتَ وَمَٰرُوتَۚ وَمَا يُعَلِّمَانِ مِنۡ أَحَدٍ حَتَّىٰ يَقُولَآ إِنَّمَا نَحۡنُ فِتۡنَةٞ فَلَا تَكۡفُرۡۖ فَيَتَعَلَّمُونَ مِنۡهُمَا مَا يُفَرِّقُونَ بِهِۦ بَيۡنَ ٱلۡمَرۡءِ وَزَوۡجِهِۦۚ وَمَا هُم بِضَآرِّينَ بِهِۦ مِنۡ أَحَدٍ إِلَّا بِإِذۡنِ ٱللَّهِۚ وَيَتَعَلَّمُونَ مَا يَضُرُّهُمۡ وَلَا يَنفَعُهُمۡۚ وَلَقَدۡ عَلِمُواْ لَمَنِ ٱشۡتَرَىٰهُ مَا لَهُۥ فِي ٱلۡأٓخِرَةِ مِنۡ خَلَٰقٖۚ وَلَبِئۡسَ مَا شَرَوۡاْ بِهِۦٓ أَنفُسَهُمۡۚ لَوۡ كَانُواْ يَعۡلَمُونَ

আৰু ছুলাইমানৰ ৰাজত্বত চয়তানসকলে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু ছুলাইমানে (কেতিয়াও) কুফৰী কৰা নাছিল, বৰং চয়তানেহে কুফৰী কৰিছিল। সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু (সেই বিষয়ে শিক্ষা দিছিল) যিটো বাবিল চহৰত হাৰূত আৰু মাৰূত ফিৰিস্তাদয়ৰ ওপৰত অৱতীৰ্ণ হৈছিল। তেওঁলোক উভয়েই এই কথা নোকোৱালৈকে কাকো শিক্ষা দিয়া নাছিল যে, ‘আমি কেৱল এটা পৰীক্ষাহে’; সেয়ে তুমি কুফৰী নকৰিবা। ইয়াৰ পিছতো সিহঁতে ফিৰিস্তাদ্বয়ৰ পৰা এনে যাদু শিকি লৈছিল যিটোৰ দ্বাৰা সিহঁতে স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল। অথচ সিহঁতে আল্লাহৰ অনুমতিবিনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল; আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যিটো সিহঁতক ক্ষতি কৰিছিল, কোনো উপকাৰ কৰা নাছিল; আৰু সিহঁতে নিশ্চিতভাৱে জানে যে, যিয়ে ইয়াক ক্ৰয় কৰে (অৰ্থাৎ যাদুৰ আশ্ৰয় লয়) তাৰ বাবে আখিৰাতত কোনো অংশ নাই। যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰি আছে, সেয়া কিমান যে নিকৃষ্ট, যদি সিহঁত জানিলেহেঁতেন!

وَلَوۡ أَنَّهُمۡ ءَامَنُواْ وَٱتَّقَوۡاْ لَمَثُوبَةٞ مِّنۡ عِندِ ٱللَّهِ خَيۡرٞۚ لَّوۡ كَانُواْ يَعۡلَمُونَ

আৰু যদি সিহঁতে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন, তেন্তে আল্লাহৰ তৰফৰ পৰা পাবলগীয়া ছোৱাব নিশ্চিতভাৱে (সিহঁতৰ বাবে) অধিক কল্যাণকৰ হ’লহেঁতেন, এই কথা যদি সিহঁত জানিলেহেঁতেন!

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَقُولُواْ رَٰعِنَا وَقُولُواْ ٱنظُرۡنَا وَٱسۡمَعُواْۗ وَلِلۡكَٰفِرِينَ عَذَابٌ أَلِيمٞ

হে ঈমান্দাৰসকল! তোমালোকে ‘ৰা-য়িনা’ বুলি নক'বা, বৰং ‘উনযুৰনা’ বুলি কোৱা আৰু শুনা; আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

مَّا يَوَدُّ ٱلَّذِينَ كَفَرُواْ مِنۡ أَهۡلِ ٱلۡكِتَٰبِ وَلَا ٱلۡمُشۡرِكِينَ أَن يُنَزَّلَ عَلَيۡكُم مِّنۡ خَيۡرٖ مِّن رَّبِّكُمۡۚ وَٱللَّهُ يَخۡتَصُّ بِرَحۡمَتِهِۦ مَن يَشَآءُۚ وَٱللَّهُ ذُو ٱلۡفَضۡلِ ٱلۡعَظِيمِ

কিতাবীসকলৰ মাজত যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহান অনুগ্ৰহদাতা।

۞مَا نَنسَخۡ مِنۡ ءَايَةٍ أَوۡ نُنسِهَا نَأۡتِ بِخَيۡرٖ مِّنۡهَآ أَوۡ مِثۡلِهَآۗ أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ

আমি কোনো আয়াত ৰহিত কৰিলে বা পাহৰাই দিলে তাতোকৈ উত্তম অথবা তাৰ সমপৰ্যায়ৰ কোনো আয়াত আনি দিওঁ। তুমি নাজানানে যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

قَدِيرٌ أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِيّٖ وَلَا نَصِيرٍ

তুমি নাজানানে যে, আকামণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰেই? (জানি থোৱা) আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

أَمۡ تُرِيدُونَ أَن تَسۡـَٔلُواْ رَسُولَكُمۡ كَمَا سُئِلَ مُوسَىٰ مِن قَبۡلُۗ وَمَن يَتَبَدَّلِ ٱلۡكُفۡرَ بِٱلۡإِيمَٰنِ فَقَدۡ ضَلَّ سَوَآءَ ٱلسَّبِيلِ

তোমালোকে তোমালোকৰ ৰাছুলক এনেকুৱা প্ৰশ্ন কৰিব বিচৰা নেকি যেনেকুৱা প্ৰশ্ন ইয়াৰ পূৰ্বে মূছাক কৰা হৈছিল? আৰু যিয়ে ঈমানক কুফৰীলৈ পৰিবৰ্তন কৰে, নিশ্চিয় সি পোন পথ হেৰুৱায়।

وَدَّ كَثِيرٞ مِّنۡ أَهۡلِ ٱلۡكِتَٰبِ لَوۡ يَرُدُّونَكُم مِّنۢ بَعۡدِ إِيمَٰنِكُمۡ كُفَّارًا حَسَدٗا مِّنۡ عِندِ أَنفُسِهِم مِّنۢ بَعۡدِ مَا تَبَيَّنَ لَهُمُ ٱلۡحَقُّۖ فَٱعۡفُواْ وَٱصۡفَحُواْ حَتَّىٰ يَأۡتِيَ ٱللَّهُ بِأَمۡرِهِۦٓۗ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ

কিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান পোষণ কৰাৰ পিছত কাফিৰৰূপে ওভতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (সিহঁতে এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশনা নিদিয়ালৈকে--- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَۚ وَمَا تُقَدِّمُواْ لِأَنفُسِكُم مِّنۡ خَيۡرٖ تَجِدُوهُ عِندَ ٱللَّهِۗ إِنَّ ٱللَّهَ بِمَا تَعۡمَلُونَ بَصِيرٞ

আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা আৰু যিখিনি নেক আমল তোমালোকে নিজৰ বাবে আগলৈ প্ৰেৰণ কৰিবা সেইটো তোমালোকে আল্লাহৰ ওচৰত পাবা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now