Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

فَهَزَمُوهُم بِإِذۡنِ ٱللَّهِ وَقَتَلَ دَاوُۥدُ جَالُوتَ وَءَاتَىٰهُ ٱللَّهُ ٱلۡمُلۡكَ وَٱلۡحِكۡمَةَ وَعَلَّمَهُۥ مِمَّا يَشَآءُۗ وَلَوۡلَا دَفۡعُ ٱللَّهِ ٱلنَّاسَ بَعۡضَهُم بِبَعۡضٖ لَّفَسَدَتِ ٱلۡأَرۡضُ وَلَٰكِنَّ ٱللَّهَ ذُو فَضۡلٍ عَلَى ٱلۡعَٰلَمِينَ

এতেকে তেওঁলোকে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে। আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল।

تِلۡكَ ءَايَٰتُ ٱللَّهِ نَتۡلُوهَا عَلَيۡكَ بِٱلۡحَقِّۚ وَإِنَّكَ لَمِنَ ٱلۡمُرۡسَلِينَ

এইবোৰ হৈছে আল্লাহৰ আয়াত, আমি তোমাৰ ওপৰত এইবোৰ যথাযথভাৱে তিলাৱত কৰোঁ; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

۞تِلۡكَ ٱلرُّسُلُ فَضَّلۡنَا بَعۡضَهُمۡ عَلَىٰ بَعۡضٖۘ مِّنۡهُم مَّن كَلَّمَ ٱللَّهُۖ وَرَفَعَ بَعۡضَهُمۡ دَرَجَٰتٖۚ وَءَاتَيۡنَا عِيسَى ٱبۡنَ مَرۡيَمَ ٱلۡبَيِّنَٰتِ وَأَيَّدۡنَٰهُ بِرُوحِ ٱلۡقُدُسِۗ وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلَ ٱلَّذِينَ مِنۢ بَعۡدِهِم مِّنۢ بَعۡدِ مَا جَآءَتۡهُمُ ٱلۡبَيِّنَٰتُ وَلَٰكِنِ ٱخۡتَلَفُواْ فَمِنۡهُم مَّنۡ ءَامَنَ وَمِنۡهُم مَّن كَفَرَۚ وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلُواْ وَلَٰكِنَّ ٱللَّهَ يَفۡعَلُ مَا يُرِيدُ

সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্টত্ব প্ৰদান কৰিছোঁ। তেওঁলোকৰ মাজৰ কিছুমানৰ সৈতে আল্লাহে কথাও পাতিছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছিলোঁ লগতে ৰূহুল কুদুছ (জিব্ৰীল ফিৰিস্তা)ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ; আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰৱৰ্তী লোকসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিছিল। ফলত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু কিছুমানে কুফুৰী কৰিছিল; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁত পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱেই কৰে।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَنفِقُواْ مِمَّا رَزَقۡنَٰكُم مِّن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا بَيۡعٞ فِيهِ وَلَا خُلَّةٞ وَلَا شَفَٰعَةٞۗ وَٱلۡكَٰفِرُونَ هُمُ ٱلظَّـٰلِمُونَ

হে মুমিনসকল! আমি তোমালোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে ব্যয় কৰা, সেই (শেষ বিচাৰৰ) দিৱস অহাৰ আগতে, যিদিনা ব্যৱসায়, বন্ধুত্ব আৰু চুপাৰিছ আদি একো নাথাকিব, আৰু কাফিৰসকলেই হৈছে যালিম।

ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُۚ لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ مَن ذَا ٱلَّذِي يَشۡفَعُ عِندَهُۥٓ إِلَّا بِإِذۡنِهِۦۚ يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡۖ وَلَا يُحِيطُونَ بِشَيۡءٖ مِّنۡ عِلۡمِهِۦٓ إِلَّا بِمَا شَآءَۚ وَسِعَ كُرۡسِيُّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۖ وَلَا يَـُٔودُهُۥ حِفۡظُهُمَاۚ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ

আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।

لَآ إِكۡرَاهَ فِي ٱلدِّينِۖ قَد تَّبَيَّنَ ٱلرُّشۡدُ مِنَ ٱلۡغَيِّۚ فَمَن يَكۡفُرۡ بِٱلطَّـٰغُوتِ وَيُؤۡمِنۢ بِٱللَّهِ فَقَدِ ٱسۡتَمۡسَكَ بِٱلۡعُرۡوَةِ ٱلۡوُثۡقَىٰ لَا ٱنفِصَامَ لَهَاۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ

দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক (অৰ্থাৎ আল্লাহৰ বাহিৰে অন্যান্য বাতিল উপাস্যসমূহক) অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব, সি দৰাচলতে এনেকুৱা এডাল ৰছীত খামুচি ধৰিব যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

ٱللَّهُ وَلِيُّ ٱلَّذِينَ ءَامَنُواْ يُخۡرِجُهُم مِّنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِۖ وَٱلَّذِينَ كَفَرُوٓاْ أَوۡلِيَآؤُهُمُ ٱلطَّـٰغُوتُ يُخۡرِجُونَهُم مِّنَ ٱلنُّورِ إِلَى ٱلظُّلُمَٰتِۗ أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ

যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেৱেঁই তেওঁলোকক (কুফৰীৰ) অন্ধকাৰৰ পৰা উলিয়াই (ঈমানৰ) পোহৰৰ ফালে লৈ যায়; আনহাতে যিসকলে কুফুৰী কৰিছে, তাগুত হৈছে সিহঁতৰ অভিভাৱক, এইবোৰে সিহঁতক (ঈমানৰ) পোহৰৰ পৰা (কুফৰীৰ) অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব।

أَلَمۡ تَرَ إِلَى ٱلَّذِي حَآجَّ إِبۡرَٰهِـۧمَ فِي رَبِّهِۦٓ أَنۡ ءَاتَىٰهُ ٱللَّهُ ٱلۡمُلۡكَ إِذۡ قَالَ إِبۡرَٰهِـۧمُ رَبِّيَ ٱلَّذِي يُحۡيِۦ وَيُمِيتُ قَالَ أَنَا۠ أُحۡيِۦ وَأُمِيتُۖ قَالَ إِبۡرَٰهِـۧمُ فَإِنَّ ٱللَّهَ يَأۡتِي بِٱلشَّمۡسِ مِنَ ٱلۡمَشۡرِقِ فَأۡتِ بِهَا مِنَ ٱلۡمَغۡرِبِ فَبُهِتَ ٱلَّذِي كَفَرَۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّـٰلِمِينَ

তুমি সেইজন ব্যক্তিৰ (নমৰূদৰ) কথা ভাৱি চোৱা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘তেওঁ হৈছে মোৰ প্ৰতিপালক, যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰি দেখুওৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ পৰিল; আৰু আল্লাহ যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

أَوۡ كَٱلَّذِي مَرَّ عَلَىٰ قَرۡيَةٖ وَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا قَالَ أَنَّىٰ يُحۡيِۦ هَٰذِهِ ٱللَّهُ بَعۡدَ مَوۡتِهَاۖ فَأَمَاتَهُ ٱللَّهُ مِاْئَةَ عَامٖ ثُمَّ بَعَثَهُۥۖ قَالَ كَمۡ لَبِثۡتَۖ قَالَ لَبِثۡتُ يَوۡمًا أَوۡ بَعۡضَ يَوۡمٖۖ قَالَ بَل لَّبِثۡتَ مِاْئَةَ عَامٖ فَٱنظُرۡ إِلَىٰ طَعَامِكَ وَشَرَابِكَ لَمۡ يَتَسَنَّهۡۖ وَٱنظُرۡ إِلَىٰ حِمَارِكَ وَلِنَجۡعَلَكَ ءَايَةٗ لِّلنَّاسِۖ وَٱنظُرۡ إِلَى ٱلۡعِظَامِ كَيۡفَ نُنشِزُهَا ثُمَّ نَكۡسُوهَا لَحۡمٗاۚ فَلَمَّا تَبَيَّنَ لَهُۥ قَالَ أَعۡلَمُ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ

অথবা সেই ব্যক্তিৰ কথা ভাৱি চোৱা নাইনে, যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল। সেই ব্যক্তিজনে ক'লে, 'মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব'? তাৰ পিছত আল্লাহে তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। অৱশেষত তাক পুনৰ্জীৱিত কৰিলে। আল্লাহে ক'লে, 'তুমি কিমান দিন অৱস্থান কৰিলা'? সি ক'লে, 'এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছোঁ'। তেওঁ ক'লে, 'বৰং তুমি এশ বছৰ অৱস্থান কৰিছা। এতেকে তুমি তোমাৰ খাদ্যসামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰা, সেইবোৰ অবিকৃত আছে আৰু চোৱা, তোমাৰ গাধটোৰ পিনে, আৰু (এয়া কৰিছোঁ) যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰোঁ, আৰু (গাধৰ) অস্থিসমূহৰ পিনে চোৱা; কেনেকৈ সেইবোৰ সংযোজিত কৰোঁ আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ'। তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ’ল তেতিয়া সি ক’লে, 'মই জানো, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান'।

وَإِذۡ قَالَ إِبۡرَٰهِـۧمُ رَبِّ أَرِنِي كَيۡفَ تُحۡيِ ٱلۡمَوۡتَىٰۖ قَالَ أَوَلَمۡ تُؤۡمِنۖ قَالَ بَلَىٰ وَلَٰكِن لِّيَطۡمَئِنَّ قَلۡبِيۖ قَالَ فَخُذۡ أَرۡبَعَةٗ مِّنَ ٱلطَّيۡرِ فَصُرۡهُنَّ إِلَيۡكَ ثُمَّ ٱجۡعَلۡ عَلَىٰ كُلِّ جَبَلٖ مِّنۡهُنَّ جُزۡءٗا ثُمَّ ٱدۡعُهُنَّ يَأۡتِينَكَ سَعۡيٗاۚ وَٱعۡلَمۡ أَنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ

আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱাই দিয়া’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰোঁ, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে (চাব বিচাৰোঁ)’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা (যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে)। তাৰ পিছত সেইবোৰৰ টুকুৰা-টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, (চাবা) সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুতগতিত গুচি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now