Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

مَّثَلُ ٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُمۡ فِي سَبِيلِ ٱللَّهِ كَمَثَلِ حَبَّةٍ أَنۢبَتَتۡ سَبۡعَ سَنَابِلَ فِي كُلِّ سُنۢبُلَةٖ مِّاْئَةُ حَبَّةٖۗ وَٱللَّهُ يُضَٰعِفُ لِمَن يَشَآءُۚ وَٱللَّهُ وَٰسِعٌ عَلِيمٌ

যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে, তেওঁলোকৰ (এই ব্যয়ৰ) উদাহৰণ হৈছে শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটাকৈ সিহ (থোক) ওলায়, প্ৰত্যেক থোকত থাকে এশটাকৈ শস্য দানা; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

ٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُمۡ فِي سَبِيلِ ٱللَّهِ ثُمَّ لَا يُتۡبِعُونَ مَآ أَنفَقُواْ مَنّٗا وَلَآ أَذٗى لَّهُمۡ أَجۡرُهُمۡ عِندَ رَبِّهِمۡ وَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ

যিসকলে আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে, আৰু সেই দানৰ কথা মানুহৰ ওচৰত গাই নুফুৰে লগতে (এই দানৰ বিনিময়ত মানুহক) কোনো প্ৰকাৰ কষ্টও নিদিয়ে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আৰু তেওঁলোকৰ কোনো ভয় নাই লগতে তেওঁলোক চিন্তিতও নহ’ব।

۞قَوۡلٞ مَّعۡرُوفٞ وَمَغۡفِرَةٌ خَيۡرٞ مِّن صَدَقَةٖ يَتۡبَعُهَآ أَذٗىۗ وَٱللَّهُ غَنِيٌّ حَلِيمٞ

যি দানৰ পিছত (দান গ্ৰহণকাৰীক) কষ্ট দিয়া হয়, সেই দানতকৈ ভাল কথা কোৱা আৰু ক্ষমা কৰাই উত্তম, আৰু আল্লাহ অভাৱমুক্ত, পৰম সহনশীল।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُبۡطِلُواْ صَدَقَٰتِكُم بِٱلۡمَنِّ وَٱلۡأَذَىٰ كَٱلَّذِي يُنفِقُ مَالَهُۥ رِئَآءَ ٱلنَّاسِ وَلَا يُؤۡمِنُ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۖ فَمَثَلُهُۥ كَمَثَلِ صَفۡوَانٍ عَلَيۡهِ تُرَابٞ فَأَصَابَهُۥ وَابِلٞ فَتَرَكَهُۥ صَلۡدٗاۖ لَّا يَقۡدِرُونَ عَلَىٰ شَيۡءٖ مِّمَّا كَسَبُواْۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡكَٰفِرِينَ

হে ঈমান্দাৰসকল! দানৰ কথা প্ৰচাৰ কৰি আৰু (দান গ্ৰহণকাৰীক) কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা যিয়ে নিজৰ ধন-সম্পদ লোকক দেখুৱাবলৈ ব্যয় কৰে, লগতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। ফলত তাৰ উপমা হৈছে এনেকুৱা এটা মসৃণ শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে, তাৰ পিছত ধাৰাষাৰ বৰষুণে সেইটোক পৰিষ্কাৰ কৰি দিয়ে। ইহঁতে যি উপাৰ্জন কৰিছে তাৰ একোৱেই নিজৰ কামত খটাবলৈ সক্ষম নহয়; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।

وَمَثَلُ ٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُمُ ٱبۡتِغَآءَ مَرۡضَاتِ ٱللَّهِ وَتَثۡبِيتٗا مِّنۡ أَنفُسِهِمۡ كَمَثَلِ جَنَّةِۭ بِرَبۡوَةٍ أَصَابَهَا وَابِلٞ فَـَٔاتَتۡ أُكُلَهَا ضِعۡفَيۡنِ فَإِن لَّمۡ يُصِبۡهَا وَابِلٞ فَطَلّٞۗ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرٌ

আনহাতে যিসকলে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু নিজৰ আত্মা বলিষ্ঠ কৰাৰ বাবে ধন-সম্পদ ব্যয় কৰে, তেওঁলোকৰ উপমা হৈছে কোনো ওখ ভূমিত অৱস্থিত এখন উদ্যানৰ দৰে, য'ত ধাৰাষাৰ বৰষুণ হয়, ফলত তাত দ্বিগুণ ফল-মূল উৎপাদন হয়; আৰু ধাৰাষাৰ বৰষুণ নহ’লেও অলপ বৰষুণেই তাৰ বাবে যথেষ্ট হয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ যথাৰ্থ প্ৰত্যক্ষকাৰী।

أَيَوَدُّ أَحَدُكُمۡ أَن تَكُونَ لَهُۥ جَنَّةٞ مِّن نَّخِيلٖ وَأَعۡنَابٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ لَهُۥ فِيهَا مِن كُلِّ ٱلثَّمَرَٰتِ وَأَصَابَهُ ٱلۡكِبَرُ وَلَهُۥ ذُرِّيَّةٞ ضُعَفَآءُ فَأَصَابَهَآ إِعۡصَارٞ فِيهِ نَارٞ فَٱحۡتَرَقَتۡۗ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِ لَعَلَّكُمۡ تَتَفَكَّرُونَ

তোমালোকৰ কোনোবাই বিচৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন উদ্যান হওক, যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব, লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফলমূল থাকিব, তেনে অৱস্থাতে তাক বাৰ্ধক্যই পাব আৰু ইপিনে তাৰ কিছুমান দুৰ্বল সন্তান-সন্ততিও থাকিব, এনেকুৱা পৰিস্থিতিত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘুৰ্ণি বতাহ আহি উদ্যানখন দাহ কৰি যাব (এইটো তোমালোকৰ কোনোবাই বিচৰানে)? এইদৰেই আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে ব্যক্ত কৰে, যাতে তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَنفِقُواْ مِن طَيِّبَٰتِ مَا كَسَبۡتُمۡ وَمِمَّآ أَخۡرَجۡنَا لَكُم مِّنَ ٱلۡأَرۡضِۖ وَلَا تَيَمَّمُواْ ٱلۡخَبِيثَ مِنۡهُ تُنفِقُونَ وَلَسۡتُم بِـَٔاخِذِيهِ إِلَّآ أَن تُغۡمِضُواْ فِيهِۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ غَنِيٌّ حَمِيدٌ

হে ঈমান্দাৰসকল! তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰোঁ, তাৰ পৰা যিটো উৎকৃষ্ট সম্পদ সেইটো দান কৰা; আৰু নিম্নমানৰ বস্তু দান কৰাৰ সংকল্প নকৰিবা, অথচ তোমালোকে নিজেই এনেকুৱা বস্তু চকু বন্ধ নকৰালৈকে গ্ৰহণ নকৰা। জানি থোৱা, নিশ্চয় আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।

ٱلشَّيۡطَٰنُ يَعِدُكُمُ ٱلۡفَقۡرَ وَيَأۡمُرُكُم بِٱلۡفَحۡشَآءِۖ وَٱللَّهُ يَعِدُكُم مَّغۡفِرَةٗ مِّنۡهُ وَفَضۡلٗاۗ وَٱللَّهُ وَٰسِعٌ عَلِيمٞ

চয়তানে তোমালোকক দৰিদ্ৰতাৰ প্ৰতিশ্ৰুতি দিয়ে (ভয় দেখুৱায়) আৰু অশ্লিলতাৰ নিৰ্দেশ দিয়ে। আনহাতে আল্লাহে তোমালোকক তেওঁৰ ক্ষমা আৰু অনুগ্ৰহৰ প্ৰতিশ্ৰুতি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

يُؤۡتِي ٱلۡحِكۡمَةَ مَن يَشَآءُۚ وَمَن يُؤۡتَ ٱلۡحِكۡمَةَ فَقَدۡ أُوتِيَ خَيۡرٗا كَثِيرٗاۗ وَمَا يَذَّكَّرُ إِلَّآ أُوْلُواْ ٱلۡأَلۡبَٰبِ

তেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।

وَمَآ أَنفَقۡتُم مِّن نَّفَقَةٍ أَوۡ نَذَرۡتُم مِّن نَّذۡرٖ فَإِنَّ ٱللَّهَ يَعۡلَمُهُۥۗ وَمَا لِلظَّـٰلِمِينَ مِنۡ أَنصَارٍ

আৰু যিটো তোমালোকে ব্যয় কৰা অথবা তোমালোকে যিটো মান্নত কৰা নিশ্চয় সেয়া আল্লাহে জানে; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now