Details for the specified language are not available. Surah - Quran4Ever - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

سَلۡ بَنِيٓ إِسۡرَـٰٓءِيلَ كَمۡ ءَاتَيۡنَٰهُم مِّنۡ ءَايَةِۭ بَيِّنَةٖۗ وَمَن يُبَدِّلۡ نِعۡمَةَ ٱللَّهِ مِنۢ بَعۡدِ مَا جَآءَتۡهُ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ

ইছৰাঈলৰ বংশধৰসকলক সুধি চোৱা, আমি সিহঁতক কিমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ! আৰু আল্লাহৰ অনুগ্ৰহ অহাৰ পিছত কোনোবাই তাক পৰিবৰ্তন কৰিলে তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

زُيِّنَ لِلَّذِينَ كَفَرُواْ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا وَيَسۡخَرُونَ مِنَ ٱلَّذِينَ ءَامَنُواْۘ وَٱلَّذِينَ ٱتَّقَوۡاْ فَوۡقَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِۗ وَٱللَّهُ يَرۡزُقُ مَن يَشَآءُ بِغَيۡرِ حِسَابٖ

যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে পৃথিৱীৰ জীৱন সুশোভিত কৰা হৈছে আৰু সিহঁতে মুমিনসকলক উপহাস কৰে; আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকে ক্বিয়ামতৰ দিনা সিহঁতৰ ওপৰত (জান্নাতত) থাকিব; আৰু আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা প্ৰদান কৰে।

كَانَ ٱلنَّاسُ أُمَّةٗ وَٰحِدَةٗ فَبَعَثَ ٱللَّهُ ٱلنَّبِيِّـۧنَ مُبَشِّرِينَ وَمُنذِرِينَ وَأَنزَلَ مَعَهُمُ ٱلۡكِتَٰبَ بِٱلۡحَقِّ لِيَحۡكُمَ بَيۡنَ ٱلنَّاسِ فِيمَا ٱخۡتَلَفُواْ فِيهِۚ وَمَا ٱخۡتَلَفَ فِيهِ إِلَّا ٱلَّذِينَ أُوتُوهُ مِنۢ بَعۡدِ مَا جَآءَتۡهُمُ ٱلۡبَيِّنَٰتُ بَغۡيَۢا بَيۡنَهُمۡۖ فَهَدَى ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ لِمَا ٱخۡتَلَفُواْ فِيهِ مِنَ ٱلۡحَقِّ بِإِذۡنِهِۦۗ وَٱللَّهُ يَهۡدِي مَن يَشَآءُ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٍ

(আদিতে) সকলো মানুহ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল। (পিছলৈ তাত মানুহে বিভেদ সৃষ্টি কৰিছে) ফলত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰলৈ অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশতঃ সিহঁতে সেই বিষয়ত মতভেদ সৃষ্টি কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল পথৰ ফালে হিদায়ত কৰে।

أَمۡ حَسِبۡتُمۡ أَن تَدۡخُلُواْ ٱلۡجَنَّةَ وَلَمَّا يَأۡتِكُم مَّثَلُ ٱلَّذِينَ خَلَوۡاْ مِن قَبۡلِكُمۖ مَّسَّتۡهُمُ ٱلۡبَأۡسَآءُ وَٱلضَّرَّآءُ وَزُلۡزِلُواْ حَتَّىٰ يَقُولَ ٱلرَّسُولُ وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ مَتَىٰ نَصۡرُ ٱللَّهِۗ أَلَآ إِنَّ نَصۡرَ ٱللَّهِ قَرِيبٞ

তোমালোকে ভাবিছা নেকি যে, তোমালোকে জান্নাতত প্ৰৱেশ কৰিবা অথচ তোমালোকৰ ওচৰলৈ এতিয়াও তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ দৰে অৱস্থা আহি পোৱা নাই? অৰ্থ-সংকট আৰু দুখ-কষ্টই সিহঁতক স্পৰ্শ কৰিছিল আৰু সিহঁত ভীত-কম্পিত হৈছিল। আনকি ৰাছুল আৰু তেওঁৰ সংগী-সাৰথি ঈমান্দাৰসকলে কৈ উঠিছিল, ‘আল্লাহৰ সহায় কেতিয়া আহিব’? জানি থোৱা, নিশ্চয় আল্লাহৰ সহায় অতি নিকটৱৰ্তী।

يَسۡـَٔلُونَكَ مَاذَا يُنفِقُونَۖ قُلۡ مَآ أَنفَقۡتُم مِّنۡ خَيۡرٖ فَلِلۡوَٰلِدَيۡنِ وَٱلۡأَقۡرَبِينَ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينِ وَٱبۡنِ ٱلسَّبِيلِۗ وَمَا تَفۡعَلُواْ مِنۡ خَيۡرٖ فَإِنَّ ٱللَّهَ بِهِۦ عَلِيمٞ

তেওঁলোকে তোমাক প্ৰশ্ন কৰে যে, তেওঁলোকে কি ব্যয় কৰিব? কোৱা, যি ধন-সম্পদ তোমালোকে ব্যয় কৰিবা তাৰ অধিক হকদাৰ হৈছে, পিতৃ-মাতৃ, আত্মীয়-স্বজন, ইয়াতীম (পিতৃহীন), মিছকীন (অভাৱগ্ৰস্ত) আৰু (দুৰ্দশাগ্ৰস্ত) মুছাফিৰসকল; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

كُتِبَ عَلَيۡكُمُ ٱلۡقِتَالُ وَهُوَ كُرۡهٞ لَّكُمۡۖ وَعَسَىٰٓ أَن تَكۡرَهُواْ شَيۡـٔٗا وَهُوَ خَيۡرٞ لَّكُمۡۖ وَعَسَىٰٓ أَن تُحِبُّواْ شَيۡـٔٗا وَهُوَ شَرّٞ لَّكُمۡۚ وَٱللَّهُ يَعۡلَمُ وَأَنتُمۡ لَا تَعۡلَمُونَ

তোমালোকৰ ওপৰত যুদ্ধৰ বিধান অনিবাৰ্য কৰা হৈছে যদিও এইটো তোমালোকৰ বাবে অপছন্দনীয়। কিন্তু তোমালোকে যিটো অপছন্দ কৰা, হয়তো সেইটো তোমালোকৰ বাবে কল্যাণকৰ আৰু যিটোক তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ; আৰু আল্লাহে জানে তোমালোকে নাজানা।

يَسۡـَٔلُونَكَ عَنِ ٱلشَّهۡرِ ٱلۡحَرَامِ قِتَالٖ فِيهِۖ قُلۡ قِتَالٞ فِيهِ كَبِيرٞۚ وَصَدٌّ عَن سَبِيلِ ٱللَّهِ وَكُفۡرُۢ بِهِۦ وَٱلۡمَسۡجِدِ ٱلۡحَرَامِ وَإِخۡرَاجُ أَهۡلِهِۦ مِنۡهُ أَكۡبَرُ عِندَ ٱللَّهِۚ وَٱلۡفِتۡنَةُ أَكۡبَرُ مِنَ ٱلۡقَتۡلِۗ وَلَا يَزَالُونَ يُقَٰتِلُونَكُمۡ حَتَّىٰ يَرُدُّوكُمۡ عَن دِينِكُمۡ إِنِ ٱسۡتَطَٰعُواْۚ وَمَن يَرۡتَدِدۡ مِنكُمۡ عَن دِينِهِۦ فَيَمُتۡ وَهُوَ كَافِرٞ فَأُوْلَـٰٓئِكَ حَبِطَتۡ أَعۡمَٰلُهُمۡ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۖ وَأُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ

পৱিত্ৰ মাহত যুদ্ধ কৰা সম্পৰ্কে মানুহে তোমাক প্ৰশ্ন কৰে; কোৱা, ‘এনে মাহত যুদ্ধ কৰাটো কঠিন অপৰাধ। কিন্তু আল্লাহৰ পথত বাধা প্ৰদান কৰা, আল্লাহৰ লগত কুফৰী কৰা, মছজিদুল হাৰামত বাধা দিয়া আৰু ইয়াৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাটো আল্লাহৰ ওচৰত তাতোকৈ বেছি অপৰাধ; আৰু ফিতনা (শ্বিৰ্ক) হৈছে হত্যা কৰাতকৈও কঠিন অপৰাধ। (জানি থোৱা) যদি সিহঁত সক্ষম হয় তেন্তে তোমালোকক তোমালোকৰ (সুপ্ৰতিষ্ঠিত) দ্বীনৰ পৰা ওভতাই লৈ নোযোৱা পৰ্যন্ত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰি যাব। এতেকে তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰি কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে (জানি থোৱা) পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’।

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَٱلَّذِينَ هَاجَرُواْ وَجَٰهَدُواْ فِي سَبِيلِ ٱللَّهِ أُوْلَـٰٓئِكَ يَرۡجُونَ رَحۡمَتَ ٱللَّهِۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ

নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকেই আল্লাহৰ ৰহমত কামনা কৰে; আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

۞يَسۡـَٔلُونَكَ عَنِ ٱلۡخَمۡرِ وَٱلۡمَيۡسِرِۖ قُلۡ فِيهِمَآ إِثۡمٞ كَبِيرٞ وَمَنَٰفِعُ لِلنَّاسِ وَإِثۡمُهُمَآ أَكۡبَرُ مِن نَّفۡعِهِمَاۗ وَيَسۡـَٔلُونَكَ مَاذَا يُنفِقُونَۖ قُلِ ٱلۡعَفۡوَۗ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِ لَعَلَّكُمۡ تَتَفَكَّرُونَ

সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘দুয়োটাৰ মাজতে আছে মহাপাপ আৰু মানুহৰ বাবে (কিছু পৰিমাণ) উপকাৰো আছে; আৰু দুয়োটাৰে পাপ উপকাৰতকৈ বহু গুণে ডাঙৰ’। আৰু সিহঁতে তোমাক সোধে, সিহঁতে (আল্লাহৰ পথত) কি ব্যয় কৰিব? কোৱা, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’। এনেকৈয়ে আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-গৱেষণা কৰা,

فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۗ وَيَسۡـَٔلُونَكَ عَنِ ٱلۡيَتَٰمَىٰۖ قُلۡ إِصۡلَاحٞ لَّهُمۡ خَيۡرٞۖ وَإِن تُخَالِطُوهُمۡ فَإِخۡوَٰنُكُمۡۚ وَٱللَّهُ يَعۡلَمُ ٱلۡمُفۡسِدَ مِنَ ٱلۡمُصۡلِحِۚ وَلَوۡ شَآءَ ٱللَّهُ لَأَعۡنَتَكُمۡۚ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ

পৃথিৱী আৰু আখিৰাতৰ বিষয়ে। মানুহে তোমাক ইয়াতীমসকলৰ বিষয়ে প্ৰশ্ন কৰে; কোৱা, ‘সিহঁতৰ বাবে সুব্যৱস্থা কৰা উত্তম’। তোমালোকে যদি সিহঁতৰ লগত একেলগে থাকা তেন্তে সিহঁত তোমালোকৰে ভাই। আল্লাহে জানে কোন উপকাৰী আৰু কোন অনিষ্টকাৰী। আৰু আল্লাহে ইচ্ছা কৰিলে এই বিষয়ে নিশ্চয় তোমালোকক কষ্টত পেলাব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter

×

📱 Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now