Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَمِنۡهُم مَّن يَقُولُ رَبَّنَآ ءَاتِنَا فِي ٱلدُّنۡيَا حَسَنَةٗ وَفِي ٱلۡأٓخِرَةِ حَسَنَةٗ وَقِنَا عَذَابَ ٱلنَّارِ

আনহাতে সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

أُوْلَـٰٓئِكَ لَهُمۡ نَصِيبٞ مِّمَّا كَسَبُواْۚ وَٱللَّهُ سَرِيعُ ٱلۡحِسَابِ

এওঁলোকে যি অৰ্জন কৰিছে সেই প্ৰাপ্য অংশ এওঁলোকৰ বাবেই, আৰু আল্লাহ হিচাপ গ্ৰহণত অত্যন্ত তৎপৰ।

۞وَٱذۡكُرُواْ ٱللَّهَ فِيٓ أَيَّامٖ مَّعۡدُودَٰتٖۚ فَمَن تَعَجَّلَ فِي يَوۡمَيۡنِ فَلَآ إِثۡمَ عَلَيۡهِ وَمَن تَأَخَّرَ فَلَآ إِثۡمَ عَلَيۡهِۖ لِمَنِ ٱتَّقَىٰۗ وَٱتَّقُواْ ٱللَّهَ وَٱعۡلَمُوٓاْ أَنَّكُمۡ إِلَيۡهِ تُحۡشَرُونَ

আৰু তোমালোকে নিৰ্দিষ্ট দিনসমূহত (জুলহিজ্জা মাহৰ ১১, ১২ আৰু ১৩ তাৰিখ এই তিনিদিন মীনাত অৱস্থান কৰা সময়ত) আল্লাহক স্মৰণ কৰিবা। এতেকে কোনোবাই যদি খৰখেদাকৈ দুদিনতেই গুচি আহে তেন্তে তাৰ কোনো পাপ নহ’ব আৰু যদি কোনোবাই পলমকৈ আহে তাৰো কোনো পাপ নহ’ব। এইটো (নিয়ম) সেই ব্যক্তিৰ বাবে যিয়ে তাক্বৱা অৱলম্বন কৰে, আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা লগতে জানি থোৱা যে, তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।

وَمِنَ ٱلنَّاسِ مَن يُعۡجِبُكَ قَوۡلُهُۥ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَيُشۡهِدُ ٱللَّهَ عَلَىٰ مَا فِي قَلۡبِهِۦ وَهُوَ أَلَدُّ ٱلۡخِصَامِ

আৰু মানুহৰ মাজত এনেকুৱা ব্যক্তিও আছে, পাৰ্থিৱ জীৱনত যাৰ কথাবাৰ্তাই তোমাক মুগ্ধ কৰে আৰু তাৰ অন্তৰত যি আছে সেই সম্পৰ্কে সি আল্লাহক সাক্ষী ৰাখে। কিন্তু প্ৰকৃততে সি ভীষণ কলহপ্ৰিয়।

وَإِذَا تَوَلَّىٰ سَعَىٰ فِي ٱلۡأَرۡضِ لِيُفۡسِدَ فِيهَا وَيُهۡلِكَ ٱلۡحَرۡثَ وَٱلنَّسۡلَۚ وَٱللَّهُ لَا يُحِبُّ ٱلۡفَسَادَ

আৰু যেতিয়া সি (তোমাৰ ওচৰৰ পৰা) উভতি যায়, তেতিয়া সি পৃথিৱীত ফাছাদ (অশান্তি) সৃষ্টি কৰে, লগতে শস্যক্ষেত্ৰ আৰু প্ৰাণী ধ্বংস কৰিবলৈ চেষ্টা কৰে; কিন্তু আল্লাহে ফাছাদ ভাল নাপায়।

وَإِذَا قِيلَ لَهُ ٱتَّقِ ٱللَّهَ أَخَذَتۡهُ ٱلۡعِزَّةُ بِٱلۡإِثۡمِۚ فَحَسۡبُهُۥ جَهَنَّمُۖ وَلَبِئۡسَ ٱلۡمِهَادُ

আৰু যেতিয়া তাক কোৱা হয়, ‘আল্লাহৰ তাক্বৱা অৱলম্বন কৰা’, তেতিয়া তাৰ আত্মাভিমানে তাক পাপ কৰিবলৈ উৎসাহ দিয়ে, এতেকে তাৰ বাবে জাহান্নামেই যথেষ্ট। নিশ্চয় ই নিকৃষ্ট বিশ্ৰামস্থল।

وَمِنَ ٱلنَّاسِ مَن يَشۡرِي نَفۡسَهُ ٱبۡتِغَآءَ مَرۡضَاتِ ٱللَّهِۚ وَٱللَّهُ رَءُوفُۢ بِٱلۡعِبَادِ

পক্ষান্তৰে মানুহৰ মাজত এনেকুৱা লোকো আছে, যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰী কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত সহানুভূতিশীল।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱدۡخُلُواْ فِي ٱلسِّلۡمِ كَآفَّةٗ وَلَا تَتَّبِعُواْ خُطُوَٰتِ ٱلشَّيۡطَٰنِۚ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٞ

হে মুমিনসকল! তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।

فَإِن زَلَلۡتُم مِّنۢ بَعۡدِ مَا جَآءَتۡكُمُ ٱلۡبَيِّنَٰتُ فَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ

এতেকে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি অহাৰ পিছতো যদি তোমালোকৰ পদস্খলন ঘটে, তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

هَلۡ يَنظُرُونَ إِلَّآ أَن يَأۡتِيَهُمُ ٱللَّهُ فِي ظُلَلٖ مِّنَ ٱلۡغَمَامِ وَٱلۡمَلَـٰٓئِكَةُ وَقُضِيَ ٱلۡأَمۡرُۚ وَإِلَى ٱللَّهِ تُرۡجَعُ ٱلۡأُمُورُ

সিহঁতে এই অপেক্ষাত আছে নেকি যে, আল্লাহ আৰু ফিৰিস্তাসকল মেঘৰ ছাঁত সিহঁতৰ ওচৰত আহি উপস্থিত হ’ব? আৰু তেতিয়া সকলো বিষয়ৰ মীমাংসা হৈ যাব? আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ব।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now