Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَلِلۡمُطَلَّقَٰتِ مَتَٰعُۢ بِٱلۡمَعۡرُوفِۖ حَقًّا عَلَى ٱلۡمُتَّقِينَ

আৰু তালাক্বপ্ৰাপ্তা নাৰীসকলেও বিধি মুতাবিক ভৰণ-পোষণ (ক্ষতিপূৰণ) লাভ কৰিব। মুত্তাক্বীসকলৰ বাবে এইটো অৱশ্য কৰ্তব্য।

كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمۡ ءَايَٰتِهِۦ لَعَلَّكُمۡ تَعۡقِلُونَ

এনেকৈয়ে আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা।

۞أَلَمۡ تَرَ إِلَى ٱلَّذِينَ خَرَجُواْ مِن دِيَٰرِهِمۡ وَهُمۡ أُلُوفٌ حَذَرَ ٱلۡمَوۡتِ فَقَالَ لَهُمُ ٱللَّهُ مُوتُواْ ثُمَّ أَحۡيَٰهُمۡۚ إِنَّ ٱللَّهَ لَذُو فَضۡلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَشۡكُرُونَ

তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক (পুনৰ) জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।

وَقَٰتِلُواْ فِي سَبِيلِ ٱللَّهِ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ

আৰু তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

مَّن ذَا ٱلَّذِي يُقۡرِضُ ٱللَّهَ قَرۡضًا حَسَنٗا فَيُضَٰعِفَهُۥ لَهُۥٓ أَضۡعَافٗا كَثِيرَةٗۚ وَٱللَّهُ يَقۡبِضُ وَيَبۡصُۜطُ وَإِلَيۡهِ تُرۡجَعُونَ

কোনোবা আছেনে, যিয়ে আল্লাহক উত্তম ঋণ প্ৰদান কৰিব? তেওঁ ইয়াক তাৰ বাবে বহুগুণে বৃদ্ধি কৰি দিব; আৰু আল্লাহেই জীৱিকা সংকুচিত আৰু সম্প্ৰসাৰিত কৰে আৰু তেওঁৰ পিনেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।

أَلَمۡ تَرَ إِلَى ٱلۡمَلَإِ مِنۢ بَنِيٓ إِسۡرَـٰٓءِيلَ مِنۢ بَعۡدِ مُوسَىٰٓ إِذۡ قَالُواْ لِنَبِيّٖ لَّهُمُ ٱبۡعَثۡ لَنَا مَلِكٗا نُّقَٰتِلۡ فِي سَبِيلِ ٱللَّهِۖ قَالَ هَلۡ عَسَيۡتُمۡ إِن كُتِبَ عَلَيۡكُمُ ٱلۡقِتَالُ أَلَّا تُقَٰتِلُواْۖ قَالُواْ وَمَا لَنَآ أَلَّا نُقَٰتِلَ فِي سَبِيلِ ٱللَّهِ وَقَدۡ أُخۡرِجۡنَا مِن دِيَٰرِنَا وَأَبۡنَآئِنَاۖ فَلَمَّا كُتِبَ عَلَيۡهِمُ ٱلۡقِتَالُ تَوَلَّوۡاْ إِلَّا قَلِيلٗا مِّنۡهُمۡۚ وَٱللَّهُ عَلِيمُۢ بِٱلظَّـٰلِمِينَ

তুমি মুছাৰ পৰৱৰ্তী ইছৰাঈল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, ‘আমাৰ বাবে এজন ৰজা নিযুক্ত কৰি দিয়ক যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰোঁ’, তেওঁ ক’লে, ‘এনেকুৱা নহয়তো যে, তোমালোকক যুদ্ধৰ বিধান দিয়া হ’লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা’? সিহঁতে ক’লে, ‘আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান-সন্ততিৰ পৰা বহিষ্কৃত হৈছোঁ, তেতিয়াহ’লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম’? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে; আৰু আল্লাহে যালিমসকলৰ বিষয়ে ভালকৈয়ে অৱগত।

وَقَالَ لَهُمۡ نَبِيُّهُمۡ إِنَّ ٱللَّهَ قَدۡ بَعَثَ لَكُمۡ طَالُوتَ مَلِكٗاۚ قَالُوٓاْ أَنَّىٰ يَكُونُ لَهُ ٱلۡمُلۡكُ عَلَيۡنَا وَنَحۡنُ أَحَقُّ بِٱلۡمُلۡكِ مِنۡهُ وَلَمۡ يُؤۡتَ سَعَةٗ مِّنَ ٱلۡمَالِۚ قَالَ إِنَّ ٱللَّهَ ٱصۡطَفَىٰهُ عَلَيۡكُمۡ وَزَادَهُۥ بَسۡطَةٗ فِي ٱلۡعِلۡمِ وَٱلۡجِسۡمِۖ وَٱللَّهُ يُؤۡتِي مُلۡكَهُۥ مَن يَشَآءُۚ وَٱللَّهُ وَٰسِعٌ عَلِيمٞ

আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল, ‘নিশ্চয় আল্লাহে তালুতক তোমালোকৰ বাবে ৰজা হিচাপে প্ৰেৰণ কৰিছে’। সিহঁতে ক’লে, ‘তাৰ ৰাজত্ব আমাৰ ওপৰত কেনেকৈ সম্ভৱ? অথচ আমি তাতকৈ ৰাজত্বৰ বেছি হকদাৰ আৰু তাক প্ৰচুৰ ঐশ্বৰ্যও দিয়া হোৱা নাই’! তেওঁ ক’লে, ‘আল্লাহে নিশ্চয় তাক তোমালোকৰ বাবে মনোনীত কৰিছে আৰু তেওঁ তাক জ্ঞান আৰু শাৰীৰিকভাৱে সমৃদ্ধ কৰিছে; আৰু আল্লাহে যাক ইচ্ছা কৰে তাক ৰাজত্ব প্ৰদান কৰে আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ’।

وَقَالَ لَهُمۡ نَبِيُّهُمۡ إِنَّ ءَايَةَ مُلۡكِهِۦٓ أَن يَأۡتِيَكُمُ ٱلتَّابُوتُ فِيهِ سَكِينَةٞ مِّن رَّبِّكُمۡ وَبَقِيَّةٞ مِّمَّا تَرَكَ ءَالُ مُوسَىٰ وَءَالُ هَٰرُونَ تَحۡمِلُهُ ٱلۡمَلَـٰٓئِكَةُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لَّكُمۡ إِن كُنتُم مُّؤۡمِنِينَ

সিহঁতৰ নবীয়ে সিহঁতক এই কথাও কৈছিল যে, ‘তাৰ ৰাজত্বৰ নিদৰ্শন হ’ব এই যে, তোমালোকৰ ওচৰত তাবূত (চন্দুক) আহিব য’ত থাকিব তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰশান্তি লগতে তাত থাকিব কিছু পৰিত্যক্ত আচবাব যিবোৰ মুছা আৰু হাৰূনৰ বংশধৰসকলে এৰি থৈ গৈছে; ফিৰিস্তাসকলে সেইটো বহন কৰি আনিব। যদি তোমালোকে মুমিন হোৱা নিশ্চয় তোমালোকৰ বাবে ইয়াত আছে নিদৰ্শন’।

فَلَمَّا فَصَلَ طَالُوتُ بِٱلۡجُنُودِ قَالَ إِنَّ ٱللَّهَ مُبۡتَلِيكُم بِنَهَرٖ فَمَن شَرِبَ مِنۡهُ فَلَيۡسَ مِنِّي وَمَن لَّمۡ يَطۡعَمۡهُ فَإِنَّهُۥ مِنِّيٓ إِلَّا مَنِ ٱغۡتَرَفَ غُرۡفَةَۢ بِيَدِهِۦۚ فَشَرِبُواْ مِنۡهُ إِلَّا قَلِيلٗا مِّنۡهُمۡۚ فَلَمَّا جَاوَزَهُۥ هُوَ وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ قَالُواْ لَا طَاقَةَ لَنَا ٱلۡيَوۡمَ بِجَالُوتَ وَجُنُودِهِۦۚ قَالَ ٱلَّذِينَ يَظُنُّونَ أَنَّهُم مُّلَٰقُواْ ٱللَّهِ كَم مِّن فِئَةٖ قَلِيلَةٍ غَلَبَتۡ فِئَةٗ كَثِيرَةَۢ بِإِذۡنِ ٱللَّهِۗ وَٱللَّهُ مَعَ ٱلصَّـٰبِرِينَ

তাৰ পিছত তালুতে যেতিয়া সেনাবাহিনীসহ ওলাই আহিল, তেতিয়া তেওঁ ক’লে, ‘আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে তাৰ পৰা পানী খাব সি মোৰ দলৰ অন্তৰভুক্ত নহয়; আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি মোৰ দলভুক্ত; ইয়াৰ বাহিৰে যিয়ে এচলু পানী গ্ৰহণ কৰিব সিও (মোৰ দলৰ অন্তৰ্ভুক্ত)’। এতেকে কিছুসংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে। ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সংগী ঈমান্দাৰসকলে যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক’লে, ‘জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি আজি আৰু আমাৰ ওচৰত নাই’। কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে, আল্লাহৰ লগত তেওঁলোকৰ সাক্ষাৎ হ’ব, তেওঁলোকে ক’লে, ‘আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান বৃহৎ দলক পৰাজয় কৰিছে’! আৰু আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।

وَلَمَّا بَرَزُواْ لِجَالُوتَ وَجُنُودِهِۦ قَالُواْ رَبَّنَآ أَفۡرِغۡ عَلَيۡنَا صَبۡرٗا وَثَبِّتۡ أَقۡدَامَنَا وَٱنصُرۡنَا عَلَى ٱلۡقَوۡمِ ٱلۡكَٰفِرِينَ

আৰু তেওঁলোকে যেতিয়া যুদ্ধ কৰিবলৈ জালুত আৰু তাৰ সেনাবাহিনীৰ মুখামুখি হ’ল, তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য্য ঢালি দিয়া আৰু আমাৰ ভৰি অবিচলিত ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক জয়যুক্ত কৰা’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now