Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

إِنَّ ٱلَّذِينَ كَفَرُواْ وَمَاتُواْ وَهُمۡ كُفَّارٌ أُوْلَـٰٓئِكَ عَلَيۡهِمۡ لَعۡنَةُ ٱللَّهِ وَٱلۡمَلَـٰٓئِكَةِ وَٱلنَّاسِ أَجۡمَعِينَ

নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিশাপ।

خَٰلِدِينَ فِيهَا لَا يُخَفَّفُ عَنۡهُمُ ٱلۡعَذَابُ وَلَا هُمۡ يُنظَرُونَ

তাত সিহঁত স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।

وَإِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ لَّآ إِلَٰهَ إِلَّا هُوَ ٱلرَّحۡمَٰنُ ٱلرَّحِيمُ

আৰু তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। তেওঁ পৰম কৰুণাময়, পৰম দয়ালু।

إِنَّ فِي خَلۡقِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَٱخۡتِلَٰفِ ٱلَّيۡلِ وَٱلنَّهَارِ وَٱلۡفُلۡكِ ٱلَّتِي تَجۡرِي فِي ٱلۡبَحۡرِ بِمَا يَنفَعُ ٱلنَّاسَ وَمَآ أَنزَلَ ٱللَّهُ مِنَ ٱلسَّمَآءِ مِن مَّآءٖ فَأَحۡيَا بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَا وَبَثَّ فِيهَا مِن كُلِّ دَآبَّةٖ وَتَصۡرِيفِ ٱلرِّيَٰحِ وَٱلسَّحَابِ ٱلۡمُسَخَّرِ بَيۡنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِ لَأٓيَٰتٖ لِّقَوۡمٖ يَعۡقِلُونَ

নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিৰ মাজত, ৰাতি আৰু দিনৰ পৰিবৰ্তনৰ মাজত, মানুহৰ উপকাৰী দ্ৰৱ্যবাহী সাগৰত চলাচল কৰা জাহাজত আৰু আকাশৰ পৰা আল্লাহে পানী বৰ্ষণ কৰি মৃত ভূমিক পুনৰ্জীৱিত কৰাৰ মাজত, আৰু তাৰ মাজত আল্লাহে প্ৰসাৰিত কৰিছে সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণী, লগতে বতাহৰ দিশ পৰিবৰ্তনত তথা আকাশ আৰু পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাৰ মাজত বিবেকৱান সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।

وَمِنَ ٱلنَّاسِ مَن يَتَّخِذُ مِن دُونِ ٱللَّهِ أَندَادٗا يُحِبُّونَهُمۡ كَحُبِّ ٱللَّهِۖ وَٱلَّذِينَ ءَامَنُوٓاْ أَشَدُّ حُبّٗا لِّلَّهِۗ وَلَوۡ يَرَى ٱلَّذِينَ ظَلَمُوٓاْ إِذۡ يَرَوۡنَ ٱلۡعَذَابَ أَنَّ ٱلۡقُوَّةَ لِلَّهِ جَمِيعٗا وَأَنَّ ٱللَّهَ شَدِيدُ ٱلۡعَذَابِ

আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক ভাল পায়, আল্লাহক ভালপোৱাৰ দৰেই; আনহাতে যিসকলে ঈমান আনিছে সিহঁতে আল্লাহক সৰ্বাধিক ভাল পায়; আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন (তেন্তে সিহঁত নিশ্চিত হ’লহেঁতেন যে,) নিশ্চয় সকলো শক্তি আল্লাহৰেই; আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

إِذۡ تَبَرَّأَ ٱلَّذِينَ ٱتُّبِعُواْ مِنَ ٱلَّذِينَ ٱتَّبَعُواْ وَرَأَوُاْ ٱلۡعَذَابَ وَتَقَطَّعَتۡ بِهِمُ ٱلۡأَسۡبَابُ

যেতিয়া, নেতাসকলে (যিসকলক অনুসৰণ কৰা হৈছিল) সিহঁতৰ অনুসাৰীসকলৰ পৰা নিজকে মুক্ত কৰি লব আৰু সিহঁতে শাস্তি দেখিবলৈ পাব (তেতিয়া) সিহঁতৰ যাৱতীয় পাৰস্পৰিক সম্পৰ্ক বিচ্ছিন্ন হৈ যাব।

وَقَالَ ٱلَّذِينَ ٱتَّبَعُواْ لَوۡ أَنَّ لَنَا كَرَّةٗ فَنَتَبَرَّأَ مِنۡهُمۡ كَمَا تَبَرَّءُواْ مِنَّاۗ كَذَٰلِكَ يُرِيهِمُ ٱللَّهُ أَعۡمَٰلَهُمۡ حَسَرَٰتٍ عَلَيۡهِمۡۖ وَمَا هُم بِخَٰرِجِينَ مِنَ ٱلنَّارِ

আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক’ব, ‘হায়’, আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন, তেনেহ’লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যাৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ; আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।

يَـٰٓأَيُّهَا ٱلنَّاسُ كُلُواْ مِمَّا فِي ٱلۡأَرۡضِ حَلَٰلٗا طَيِّبٗا وَلَا تَتَّبِعُواْ خُطُوَٰتِ ٱلشَّيۡطَٰنِۚ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٌ

হে মানৱ সম্প্ৰদায়! পৃথিৱীত থকা হালাল আৰু পৱিত্ৰ বস্তুবোৰ তোমালোকে ভক্ষণ কৰা; আৰু তোমালোকে চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।

إِنَّمَا يَأۡمُرُكُم بِٱلسُّوٓءِ وَٱلۡفَحۡشَآءِ وَأَن تَقُولُواْ عَلَى ٱللَّهِ مَا لَا تَعۡلَمُونَ

নিশ্চয় সি তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ কথা কোৱাৰ (আদেশ দিয়ে) যিটো তোমালোকে নাজানা।

وَإِذَا قِيلَ لَهُمُ ٱتَّبِعُواْ مَآ أَنزَلَ ٱللَّهُ قَالُواْ بَلۡ نَتَّبِعُ مَآ أَلۡفَيۡنَا عَلَيۡهِ ءَابَآءَنَآۚ أَوَلَوۡ كَانَ ءَابَآؤُهُمۡ لَا يَعۡقِلُونَ شَيۡـٔٗا وَلَا يَهۡتَدُونَ

আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা’, (তেতিয়া) সিহঁতে কয়, ‘নহয়, বৰং আমি অনুসৰণ কৰিম সেইটোৰ, যিটোৰ ওপৰত আমি আমাৰ পিতৃ পুৰুষসকলক পাইছোঁ’। যদিও সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল আৰু সিহঁত সৎপথতো পৰিচালিত নাছিল, (তথাপিও সিহঁতে তাৰেই অনুসৰণ কৰিবনে?)

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now