Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

قَالَ إِنَّهُۥ يَقُولُ إِنَّهَا بَقَرَةٞ لَّا ذَلُولٞ تُثِيرُ ٱلۡأَرۡضَ وَلَا تَسۡقِي ٱلۡحَرۡثَ مُسَلَّمَةٞ لَّا شِيَةَ فِيهَاۚ قَالُواْ ٱلۡـَٰٔنَ جِئۡتَ بِٱلۡحَقِّۚ فَذَبَحُوهَا وَمَا كَادُواْ يَفۡعَلُونَ

মুছাই ক’লে, ‘তেওঁ কৈছে, সেইজনী এনেকুৱা গাই, যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই, সুস্থ আৰু নিখুঁত’। সিহঁতে ক’লে, ‘এতিয়া তুমি সত্য লৈ আহিছা’। অৱশেষত সিহঁতে গাইজনীক জবেহ কৰিলে, যদিও সিহঁতে সেয়া কৰিবলৈ প্ৰস্তুত নাছিল।

وَإِذۡ قَتَلۡتُمۡ نَفۡسٗا فَٱدَّـٰرَٰٔتُمۡ فِيهَاۖ وَٱللَّهُ مُخۡرِجٞ مَّا كُنتُمۡ تَكۡتُمُونَ

আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে এজন ব্যক্তিক হত্যা কৰিছিলা তাৰ পিছত এজনে আনজনৰ প্ৰতি দোষাৰোপ কৰিছিলা, আৰু তোমালোকে যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰিলে।

فَقُلۡنَا ٱضۡرِبُوهُ بِبَعۡضِهَاۚ كَذَٰلِكَ يُحۡيِ ٱللَّهُ ٱلۡمَوۡتَىٰ وَيُرِيكُمۡ ءَايَٰتِهِۦ لَعَلَّكُمۡ تَعۡقِلُونَ

তাৰ পিছত আমি ক’লোঁ, ‘ইয়াৰ কোনো এটা অংশৰে (অৰ্থাৎ গাইজনীৰ মাংসৰে) তাক আঘাত কৰা’। এইদৰেই আল্লাহে মৃতক জীৱিত কৰে আৰু তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।

ثُمَّ قَسَتۡ قُلُوبُكُم مِّنۢ بَعۡدِ ذَٰلِكَ فَهِيَ كَٱلۡحِجَارَةِ أَوۡ أَشَدُّ قَسۡوَةٗۚ وَإِنَّ مِنَ ٱلۡحِجَارَةِ لَمَا يَتَفَجَّرُ مِنۡهُ ٱلۡأَنۡهَٰرُۚ وَإِنَّ مِنۡهَا لَمَا يَشَّقَّقُ فَيَخۡرُجُ مِنۡهُ ٱلۡمَآءُۚ وَإِنَّ مِنۡهَا لَمَا يَهۡبِطُ مِنۡ خَشۡيَةِ ٱللَّهِۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ

ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ পৰিছিল, যেনিবা শিল অথবা তাতোকৈ কঠিন। অথচ কিছুমান শিল এনেকুৱাও আছে যিটোৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱাও আছে যিটো বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আৰু কিছুমান আছে আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।

۞أَفَتَطۡمَعُونَ أَن يُؤۡمِنُواْ لَكُمۡ وَقَدۡ كَانَ فَرِيقٞ مِّنۡهُمۡ يَسۡمَعُونَ كَلَٰمَ ٱللَّهِ ثُمَّ يُحَرِّفُونَهُۥ مِنۢ بَعۡدِ مَا عَقَلُوهُ وَهُمۡ يَعۡلَمُونَ

তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে আৰু সিহঁতে সেই বাণী অনুধাৱন কৰাৰ পিছতো জানি বুজি বিকৃত কৰে।

وَإِذَا لَقُواْ ٱلَّذِينَ ءَامَنُواْ قَالُوٓاْ ءَامَنَّا وَإِذَا خَلَا بَعۡضُهُمۡ إِلَىٰ بَعۡضٖ قَالُوٓاْ أَتُحَدِّثُونَهُم بِمَا فَتَحَ ٱللَّهُ عَلَيۡكُمۡ لِيُحَآجُّوكُم بِهِۦ عِندَ رَبِّكُمۡۚ أَفَلَا تَعۡقِلُونَ

আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া কয়, 'আমি ঈমান আনিছোঁ'। আকৌ যেতিয়া সিহঁতে গোপনে ইজনে সিজনৰ লগত মিলিত হয় তেতিয়া কয়, 'তোমালোকে সিহঁতৰ লগত সেই কথাবোৰ কিয় আলোচনা কৰা যিবোৰ আল্লাহে তোমালোকৰ ওচৰত উন্মুক্ত কৰি দিছে; সিহঁতে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বিৰুদ্ধে প্ৰমাণ দাঙি ধৰিব সেইটো তোমালোকে বুজি নোপোৱা নেকি'?

أَوَلَا يَعۡلَمُونَ أَنَّ ٱللَّهَ يَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَ

সিহঁতে নাজানে নেকি যে, সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেয়া আল্লাহে জানে?

وَمِنۡهُمۡ أُمِّيُّونَ لَا يَعۡلَمُونَ ٱلۡكِتَٰبَ إِلَّآ أَمَانِيَّ وَإِنۡ هُمۡ إِلَّا يَظُنُّونَ

আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান নিৰক্ষৰ মানুহো আছে যিসকলে মিছা আশাৰ বাহিৰে কিতাব (ঐশীগ্ৰন্থ) সম্পৰ্কে একোৱেই নাজানে, সিহঁতে কেৱল অমূলক ধাৰণাহে পোষণ কৰে।

فَوَيۡلٞ لِّلَّذِينَ يَكۡتُبُونَ ٱلۡكِتَٰبَ بِأَيۡدِيهِمۡ ثُمَّ يَقُولُونَ هَٰذَا مِنۡ عِندِ ٱللَّهِ لِيَشۡتَرُواْ بِهِۦ ثَمَنٗا قَلِيلٗاۖ فَوَيۡلٞ لَّهُم مِّمَّا كَتَبَتۡ أَيۡدِيهِمۡ وَوَيۡلٞ لَّهُم مِّمَّا يَكۡسِبُونَ

এতেকে দুৰ্ভোগ সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাপ ৰচনা কৰে আৰু তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা (অৱতীৰ্ণ)’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ কাৰণে সিহঁতৰ বাবে আছে ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ কাৰণেও সিহঁতৰ বাবে আছে ধ্বংস।

وَقَالُواْ لَن تَمَسَّنَا ٱلنَّارُ إِلَّآ أَيَّامٗا مَّعۡدُودَةٗۚ قُلۡ أَتَّخَذۡتُمۡ عِندَ ٱللَّهِ عَهۡدٗا فَلَن يُخۡلِفَ ٱللَّهُ عَهۡدَهُۥٓۖ أَمۡ تَقُولُونَ عَلَى ٱللَّهِ مَا لَا تَعۡلَمُونَ

আৰু সিহঁতে কয়, 'সামান্য কিছু দিনৰ বাহিৰে জুয়ে (জাহান্নামে) আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব'। কোৱা, ‘তোমালোকে আল্লাহৰ পৰা এনে কোনো অঙ্গীকাৰ লৈছা নেকি, যি অঙ্গীকাৰ আল্লাহে কেতিয়াও ভংগ নকৰিব? নে তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা যিটো তোমালোকে নাজানা?’

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now