Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

يَـٰٓأَيُّهَا ٱلنَّاسُ ٱعۡبُدُواْ رَبَّكُمُ ٱلَّذِي خَلَقَكُمۡ وَٱلَّذِينَ مِن قَبۡلِكُمۡ لَعَلَّكُمۡ تَتَّقُونَ

হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা।

ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ فِرَٰشٗا وَٱلسَّمَآءَ بِنَآءٗ وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجَ بِهِۦ مِنَ ٱلثَّمَرَٰتِ رِزۡقٗا لَّكُمۡۖ فَلَا تَجۡعَلُواْ لِلَّهِ أَندَادٗا وَأَنتُمۡ تَعۡلَمُونَ

যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।

وَإِن كُنتُمۡ فِي رَيۡبٖ مِّمَّا نَزَّلۡنَا عَلَىٰ عَبۡدِنَا فَأۡتُواْ بِسُورَةٖ مِّن مِّثۡلِهِۦ وَٱدۡعُواْ شُهَدَآءَكُم مِّن دُونِ ٱللَّهِ إِن كُنتُمۡ صَٰدِقِينَ

আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা, যদিহে তোমালোকে সত্যবাদী হোৱা।

فَإِن لَّمۡ تَفۡعَلُواْ وَلَن تَفۡعَلُواْ فَٱتَّقُواْ ٱلنَّارَ ٱلَّتِي وَقُودُهَا ٱلنَّاسُ وَٱلۡحِجَارَةُۖ أُعِدَّتۡ لِلۡكَٰفِرِينَ

এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।

وَبَشِّرِ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أَنَّ لَهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ كُلَّمَا رُزِقُوا مِنْهَا مِنْ ثَمَرَةٍ رِزْقًا قَالُوا هَٰذَا الَّذِي رُزِقْنَا مِنْ قَبْلُ وَأُتُوا بِهِ مُتَشَابِهًا وَلَهُمْ أَزْوَاجٌ مُطَهَّرَةٌ وَهُمْ فِيهَا خَالِدُونَ

আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়ক যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদী প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোক চিৰকাল থাকিব।

۞إِنَّ ٱللَّهَ لَا يَسۡتَحۡيِۦٓ أَن يَضۡرِبَ مَثَلٗا مَّا بَعُوضَةٗ فَمَا فَوۡقَهَاۚ فَأَمَّا ٱلَّذِينَ ءَامَنُواْ فَيَعۡلَمُونَ أَنَّهُ ٱلۡحَقُّ مِن رَّبِّهِمۡۖ وَأَمَّا ٱلَّذِينَ كَفَرُواْ فَيَقُولُونَ مَاذَآ أَرَادَ ٱللَّهُ بِهَٰذَا مَثَلٗاۘ يُضِلُّ بِهِۦ كَثِيرٗا وَيَهۡدِي بِهِۦ كَثِيرٗاۚ وَمَا يُضِلُّ بِهِۦٓ إِلَّا ٱلۡفَٰسِقِينَ

নিশ্চয় আল্লাহে মহ অথবা তাতোকৈ ক্ষুদ্ৰ কোনো বস্তুৰ উপমা দিওঁতে সংকোচবোধ নকৰে। এতেকে যিসকলে ঈমান আনিছে তেওঁলোকে জানে যে, নিশ্চয় এইটো তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয় যে, 'আল্লাহে এই উপমাৰ দ্বাৰা কি বুজাব বিচাৰিছে'? তেওঁ ইয়াৰ দ্বাৰা বহুতকে বিভ্ৰান্ত কৰে আৰু বহুতকে হিদায়ত দিয়ে। আৰু তেওঁ ফাছিকসকলৰ বাহিৰে আন কাকো ইয়াৰ দ্বাৰা বিভ্ৰান্ত নকৰে।

ٱلَّذِينَ يَنقُضُونَ عَهۡدَ ٱللَّهِ مِنۢ بَعۡدِ مِيثَٰقِهِۦ وَيَقۡطَعُونَ مَآ أَمَرَ ٱللَّهُ بِهِۦٓ أَن يُوصَلَ وَيُفۡسِدُونَ فِي ٱلۡأَرۡضِۚ أُوْلَـٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ

যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে, সিহঁতেই ক্ষতিগ্ৰস্থ।

كَيۡفَ تَكۡفُرُونَ بِٱللَّهِ وَكُنتُمۡ أَمۡوَٰتٗا فَأَحۡيَٰكُمۡۖ ثُمَّ يُمِيتُكُمۡ ثُمَّ يُحۡيِيكُمۡ ثُمَّ إِلَيۡهِ تُرۡجَعُونَ

তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফৰী কৰা? অথচ তোমালোক প্ৰাণহীন আছিলা। তাৰ পিছত তেৱেঁই তোমালোকক জীৱিত কৰিছে আকৌ তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, তাৰ পিছত পুনৰ জীৱিত কৰিব আৰু তাৰ পিছত তোমালোকক তেওঁৰ ওচৰলৈকেই ওভতাই নিয়া হ’ব।

هُوَ ٱلَّذِي خَلَقَ لَكُم مَّا فِي ٱلۡأَرۡضِ جَمِيعٗا ثُمَّ ٱسۡتَوَىٰٓ إِلَى ٱلسَّمَآءِ فَسَوَّىٰهُنَّ سَبۡعَ سَمَٰوَٰتٖۚ وَهُوَ بِكُلِّ شَيۡءٍ عَلِيمٞ

তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি সেইটোক সাতখন আকাশত বিন্যস্ত কৰিছে; আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।

وَإِذۡ قَالَ رَبُّكَ لِلۡمَلَـٰٓئِكَةِ إِنِّي جَاعِلٞ فِي ٱلۡأَرۡضِ خَلِيفَةٗۖ قَالُوٓاْ أَتَجۡعَلُ فِيهَا مَن يُفۡسِدُ فِيهَا وَيَسۡفِكُ ٱلدِّمَآءَ وَنَحۡنُ نُسَبِّحُ بِحَمۡدِكَ وَنُقَدِّسُ لَكَۖ قَالَ إِنِّيٓ أَعۡلَمُ مَا لَا تَعۡلَمُونَ

আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা সৃষ্টি কৰিবলৈ থিৰ কৰিছোঁ। তেওঁলোকে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব? আৰু আমিতো তোমাৰ হাম্দসহ তছবীহ পাঠ কৰোৱেঁই লগতে তোমাৰ পৱিত্ৰতাও ঘোষণা কৰো। তেওঁ ক’লে, নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now