Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَإِذۡ قُلۡتُمۡ يَٰمُوسَىٰ لَن نَّصۡبِرَ عَلَىٰ طَعَامٖ وَٰحِدٖ فَٱدۡعُ لَنَا رَبَّكَ يُخۡرِجۡ لَنَا مِمَّا تُنۢبِتُ ٱلۡأَرۡضُ مِنۢ بَقۡلِهَا وَقِثَّآئِهَا وَفُومِهَا وَعَدَسِهَا وَبَصَلِهَاۖ قَالَ أَتَسۡتَبۡدِلُونَ ٱلَّذِي هُوَ أَدۡنَىٰ بِٱلَّذِي هُوَ خَيۡرٌۚ ٱهۡبِطُواْ مِصۡرٗا فَإِنَّ لَكُم مَّا سَأَلۡتُمۡۗ وَضُرِبَتۡ عَلَيۡهِمُ ٱلذِّلَّةُ وَٱلۡمَسۡكَنَةُ وَبَآءُو بِغَضَبٖ مِّنَ ٱللَّهِۚ ذَٰلِكَ بِأَنَّهُمۡ كَانُواْ يَكۡفُرُونَ بِـَٔايَٰتِ ٱللَّهِ وَيَقۡتُلُونَ ٱلنَّبِيِّـۧنَ بِغَيۡرِ ٱلۡحَقِّۚ ذَٰلِكَ بِمَا عَصَواْ وَّكَانُواْ يَعۡتَدُونَ

আৰু যেতিয়া তোমালোকে কৈছিলা, ‘হে মূছা! আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিম। এতেকে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা... তেওঁ যেন আমাৰ বাবে ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উত্পাদন কৰে’। মূছাই ক’লে, ‘তোমালোকে উত্তম বস্তুৰ পৰিবৰ্তে নিম্নমানৰ বস্তু বিচৰা নেকি? তেন্তে কোনো চহৰলৈ গুচি যোৱা, তাত তোমালোকে নিশ্চয় তোমালোকৰ বিচৰা বস্তুবোৰ পাবা’; আৰু সিহঁতৰ ওপৰত লাঞ্ছনা আৰু দাৰিদ্ৰ আপতিত হ’ল আৰু সিহঁত আল্লাহৰ গযবৰ চিকাৰ হ’ল। এইটো এই বাবে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালঙ্ঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَٱلَّذِينَ هَادُواْ وَٱلنَّصَٰرَىٰ وَٱلصَّـٰبِـِٔينَ مَنۡ ءَامَنَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَعَمِلَ صَٰلِحٗا فَلَهُمۡ أَجۡرُهُمۡ عِندَ رَبِّهِمۡ وَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ

নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদি হৈছে লগতে নাছাৰা আৰু ছাবেয়ীসকলৰ যিহঁতেই আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

وَإِذۡ أَخَذۡنَا مِيثَٰقَكُمۡ وَرَفَعۡنَا فَوۡقَكُمُ ٱلطُّورَ خُذُواْ مَآ ءَاتَيۡنَٰكُم بِقُوَّةٖ وَٱذۡكُرُواْ مَا فِيهِ لَعَلَّكُمۡ تَتَّقُونَ

আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা অংগীকাৰ লৈছিলোঁ আৰু তোমালোকৰ ওপৰত ‘তুৰ’ পৰ্বত উত্তোলন কৰিছিলোঁ (আৰু কৈছিলোঁ) ‘আমি যি (গ্ৰন্থ) দিলোঁ সেইখন দৃঢ়তাৰে সৈতে গ্ৰহণ কৰা আৰু তাত যি (বিধি-বিধান আৰু উপদেশ) আছে সেয়া স্মৰণ ৰাখিবা, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা’।

ثُمَّ تَوَلَّيۡتُم مِّنۢ بَعۡدِ ذَٰلِكَۖ فَلَوۡلَا فَضۡلُ ٱللَّهِ عَلَيۡكُمۡ وَرَحۡمَتُهُۥ لَكُنتُم مِّنَ ٱلۡخَٰسِرِينَ

ইয়াৰ পিছতো তোমালোক বিমুখ হৈছিলা! এতেকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু অনুকম্পা নাথাকিলে তোমালোক নিশ্চয় ক্ষতিগ্ৰস্ত হ'লাহেঁতেন।

وَلَقَدۡ عَلِمۡتُمُ ٱلَّذِينَ ٱعۡتَدَوۡاْ مِنكُمۡ فِي ٱلسَّبۡتِ فَقُلۡنَا لَهُمۡ كُونُواْ قِرَدَةً خَٰسِـِٔينَ

আৰু তোমালোকৰ মাজৰ যিসকলে শনিবাৰ (বিশ্ৰামৰ দিন) সম্পৰ্কে সীমালংঘন কৰিছিল সিহঁতক তোমালোকে নিশ্চিতভাৱে ভালকৈয়ে জানা। ফলত আমি সিহঁতক কৈছিলোঁ, ‘তোমালোক নিকৃষ্ট বান্দৰত পৰিণত হৈ যোৱা’।

فَجَعَلۡنَٰهَا نَكَٰلٗا لِّمَا بَيۡنَ يَدَيۡهَا وَمَا خَلۡفَهَا وَمَوۡعِظَةٗ لِّلۡمُتَّقِينَ

এতেকে আমি এই ঘটনাক সিহঁতৰ সমসাময়িক আৰু পৰবৰ্তীসকলৰ বাবে এটা শিক্ষামূলক দৃষ্টান্ত বনাইছোঁ, আৰু মুত্তাক্বীসকলৰ বাবে বনাইছোঁ উপদেশ।

وَإِذۡ قَالَ مُوسَىٰ لِقَوۡمِهِۦٓ إِنَّ ٱللَّهَ يَأۡمُرُكُمۡ أَن تَذۡبَحُواْ بَقَرَةٗۖ قَالُوٓاْ أَتَتَّخِذُنَا هُزُوٗاۖ قَالَ أَعُوذُ بِٱللَّهِ أَنۡ أَكُونَ مِنَ ٱلۡجَٰهِلِينَ

আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ জাতিক কৈছিল, ‘আল্লাহে তোমালোকক এজনী গাই গৰু জবেহ কৰিবলৈ নিৰ্দেশ দিছে’, সিহঁতে ক’লে, ‘তুমি আমাৰ লগত ধেমালি কৰিছা নেকি’? মুছাই ক’লে, ‘মই অজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰোঁ’।

قَالُواْ ٱدۡعُ لَنَا رَبَّكَ يُبَيِّن لَّنَا مَا هِيَۚ قَالَ إِنَّهُۥ يَقُولُ إِنَّهَا بَقَرَةٞ لَّا فَارِضٞ وَلَا بِكۡرٌ عَوَانُۢ بَيۡنَ ذَٰلِكَۖ فَٱفۡعَلُواْ مَا تُؤۡمَرُونَ

সিহঁতে ক’লে, ‘তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে জনাই দিয়ে যে, সেই গাইজনী কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হ’ব লাগে যিজনী বৃদ্ধাও নহয় পোৱালীও নহয়, বৰং মধ্যবয়সী। এতেকে তোমালোকক যি আদেশ কৰা হৈছে সেইটো পালন কৰা’।

قَالُواْ ٱدۡعُ لَنَا رَبَّكَ يُبَيِّن لَّنَا مَا لَوۡنُهَاۚ قَالَ إِنَّهُۥ يَقُولُ إِنَّهَا بَقَرَةٞ صَفۡرَآءُ فَاقِعٞ لَّوۡنُهَا تَسُرُّ ٱلنَّـٰظِرِينَ

সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে, তাইৰ ৰং কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘তেওঁ কৈছে, গাইজনী হালধীয়া ৰঙৰ হ’ব লাগে, অতি উজ্জল ৰং বিশিষ্ট, দেখিলেই যেন দৰ্শকসকলে উৎফুল্লিত হয়’।

قَالُواْ ٱدۡعُ لَنَا رَبَّكَ يُبَيِّن لَّنَا مَا هِيَ إِنَّ ٱلۡبَقَرَ تَشَٰبَهَ عَلَيۡنَا وَإِنَّآ إِن شَآءَ ٱللَّهُ لَمُهۡتَدُونَ

সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে বৰ্ণনা কৰি দিয়ে যে, সেইজনী কেনেকুৱা হ’ব লাগে? নিশ্চয় গাইজনী আমাৰ বাবে সন্দেহপূৰ্ণ হৈছে; আৰু আল্লাহে ইচ্ছা কৰিলে নিশ্চয় আমি হিদায়তপ্ৰাপ্ত হ’ম’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now