Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

بَلَىٰۚ مَن كَسَبَ سَيِّئَةٗ وَأَحَٰطَتۡ بِهِۦ خَطِيٓـَٔتُهُۥ فَأُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ

হয়, যিয়ে বেয়া উপাৰ্জন কৰিছে আৰু তাৰ পাপৰাশিয়ে তাক পৰিবেষ্টন কৰি ৰাখিছে, সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।

وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ

আনহাতে যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোক তাত চিৰস্থায়ী হ’ব।

وَإِذۡ أَخَذۡنَا مِيثَٰقَ بَنِيٓ إِسۡرَـٰٓءِيلَ لَا تَعۡبُدُونَ إِلَّا ٱللَّهَ وَبِٱلۡوَٰلِدَيۡنِ إِحۡسَانٗا وَذِي ٱلۡقُرۡبَىٰ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينِ وَقُولُواْ لِلنَّاسِ حُسۡنٗا وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ ثُمَّ تَوَلَّيۡتُمۡ إِلَّا قَلِيلٗا مِّنكُمۡ وَأَنتُم مُّعۡرِضُونَ

আৰু স্মৰণ কৰা, যেতিয়া আমি বনী ইছৰাঈলৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ, আত্মীয়-স্বজন, এতীম আৰু দৰিদ্ৰৰ সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম কথা ক'বা তথা ছালাত প্ৰতিষ্ঠা কৰিবা লগতে যাকাত প্ৰদান কৰিবা, তাৰ পিছতো তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল।

وَإِذۡ أَخَذۡنَا مِيثَٰقَكُمۡ لَا تَسۡفِكُونَ دِمَآءَكُمۡ وَلَا تُخۡرِجُونَ أَنفُسَكُم مِّن دِيَٰرِكُمۡ ثُمَّ أَقۡرَرۡتُمۡ وَأَنتُمۡ تَشۡهَدُونَ

আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ পৰা আমি প্ৰতিশ্ৰুতি লৈছিলোঁ যে, তোমালোকে পৰস্পৰে ৰক্তপাত নকৰিবা আৰু এজনে আনজনক স্বদেশৰ পৰা বহিষ্কাৰ নকৰিবা। তোমালোকে এই বিষয়টোক মানি লৈছিলা আৰু তোমালোকেই ইয়াৰ সাক্ষী।

ثُمَّ أَنتُمۡ هَـٰٓؤُلَآءِ تَقۡتُلُونَ أَنفُسَكُمۡ وَتُخۡرِجُونَ فَرِيقٗا مِّنكُم مِّن دِيَٰرِهِمۡ تَظَٰهَرُونَ عَلَيۡهِم بِٱلۡإِثۡمِ وَٱلۡعُدۡوَٰنِ وَإِن يَأۡتُوكُمۡ أُسَٰرَىٰ تُفَٰدُوهُمۡ وَهُوَ مُحَرَّمٌ عَلَيۡكُمۡ إِخۡرَاجُهُمۡۚ أَفَتُؤۡمِنُونَ بِبَعۡضِ ٱلۡكِتَٰبِ وَتَكۡفُرُونَ بِبَعۡضٖۚ فَمَا جَزَآءُ مَن يَفۡعَلُ ذَٰلِكَ مِنكُمۡ إِلَّا خِزۡيٞ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ يُرَدُّونَ إِلَىٰٓ أَشَدِّ ٱلۡعَذَابِۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ

এতেকে তোমালোকেই সেইসকল লোক, যিসকলে নিজৰ মাজতেই হত্যাযজ্ঞ চলাইছা আৰু তোমালোকৰে এটা দলক সিহঁতৰ নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছা। অন্যায় আৰু সীমালংঘনৰ দ্বাৰা সিহঁতৰ বিৰুদ্ধে তোমালোকে এজনে আনজনৰ সহযোগিতা কৰিছা আৰু সিহঁত যেতিয়া বন্দীৰূপে তোমালোকৰ ওচৰত উপস্থিত হয় তেতিয়া তোমালোকে মুক্তিপণ আদায় কৰি সিহঁতক মুক্ত কৰা; অথচ সিহঁতক বহিষ্কাৰ কৰাটোৱে তোমালোকৰ ওপৰত হাৰাম আছিল। তেন্তে তোমালোকে কিতাবৰ কিছু অংশক বিশ্বাস কৰা আৰু কিছু অংশক অস্বীকাৰ কৰা নেকি? তেনেহ’লে (জানি থোৱা) তোমালোকৰ মাজৰ যিসকলে এনে কৰে পৃথিৱীৰ জীৱনত সিহঁতৰ বাবে একমাত্ৰ প্ৰতিফল হৈছে লাঞ্ছনা আৰু অপমান তথা কিয়ামতৰ দিনা সিহঁতক ওভতাই নিয়া হ’ব অতি কঠিন শাস্তিৰ পিনে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।

أُوْلَـٰٓئِكَ ٱلَّذِينَ ٱشۡتَرَوُاْ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا بِٱلۡأٓخِرَةِۖ فَلَا يُخَفَّفُ عَنۡهُمُ ٱلۡعَذَابُ وَلَا هُمۡ يُنصَرُونَ

ইহঁতেই আখিৰাতৰ বিনিময়ত পৃথিৱীৰ জীৱনক কিনি লৈছে; সেয়ে সিহঁতৰ শাস্তি অকণো কমোৱা নহ’ব আৰু সিহঁতক সহায়ও কৰা নহ’ব।

وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَقَفَّيۡنَا مِنۢ بَعۡدِهِۦ بِٱلرُّسُلِۖ وَءَاتَيۡنَا عِيسَى ٱبۡنَ مَرۡيَمَ ٱلۡبَيِّنَٰتِ وَأَيَّدۡنَٰهُ بِرُوحِ ٱلۡقُدُسِۗ أَفَكُلَّمَا جَآءَكُمۡ رَسُولُۢ بِمَا لَا تَهۡوَىٰٓ أَنفُسُكُمُ ٱسۡتَكۡبَرۡتُمۡ فَفَرِيقٗا كَذَّبۡتُمۡ وَفَرِيقٗا تَقۡتُلُونَ

আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছত পৰ্যায়ক্ৰমে ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু আমি মাৰয়ামৰ পুত্ৰ ঈছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ আৰু ‘ৰূহুল কুদুছ’ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ। এইটো সঁচা নহয় জানো যেতিয়াই তোমালোকৰ ওচৰত কোনো ৰাছুলে তোমালোকৰ প্ৰবৃত্তিৰ বিপৰীত কোনো বস্তু লৈ আহিছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা? তাৰ পিছত তোমালোকে নবীসকলৰ এটা দলক অস্বীকাৰ কৰিছিলা আৰু এটা দলক হত্যা কৰিছিলা।

وَقَالُواْ قُلُوبُنَا غُلۡفُۢۚ بَل لَّعَنَهُمُ ٱللَّهُ بِكُفۡرِهِمۡ فَقَلِيلٗا مَّا يُؤۡمِنُونَ

আৰু সিহঁতে কৈছিল, ‘আমাৰ অন্তৰসমূহ হৈছে আচ্ছাদিত’, বৰং সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক অভিশাপ কৰিছে। এতেকে সিহঁতৰ কম সংখ্যকেই ঈমান পোষণ কৰিব।

وَلَمَّا جَآءَهُمۡ كِتَٰبٞ مِّنۡ عِندِ ٱللَّهِ مُصَدِّقٞ لِّمَا مَعَهُمۡ وَكَانُواْ مِن قَبۡلُ يَسۡتَفۡتِحُونَ عَلَى ٱلَّذِينَ كَفَرُواْ فَلَمَّا جَآءَهُم مَّا عَرَفُواْ كَفَرُواْ بِهِۦۚ فَلَعۡنَةُ ٱللَّهِ عَلَى ٱلۡكَٰفِرِينَ

ইপিনে যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ তৰফৰ পৰা এনে এখন কিতাব আহিল যিখনে সিহঁতৰ লগত থকা গ্ৰন্থক সমৰ্থন কৰে, অথচ ইয়াৰ পূৰ্বে সিহঁতে ইয়াৰ সহায় বিচাৰি কাফিৰসকলৰ বিৰুদ্ধে বিজয় প্ৰাৰ্থনা কৰিছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সেয়া আহি পালে যাক সিহঁতে ভালদৰে চিনি পায়, (তথাপিও) অস্বীকাৰ কৰিলে। সেয়ে কাফিৰসকলৰ ওপৰত আল্লাহৰ লা’নত।

بِئۡسَمَا ٱشۡتَرَوۡاْ بِهِۦٓ أَنفُسَهُمۡ أَن يَكۡفُرُواْ بِمَآ أَنزَلَ ٱللَّهُ بَغۡيًا أَن يُنَزِّلَ ٱللَّهُ مِن فَضۡلِهِۦ عَلَىٰ مَن يَشَآءُ مِنۡ عِبَادِهِۦۖ فَبَآءُو بِغَضَبٍ عَلَىٰ غَضَبٖۚ وَلِلۡكَٰفِرِينَ عَذَابٞ مُّهِينٞ

যিটোৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰিছে সেয়া কিমান যে নিকৃষ্ট! সেয়া হৈছে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাৰ লগত কুফৰী কৰিছে, এই জিদৰ বশৱৰ্তী হৈ যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ কৰে। সেয়ে সিহঁতে ক্ৰোধৰ ওপৰত ক্ৰোধ অৰ্জন কৰিছে আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now